المص1
আলিফ-লাম-মীম-চাদ।
كِتَابٌ أُنْزِلَ إِلَيْكَ فَلَا يَكُنْ فِي صَدْرِكَ حَرَجٌ مِنْهُ لِتُنْذِرَ بِهِ وَذِكْرَىٰ لِلْمُؤْمِنِينَ2
এই কিতাব তোমাৰ প্ৰতি অৱতীৰ্ণ কৰা হৈছে, যাতে এই সম্পৰ্কে তোমাৰ মনত কোনো সন্দেহ নাথাকে, আৰু যাতে তুমি ইয়াৰ দ্বাৰা (মানুহক) সতৰ্ক কৰিব পাৰা। ই মুমিনসকলৰ বাবে উপদেশ।
اتَّبِعُوا مَا أُنْزِلَ إِلَيْكُمْ مِنْ رَبِّكُمْ وَلَا تَتَّبِعُوا مِنْ دُونِهِ أَوْلِيَاءَ ۗ قَلِيلًا مَا تَذَكَّرُونَ3
তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত যি অৱতীৰ্ণ কৰা হৈছে, তোমালোকে তাৰ অনুসৰণ কৰা আৰু তেওঁৰ বাহিৰে আন কাকো অভিভাৱকৰূপে অনুসৰণ নকৰিবা। তোমালোকে খুব কমেই উপদেশ গ্ৰহণ কৰা।
وَكَمْ مِنْ قَرْيَةٍ أَهْلَكْنَاهَا فَجَاءَهَا بَأْسُنَا بَيَاتًا أَوْ هُمْ قَائِلُونَ4
আৰু এনেকুৱা বহুতো জনবসতি আমি ধ্বংস কৰিছো। দৰাচলতে সিহঁতৰ ওপৰত আমাৰ শাস্তি আপতিত হৈছিল কেতিয়াবা ৰাতি অথবা দ্বিপ্ৰহৰতেই যেতিয়া সিহঁত বিশ্ৰামৰত অৱস্থাত আছিল।
فَمَا كَانَ دَعْوَاهُمْ إِذْ جَاءَهُمْ بَأْسُنَا إِلَّا أَنْ قَالُوا إِنَّا كُنَّا ظَالِمِينَ5
এতেকে যেতিয়া আমাৰ শাস্তি সিহঁতৰ ওপৰত আপতিত হৈছিল, তেতিয়া সিহঁতৰ দাবী কেৱল এইটো আছিল যে, সিহঁতে কৈছিল, ‘নিশ্চয় আমি যালিম আছিলো’।
فَلَنَسْأَلَنَّ الَّذِينَ أُرْسِلَ إِلَيْهِمْ وَلَنَسْأَلَنَّ الْمُرْسَلِينَ6
এতেকে যিসকলৰ ওচৰত ৰাছুল প্ৰেৰণ কৰা হৈছিল অৱশ্যে আমি সিহঁতক সোধ-পোছ কৰিম আৰু ৰাছুল সকলোকো প্ৰশ্ন কৰিম।
فَلَنَقُصَّنَّ عَلَيْهِمْ بِعِلْمٍ ۖ وَمَا كُنَّا غَائِبِينَ7
এতেকে অৱশ্যে আমি সিহঁতৰ ওচৰত পূৰ্ণ জ্ঞানৰ সৈতে সিহঁতৰ কৰ্মসমূহ বিবৃত কৰিম, আৰু আমি অনুপস্থিত নাছিলো।
وَالْوَزْنُ يَوْمَئِذٍ الْحَقُّ ۚ فَمَنْ ثَقُلَتْ مَوَازِينُهُ فَأُولَٰئِكَ هُمُ الْمُفْلِحُونَ8
আৰু সেই দিনা পৰিমাপ হ’ব যথাযথ। এতেকে যিসকলৰ তুলাচনী গধুৰ হ’ব তেওঁলোকেই সফলতা অৰ্জন কৰিব।
وَمَنْ خَفَّتْ مَوَازِينُهُ فَأُولَٰئِكَ الَّذِينَ خَسِرُوا أَنْفُسَهُمْ بِمَا كَانُوا بِآيَاتِنَا يَظْلِمُونَ9
আৰু যিসকলৰ তুলাচনী পাতল হ’ব, সিহঁতেই হৈছে সেইসকল লোক, যিসকলে নিজেই নিজৰ ক্ষতি সাধিছে, যিহেতু সিহঁতে আমাৰ আয়াতসমূহৰ প্ৰতি অন্যায় কৰিছিল।
وَلَقَدْ مَكَّنَّاكُمْ فِي الْأَرْضِ وَجَعَلْنَا لَكُمْ فِيهَا مَعَايِشَ ۗ قَلِيلًا مَا تَشْكُرُونَ10
আৰু নিশ্চয় আমি তোমালোকক পৃথিৱীত প্ৰতিষ্ঠিত কৰিছো আৰু তাত তোমালোকৰ বাবে জীৱিকাৰ ব্যৱস্থাও কৰিছো; তোমালোকে খুবেই কম কৃতজ্ঞতা জ্ঞাপন কৰা।
وَلَقَدْ خَلَقْنَاكُمْ ثُمَّ صَوَّرْنَاكُمْ ثُمَّ قُلْنَا لِلْمَلَائِكَةِ اسْجُدُوا لِآدَمَ فَسَجَدُوا إِلَّا إِبْلِيسَ لَمْ يَكُنْ مِنَ السَّاجِدِينَ11
আৰু অৱশ্যে আমি তোমালোকক সৃষ্টি কৰিছো, তাৰ পিছত আমি তোমালোকক আকৃতি প্ৰদান কৰিছো, তাৰ পিছত আমি ফিৰিস্তাসকলক কৈছো, ‘আদমক ছাজদা কৰা’। ফলত ইবলীছৰ বাহিৰে সকলোৱে ছাজদা কৰিলে, সি ছাজদাকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’ল।
قَالَ مَا مَنَعَكَ أَلَّا تَسْجُدَ إِذْ أَمَرْتُكَ ۖ قَالَ أَنَا خَيْرٌ مِنْهُ خَلَقْتَنِي مِنْ نَارٍ وَخَلَقْتَهُ مِنْ طِينٍ12
তেওঁ ক’লে, ‘মই যেতিয়া তোমাক আদেশ দিলো তেতিয়া কিহে তোমাক নিবৃত্ত কৰিলে যে, তুমি ছাজদা নকৰিলা’? সি ক’লে, ‘মই তাতকৈ শ্ৰেষ্ঠ, তুমি মোক জুয়েৰে সৃষ্টি কৰিছা আৰু তাক সৃষ্টি কৰিছা বোকা মাটিৰে’।
قَالَ فَاهْبِطْ مِنْهَا فَمَا يَكُونُ لَكَ أَنْ تَتَكَبَّرَ فِيهَا فَاخْرُجْ إِنَّكَ مِنَ الصَّاغِرِينَ13
তেওঁ ক’লে, ‘তেন্তে তুমি ইয়াৰ পৰা নামি যোৱা, ইয়াত থাকি তুমি অহংকাৰ কৰিবা এইটো কেতিয়াও হ’ব নোৱাৰে। এতেকে তুমি ওলাই যোৱা, নিশ্চয় তুমি লাঞ্ছিতবোৰৰ অন্তৰ্ভুক্ত’।
قَالَ أَنْظِرْنِي إِلَىٰ يَوْمِ يُبْعَثُونَ14
সি ক’লে, ‘মোক তুমি সেই দিনলৈকে অৱকাশ দিয়া, যিদিনা সিহঁত পুনৰুত্থিত হ’ব’।
قَالَ إِنَّكَ مِنَ الْمُنْظَرِينَ15
তেওঁ ক’লে, ‘নিশ্চয় তুমি অৱকাশ প্ৰাপ্তসকলৰ অন্তৰ্ভুক্ত’।
قَالَ فَبِمَا أَغْوَيْتَنِي لَأَقْعُدَنَّ لَهُمْ صِرَاطَكَ الْمُسْتَقِيمَ16
সি ক’লে, ‘তুমি মোক পথভ্ৰষ্ট কৰাৰ কাৰণে মই অৱশ্যে তোমাৰ সৰল পথত মানুহৰ বাবে ৰৈ থাকিম’।
ثُمَّ لَآتِيَنَّهُمْ مِنْ بَيْنِ أَيْدِيهِمْ وَمِنْ خَلْفِهِمْ وَعَنْ أَيْمَانِهِمْ وَعَنْ شَمَائِلِهِمْ ۖ وَلَا تَجِدُ أَكْثَرَهُمْ شَاكِرِينَ17
‘তাৰ পিছত নিশ্চয় মই সিহঁতৰ ওচৰত আহিম সিহঁতৰ সন্মুখৰ পৰা আৰু সিহঁতৰ পিছফালৰ পৰা, সিহঁতৰ সোঁ ফালৰ পৰা আৰু সিহঁতৰ বাওঁ ফালৰ পৰা আৰু তুমি সিহঁতৰ অধিকাংশকেই কৃতজ্ঞৰূপে নাপাবা’।
قَالَ اخْرُجْ مِنْهَا مَذْءُومًا مَدْحُورًا ۖ لَمَنْ تَبِعَكَ مِنْهُمْ لَأَمْلَأَنَّ جَهَنَّمَ مِنْكُمْ أَجْمَعِينَ18
তেওঁ ক’লে, ‘ইয়াৰ পৰা লাঞ্ছিত অপমানিত হৈ ওলাই যা, মানুহৰ মাজত যিয়ে তোৰ অনুসৰণ কৰিব, নিশ্চয় মই তহঁত আটায়েৰে জাহান্নাম পূৰণ কৰিম’।
وَيَا آدَمُ اسْكُنْ أَنْتَ وَزَوْجُكَ الْجَنَّةَ فَكُلَا مِنْ حَيْثُ شِئْتُمَا وَلَا تَقْرَبَا هَٰذِهِ الشَّجَرَةَ فَتَكُونَا مِنَ الظَّالِمِينَ19
আৰু হে আদম! ‘তুমি আৰু তোমাৰ স্ত্ৰী জান্নাতত বসবাস কৰা, আৰু য’ৰ পৰা ইচ্ছা আহাৰ কৰা কিন্তু এই গছজোপাৰ ওচৰলৈকে নাযাবা, তেন্তে তোমালোক উভয়ে যালিমসকলৰ অন্তৰ্ভুক্ত হ’বা’।
فَوَسْوَسَ لَهُمَا الشَّيْطَانُ لِيُبْدِيَ لَهُمَا مَا وُورِيَ عَنْهُمَا مِنْ سَوْآتِهِمَا وَقَالَ مَا نَهَاكُمَا رَبُّكُمَا عَنْ هَٰذِهِ الشَّجَرَةِ إِلَّا أَنْ تَكُونَا مَلَكَيْنِ أَوْ تَكُونَا مِنَ الْخَالِدِينَ20
তাৰ পিছত সিহঁতৰ লজ্জাস্থান, যিটো সিহঁতৰ ওচৰত গোপন ৰখা হৈছিল সেয়া সিহঁতৰ ওচৰত প্ৰকাশ কৰাৰ বাবে চয়তানে সিহঁতক কুমন্ত্ৰণা দিলে আৰু ক’লে, ‘তোমালোকৰ প্ৰতিপালকে তোমালোকক এই গছজোপাৰ পৰা এই বাবেই নিষেধ কৰিছে যে, (এই গছজোপাৰ ফল খালে) তোমালোক উভয়ে ফিৰিস্তা হৈ যাবা অথবা তোমালোক স্থায়ীসকলৰ অন্তৰ্ভুক্ত হৈ যাবা’।
وَقَاسَمَهُمَا إِنِّي لَكُمَا لَمِنَ النَّاصِحِينَ21
আৰু সি সিহঁত উভয়ৰ ওচৰত শপত কৰি ক’লে, ‘নিশ্চয় মই তোমালোকৰ শুভাকাংক্ষীসকলৰ এজন’।
فَدَلَّاهُمَا بِغُرُورٍ ۚ فَلَمَّا ذَاقَا الشَّجَرَةَ بَدَتْ لَهُمَا سَوْآتُهُمَا وَطَفِقَا يَخْصِفَانِ عَلَيْهِمَا مِنْ وَرَقِ الْجَنَّةِ ۖ وَنَادَاهُمَا رَبُّهُمَا أَلَمْ أَنْهَكُمَا عَنْ تِلْكُمَا الشَّجَرَةِ وَأَقُلْ لَكُمَا إِنَّ الشَّيْطَانَ لَكُمَا عَدُوٌّ مُبِينٌ22
ফলত সি সিহঁতক প্ৰবঞ্চনাৰ দ্বাৰা পদস্খলিত কৰিলে। ইয়াৰ পিছত যেতিয়া সিহঁতে সেই গছৰ ফল খালে, তেতিয়া সিহঁতৰ লজ্জাস্থান সিহঁতৰ ওচৰত প্ৰকাশ হৈ গ’ল, আৰু সিহঁতে জান্নাতৰ পাতেৰে নিজকে আবৃত কৰিব ধৰিলে। তেতিয়া সিহঁতৰ প্ৰতিপালকে সিহঁতক মাতি ক’লে, ‘মই তোমালোকক এই গছজোপাৰ পৰা নিষেধ কৰা নাছিলোনে? আৰু মই তোমালোকক কোৱা নাছিলোনে যে, নিশ্চয় চয়তান তোমালোক উভয়ৰে প্ৰকাশ্য শত্ৰু?
قَالَا رَبَّنَا ظَلَمْنَا أَنْفُسَنَا وَإِنْ لَمْ تَغْفِرْ لَنَا وَتَرْحَمْنَا لَنَكُونَنَّ مِنَ الْخَاسِرِينَ23
সিহঁতে ক’লে, ‘হে আমাৰ ৰব! আমি নিজৰে প্ৰতি অন্যায় কৰিছো, আৰু যদি তুমি আমাক ক্ষমা কৰি নিদিয়া আৰু আমাৰ প্ৰতি দয়া নকৰা, তেন্তে নিশ্চয় আমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হম’।
قَالَ اهْبِطُوا بَعْضُكُمْ لِبَعْضٍ عَدُوٌّ ۖ وَلَكُمْ فِي الْأَرْضِ مُسْتَقَرٌّ وَمَتَاعٌ إِلَىٰ حِينٍ24
তেওঁ ক’লে, ‘তোমালোকে নামি যোৱা, তোমালোকে ইজনে সিজনৰ শত্ৰু আৰু পৃথিৱীত আছে তোমালোকৰ বাবে ক্ষণস্থায়ী বসবাস আৰু জীৱিকা’।
قَالَ فِيهَا تَحْيَوْنَ وَفِيهَا تَمُوتُونَ وَمِنْهَا تُخْرَجُونَ25
তেওঁ ক’লে, ‘তোমালোকে তাতেই জীৱন-যাপন কৰিবা আৰু তাতেই তোমালোক মৃত্যুবৰণ কৰিবা, আৰু তাৰ পৰাই তোমালোকক উলিয়াই আনা হ’ব’।
يَا بَنِي آدَمَ قَدْ أَنْزَلْنَا عَلَيْكُمْ لِبَاسًا يُوَارِي سَوْآتِكُمْ وَرِيشًا ۖ وَلِبَاسُ التَّقْوَىٰ ذَٰلِكَ خَيْرٌ ۚ ذَٰلِكَ مِنْ آيَاتِ اللَّهِ لَعَلَّهُمْ يَذَّكَّرُونَ26
হে আদম সন্তান! নিশ্চয় মই তোমালোকৰ বাবে পোছাক অৱতীৰ্ণ কৰিছো, তোমালোকৰ লজ্জাস্থান আবৃত কৰাৰ বাবে আৰু সৌন্দৰ্যৰ বাবে। কিন্তু তাক্বৱাৰ পোছাকেই হৈছে সৰ্বোত্তম। এইটো আল্লাহৰ নিদৰ্শনসমূহৰ অন্যতম, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।
يَا بَنِي آدَمَ لَا يَفْتِنَنَّكُمُ الشَّيْطَانُ كَمَا أَخْرَجَ أَبَوَيْكُمْ مِنَ الْجَنَّةِ يَنْزِعُ عَنْهُمَا لِبَاسَهُمَا لِيُرِيَهُمَا سَوْآتِهِمَا ۗ إِنَّهُ يَرَاكُمْ هُوَ وَقَبِيلُهُ مِنْ حَيْثُ لَا تَرَوْنَهُمْ ۗ إِنَّا جَعَلْنَا الشَّيَاطِينَ أَوْلِيَاءَ لِلَّذِينَ لَا يُؤْمِنُونَ27
হে আদম সন্তান! চয়তানে যেন তোমালোকক কোনো মতেই প্ৰলুব্ধ কৰিব নোৱাৰে—যিদৰে সি তোমালোকৰ পিতৃ-মাতৃক জান্নাতৰ পৰা উলিয়াইছিল, সি তেওঁলোকক তেওঁলোকৰ লজ্জাস্থান দেখুৱাৰ বাবে বিবস্ত্ৰ কৰিছিল। নিশ্চয় সি নিজে আৰু তাৰ দলে তোমালোকক এনে ঠাইৰ পৰা দেখে, য’ত তোমালোকে সিহঁতক নেদেখা। নিশ্চয় আমি চয়তানক সেইসকল লোকৰ অভিভাৱক কৰি দিছো যিসকলে ঈমান পোষণ নকৰে।
وَإِذَا فَعَلُوا فَاحِشَةً قَالُوا وَجَدْنَا عَلَيْهَا آبَاءَنَا وَاللَّهُ أَمَرَنَا بِهَا ۗ قُلْ إِنَّ اللَّهَ لَا يَأْمُرُ بِالْفَحْشَاءِ ۖ أَتَقُولُونَ عَلَى اللَّهِ مَا لَا تَعْلَمُونَ28
আৰু যেতিয়া সিহঁতে কোনো অশ্লীল আচৰণ কৰে তেতিয়া কয়, ‘আমি আমাৰ পূৰ্বপুৰুষসকলক এইদৰেই কৰা পাইছো, আৰু আল্লাহেও আমাক এইটোৱেই কৰাৰ নিৰ্দেশ দিছে’। কোৱা, ‘আল্লাহে কেতিয়াও অশ্লীলতাৰ নিৰ্দেশ নিদিয়ে। তোমালোকে আল্লাহৰ বিষয়ে এনে কথা কোৱা নেকি যিটো তোমালোকে নাজানা’?
قُلْ أَمَرَ رَبِّي بِالْقِسْطِ ۖ وَأَقِيمُوا وُجُوهَكُمْ عِنْدَ كُلِّ مَسْجِدٍ وَادْعُوهُ مُخْلِصِينَ لَهُ الدِّينَ ۚ كَمَا بَدَأَكُمْ تَعُودُونَ29
কোৱা, ‘মোৰ প্ৰতিপালকে ন্যায় বিচাৰৰ নিৰ্দেশ দিছে’। আৰু তোমালোকে প্ৰত্যেক ছাজদাৰ সময়ত বা ইবাদতত তোমালোকৰ লক্ষ্য কেৱল আল্লাহকেই নিৰ্ধাৰণ কৰা আৰু তেওঁৰেই আনুগত্যত বিশুদ্ধচিত্ত হৈ একনিষ্ঠভাৱে তেওঁকেই আহ্বান কৰা। তেওঁ তোমালোকক যেনেকৈ প্ৰথমবাৰ সৃষ্টি কৰিছে তোমালোকে সেইদৰেই উভতি আহিবা।
فَرِيقًا هَدَىٰ وَفَرِيقًا حَقَّ عَلَيْهِمُ الضَّلَالَةُ ۗ إِنَّهُمُ اتَّخَذُوا الشَّيَاطِينَ أَوْلِيَاءَ مِنْ دُونِ اللَّهِ وَيَحْسَبُونَ أَنَّهُمْ مُهْتَدُونَ30
এটা দলক তেওঁ হিদায়ত দিছে, আৰু আন এটা দলৰ ওপৰত পথভ্ৰষ্টতা সাব্যস্ত হৈছে। নিশ্চয় সিহঁতে আল্লাহক এৰি চয়তানক সিহঁতৰ অভিভাৱক-ৰূপে গ্ৰহণ কৰিছিল আৰু ধাৰণা কৰিছিল যে সিহঁতেই হিদায়তপ্ৰাপ্ত।
۞ يَا بَنِي آدَمَ خُذُوا زِينَتَكُمْ عِنْدَ كُلِّ مَسْجِدٍ وَكُلُوا وَاشْرَبُوا وَلَا تُسْرِفُوا ۚ إِنَّهُ لَا يُحِبُّ الْمُسْرِفِينَ31
হে আদম সন্তান! প্ৰত্যেক ছালাতৰ সময়ত তোমালোকে সুন্দৰ পোছাক পৰিধান কৰা। খোৱা আৰু পান কৰা কিন্তু অপচয় নকৰিবা। নিশ্চয় তেওঁ অপচয়কাৰীসকলক পছন্দ নকৰে।
قُلْ مَنْ حَرَّمَ زِينَةَ اللَّهِ الَّتِي أَخْرَجَ لِعِبَادِهِ وَالطَّيِّبَاتِ مِنَ الرِّزْقِ ۚ قُلْ هِيَ لِلَّذِينَ آمَنُوا فِي الْحَيَاةِ الدُّنْيَا خَالِصَةً يَوْمَ الْقِيَامَةِ ۗ كَذَٰلِكَ نُفَصِّلُ الْآيَاتِ لِقَوْمٍ يَعْلَمُونَ32
কোৱা, ‘আল্লাহে নিজ বান্দাসকলৰ বাবে যিবোৰ শোভা-সৌন্দৰ্যৰ বস্তু আৰু বিশুদ্ধ জীৱিকা সৃষ্টি কৰিছে সেয়া কোনে নিষিদ্ধ কৰিছে’? কোৱা, ‘পাৰ্থিৱ জীৱনত, বিশেষকৈ কিয়ামতৰ দিনা এইবোৰ তেওঁলোকৰ বাবে, যিসকলে ঈমান আনিছে’। এইদৰে আমি জ্ঞানী সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বিবৃত কৰো।
قُلْ إِنَّمَا حَرَّمَ رَبِّيَ الْفَوَاحِشَ مَا ظَهَرَ مِنْهَا وَمَا بَطَنَ وَالْإِثْمَ وَالْبَغْيَ بِغَيْرِ الْحَقِّ وَأَنْ تُشْرِكُوا بِاللَّهِ مَا لَمْ يُنَزِّلْ بِهِ سُلْطَانًا وَأَنْ تَقُولُوا عَلَى اللَّهِ مَا لَا تَعْلَمُونَ33
কোৱা, ‘নিশ্চয় মোৰ প্ৰতিপালকে প্ৰকাশ্য আৰু গোপন উভয় প্ৰকাৰ অশ্লীলতাক হাৰাম কৰিছে, আৰু (হাৰাম কৰিছে) পাপ আৰু অন্যায়ভাৱে সীমালংঘন আৰু কোনো বস্তুক আল্লাহৰ অংশীদাৰ স্থাপন কৰাক—যাৰ কোনো দলীল প্ৰমাণ আল্লাহে অৱতীৰ্ণ কৰা নাই; আৰু আল্লাহ সম্পৰ্কে এনে কোনো কথা কোৱাটোও (হাৰাম) যিটো তোমালোকে নাজানা’।
وَلِكُلِّ أُمَّةٍ أَجَلٌ ۖ فَإِذَا جَاءَ أَجَلُهُمْ لَا يَسْتَأْخِرُونَ سَاعَةً ۖ وَلَا يَسْتَقْدِمُونَ34
আৰু প্ৰত্যেক জাতিৰ বাবে এটা নিৰ্দিষ্ট সময় আছে। এতেকে যেতিয়া সিহঁতৰ নিৰ্দিষ্ট সময় আহিব তেতিয়া সিহঁতে এক পল পলম কৰিব নোৱাৰিব আৰু এটা মুহূৰ্তও আগুৱাই আনিব নোৱাৰিব।
يَا بَنِي آدَمَ إِمَّا يَأْتِيَنَّكُمْ رُسُلٌ مِنْكُمْ يَقُصُّونَ عَلَيْكُمْ آيَاتِي ۙ فَمَنِ اتَّقَىٰ وَأَصْلَحَ فَلَا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ35
হে আদম সন্তান! যদি তোমালোকৰ ওচৰত তোমালোকৰ মাজৰ পৰাই ৰাছুলসকল আহে, যিসকলে আমাৰ আয়াতসমূহ তোমালোকৰ ওচৰত বিবৃত কৰিব, তেতিয়া যিসকলে তাক্বৱা অৱলম্বন কৰিব আৰু নিজকে সংশোধন কৰিব, তেওঁলোকৰ কোনো ভয় নাথাকিব আৰু তেওঁলোক চিন্তিতও নহ’ব।
وَالَّذِينَ كَذَّبُوا بِآيَاتِنَا وَاسْتَكْبَرُوا عَنْهَا أُولَٰئِكَ أَصْحَابُ النَّارِ ۖ هُمْ فِيهَا خَالِدُونَ36
আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে আৰু সেই বিষয়ে অহংকাৰ কৰিছে, সিহঁতেই অগ্নিবাসী, তাত সিহঁত চিৰকাল থাকিব।
فَمَنْ أَظْلَمُ مِمَّنِ افْتَرَىٰ عَلَى اللَّهِ كَذِبًا أَوْ كَذَّبَ بِآيَاتِهِ ۚ أُولَٰئِكَ يَنَالُهُمْ نَصِيبُهُمْ مِنَ الْكِتَابِ ۖ حَتَّىٰ إِذَا جَاءَتْهُمْ رُسُلُنَا يَتَوَفَّوْنَهُمْ قَالُوا أَيْنَ مَا كُنْتُمْ تَدْعُونَ مِنْ دُونِ اللَّهِ ۖ قَالُوا ضَلُّوا عَنَّا وَشَهِدُوا عَلَىٰ أَنْفُسِهِمْ أَنَّهُمْ كَانُوا كَافِرِينَ37
এতেকে যি ব্যক্তি আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে অথবা তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰে সেইজনতকৈ ডাঙৰ যালিম আৰু কোন হ’ব পাৰে? সিহঁতৰ ভাগ্যত লিখিত অংশ সিহঁতে পাবই। অৱশেষত যেতিয়া আমাৰ ফিৰিস্তাসকল সিহঁতৰ জান কবজ কৰাৰ বাবে সিহঁতৰ ওচৰলৈ আহিব, তেতিয়া তেওঁলোকে সুধিব, ‘আল্লাহৰ বাহিৰে যিসকলক তোমালোকে আহ্বান কৰিছিলা সিহঁত এতিয়া ক’ত’? সিহঁতে ক’ব, ‘সিহঁত আমাৰ পৰা হেৰাই গৈছে’, আৰু সিহঁতে নিজেই নিজৰ বিপক্ষে সাক্ষী দিব যে, নিশ্চয় সিহঁত কাফিৰ আছিল।
قَالَ ادْخُلُوا فِي أُمَمٍ قَدْ خَلَتْ مِنْ قَبْلِكُمْ مِنَ الْجِنِّ وَالْإِنْسِ فِي النَّارِ ۖ كُلَّمَا دَخَلَتْ أُمَّةٌ لَعَنَتْ أُخْتَهَا ۖ حَتَّىٰ إِذَا ادَّارَكُوا فِيهَا جَمِيعًا قَالَتْ أُخْرَاهُمْ لِأُولَاهُمْ رَبَّنَا هَٰؤُلَاءِ أَضَلُّونَا فَآتِهِمْ عَذَابًا ضِعْفًا مِنَ النَّارِ ۖ قَالَ لِكُلٍّ ضِعْفٌ وَلَٰكِنْ لَا تَعْلَمُونَ38
আল্লাহে ক’ব, ‘তোমালোকৰ আগত যিবোৰ জ্বিন আৰু মানৱদল পাৰ হৈছে সিহঁতৰ লগত তোমালোকেও জুইত প্ৰৱেশ কৰা’। যেতিয়াই কোনো দল তাত প্ৰৱেশ কৰিব তেতিয়াই আন দলক সিহঁতে অভিসম্পাত কৰিব। অৱশেষত যেতিয়া সিহঁত সকলোৱে তাত একত্ৰিত হ’ব, তেতিয়া সিহঁতৰ পৰবৰ্তীসকলে পূৰ্বৱৰ্তীসকলৰ বিষয়ে ক’ব, ‘হে আমাৰ ৰব! ইহঁতেই আমাক বিভ্ৰান্ত কৰিছিল; সেয়ে ইহঁতক দ্বিগুণ জুইৰ শাস্তি দিয়া’। আল্লাহে ক’ব, ‘প্ৰত্যেকৰে বাবে আছে দ্বিগুণ শাস্তি কিন্তু তোমালোকে নাজানা’।
وَقَالَتْ أُولَاهُمْ لِأُخْرَاهُمْ فَمَا كَانَ لَكُمْ عَلَيْنَا مِنْ فَضْلٍ فَذُوقُوا الْعَذَابَ بِمَا كُنْتُمْ تَكْسِبُونَ39
আৰু সিহঁতৰ পূৰ্বৱৰ্তীসকলে পৰবৰ্তীসকলক ক’ব, আমাৰ ওপৰত তোমালোকৰ কোনো শ্ৰেষ্ঠত্ব নাই, গতিকে তোমালোকে যি অৰ্জন কৰিছিলা তাৰ বাবে এতিয়া শাস্তি ভোগ কৰা’।
إِنَّ الَّذِينَ كَذَّبُوا بِآيَاتِنَا وَاسْتَكْبَرُوا عَنْهَا لَا تُفَتَّحُ لَهُمْ أَبْوَابُ السَّمَاءِ وَلَا يَدْخُلُونَ الْجَنَّةَ حَتَّىٰ يَلِجَ الْجَمَلُ فِي سَمِّ الْخِيَاطِ ۚ وَكَذَٰلِكَ نَجْزِي الْمُجْرِمِينَ40
নিশ্চয় যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে আৰু সেই বিষয়ে অহংকাৰ কৰিছে, সিহঁতৰ বাবে আকাশৰ দুৱাৰ খোলা নহ’ব আৰু সিহঁতে জান্নাততো প্ৰৱেশ কৰিব নোৱাৰিব যেতিয়া লৈকে উট বেজীৰ জলাৰে নোসোমাব। এইদৰেই আমি অপৰাধীসকলক প্ৰতিফল দিওঁ।
لَهُمْ مِنْ جَهَنَّمَ مِهَادٌ وَمِنْ فَوْقِهِمْ غَوَاشٍ ۚ وَكَذَٰلِكَ نَجْزِي الظَّالِمِينَ41
সিহঁতৰ শয্যা হ’ব জাহান্নাম আৰু সিহঁতৰ ওপৰতো থাকিব জুইৰ আৱৰণ; আৰু এইদৰেই আমি যালিমসকলক প্ৰতিদান দিওঁ।
وَالَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ لَا نُكَلِّفُ نَفْسًا إِلَّا وُسْعَهَا أُولَٰئِكَ أَصْحَابُ الْجَنَّةِ ۖ هُمْ فِيهَا خَالِدُونَ42
আৰু যিসকলে ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, আমি কাৰো ওপৰত তাৰ ক্ষমতাৰ অতিৰিক্ত বোজা অৰ্পন নকৰো- তেওঁলোকেই জান্নাতবাসী, তাত তেওঁলোক স্থায়ী হ’ব।
وَنَزَعْنَا مَا فِي صُدُورِهِمْ مِنْ غِلٍّ تَجْرِي مِنْ تَحْتِهِمُ الْأَنْهَارُ ۖ وَقَالُوا الْحَمْدُ لِلَّهِ الَّذِي هَدَانَا لِهَٰذَا وَمَا كُنَّا لِنَهْتَدِيَ لَوْلَا أَنْ هَدَانَا اللَّهُ ۖ لَقَدْ جَاءَتْ رُسُلُ رَبِّنَا بِالْحَقِّ ۖ وَنُودُوا أَنْ تِلْكُمُ الْجَنَّةُ أُورِثْتُمُوهَا بِمَا كُنْتُمْ تَعْمَلُونَ43
আৰু আমি সিহঁতৰ অন্তৰৰ পৰা ঈৰ্ষা দূৰ কৰিম, সিহঁতৰ তলত নদীসমূহ প্ৰবাহিত হ’ব। সিহঁতে ক’ব, ‘যাৱতীয় প্ৰশংসা আল্লাহৰ বাবে যিজনে আমাক এই পথৰ হিদায়ত কৰিছে। আল্লাহে আমাক হিদায়ত নকৰিলে, আমি কেতিয়াও হিদায়ত নাপালোহেঁতেন। নিশ্চয় আমাৰ প্ৰতিপালকৰ ৰাছুলসকলে সত্য লৈ আহিছিল’। আৰু সিহঁতক সম্বোধন কৰি কোৱা হ’ব, ‘তোমালোকে যি কৰিছিলা তাৰ বাবেই তোমালোকক এই জান্নাতৰ উত্তৰাধিকাৰী কৰা হৈছে’।
وَنَادَىٰ أَصْحَابُ الْجَنَّةِ أَصْحَابَ النَّارِ أَنْ قَدْ وَجَدْنَا مَا وَعَدَنَا رَبُّنَا حَقًّا فَهَلْ وَجَدْتُمْ مَا وَعَدَ رَبُّكُمْ حَقًّا ۖ قَالُوا نَعَمْ ۚ فَأَذَّنَ مُؤَذِّنٌ بَيْنَهُمْ أَنْ لَعْنَةُ اللَّهِ عَلَى الظَّالِمِينَ44
আৰু জান্নাতীসকলে জাহান্নামীসকলক সম্বোধন কৰি ক’ব, ‘আমাৰ প্ৰতিপালকে আমাৰ লগত যি প্ৰতিশ্ৰুতি কৰিছিল সেয়া আমি সঁচাকৈয়ে পাইছো। কিন্তু তোমালোকৰ প্ৰতিপালকে তোমালোকক যি প্ৰতিশ্ৰুতি দিছিল সেয়া তোমালোকে সঁচাকৈয়ে পাইছানে? সিহঁতে ক’ব, ‘হয়’। তাৰ পিছত এজন ঘোষণাকাৰীয়ে সিহঁতৰ মাজত ঘোষণা কৰি ক’ব, ‘যালিমসকলৰ ওপৰত আল্লাহৰ লানত--
الَّذِينَ يَصُدُّونَ عَنْ سَبِيلِ اللَّهِ وَيَبْغُونَهَا عِوَجًا وَهُمْ بِالْآخِرَةِ كَافِرُونَ45
‘যিসকলে আল্লাহৰ পথত প্ৰতিবন্ধকতা সৃষ্টি কৰিছিল আৰু সেই পথত বক্ৰতা অনুসন্ধান কৰি ফুৰিছিল; আৰু সিহঁত আছিল আখিৰাতক অস্বীকাৰকাৰী’।
وَبَيْنَهُمَا حِجَابٌ ۚ وَعَلَى الْأَعْرَافِ رِجَالٌ يَعْرِفُونَ كُلًّا بِسِيمَاهُمْ ۚ وَنَادَوْا أَصْحَابَ الْجَنَّةِ أَنْ سَلَامٌ عَلَيْكُمْ ۚ لَمْ يَدْخُلُوهَا وَهُمْ يَطْمَعُونَ46
আৰু সিহঁত উভয়ৰ মাজত থাকিব পৰ্দা, আৰু আ’ৰাফৰ মাজত থাকিব কিছুমান লোক, যিসকলে প্ৰত্যেককে তাৰ চিহ্নৰ দ্বাৰা চিনি পাব। সিহঁতে জান্নাতবাসীসকলক সম্বোধন কৰি ক’ব, ‘ছালাম বৰ্ষিত হওঁক তোমালোকৰ ওপৰত’। সিহঁত তেতিয়ালৈকে জান্নাতত প্ৰৱেশ কৰা নাই কিন্তু আকাংক্ষা কৰে।
۞ وَإِذَا صُرِفَتْ أَبْصَارُهُمْ تِلْقَاءَ أَصْحَابِ النَّارِ قَالُوا رَبَّنَا لَا تَجْعَلْنَا مَعَ الْقَوْمِ الظَّالِمِينَ47
আৰু যেতিয়া সিহঁতৰ দৃষ্টি জাহান্নামীসকলৰ ফালে ঘূৰাই দিয়া হ’ব, তেতিয়া সিহঁতে ক’ব, ‘হে আমাৰ ৰব! আমাক কেতিয়াও যালিম সম্প্ৰদায়ৰ সঙ্গী নকৰিবা’।
وَنَادَىٰ أَصْحَابُ الْأَعْرَافِ رِجَالًا يَعْرِفُونَهُمْ بِسِيمَاهُمْ قَالُوا مَا أَغْنَىٰ عَنْكُمْ جَمْعُكُمْ وَمَا كُنْتُمْ تَسْتَكْبِرُونَ48
আৰু আ’ৰাফবাসীসকলে এনেকুৱা লোকসকলক মাতিব, যিসকলক সিহঁতে সিহঁতৰ চিহ্নৰ দ্বাৰা চিনি পাব। সিহঁতে ক’ব, ‘তোমালোকৰ দল আৰু তোমালোকৰ অহংকাৰ কোনো কামত নাহিল’।
أَهَٰؤُلَاءِ الَّذِينَ أَقْسَمْتُمْ لَا يَنَالُهُمُ اللَّهُ بِرَحْمَةٍ ۚ ادْخُلُوا الْجَنَّةَ لَا خَوْفٌ عَلَيْكُمْ وَلَا أَنْتُمْ تَحْزَنُونَ49
চোৱাচোন! এওঁলোকেই সেইসকল লোকনে? যিসকলৰ বিষয়ে তোমালোকে শপত খাই কৈছিলা যে, ‘আল্লাহে সিহঁতক ৰহমত নকৰিব’; (এওঁলোককেই কোৱা হ’ব) ‘তোমালোকে জান্নাতত প্ৰৱেশ কৰা, তোমালোকৰ কোনো ভয় নাই আৰু তোমালোকে চিন্তিতও নহ’বা’।
وَنَادَىٰ أَصْحَابُ النَّارِ أَصْحَابَ الْجَنَّةِ أَنْ أَفِيضُوا عَلَيْنَا مِنَ الْمَاءِ أَوْ مِمَّا رَزَقَكُمُ اللَّهُ ۚ قَالُوا إِنَّ اللَّهَ حَرَّمَهُمَا عَلَى الْكَافِرِينَ50
জাহান্নামীসকলে জান্নাতীসকলক সম্বোধন কৰি ক’ব, ‘আমাৰ ওপৰত অকণমান পানী ঢালি দিয়া নাইবা আল্লাহে তোমালোকক যি জীৱিকা দান কৰিছে তাৰ পৰা অলপ দিয়া’। সিহঁতে ক’ব, ‘নিশ্চয় আল্লাহে এই দুটা কাফিৰসকলৰ বাবে হাৰাম কৰিছে’।
الَّذِينَ اتَّخَذُوا دِينَهُمْ لَهْوًا وَلَعِبًا وَغَرَّتْهُمُ الْحَيَاةُ الدُّنْيَا ۚ فَالْيَوْمَ نَنْسَاهُمْ كَمَا نَسُوا لِقَاءَ يَوْمِهِمْ هَٰذَا وَمَا كَانُوا بِآيَاتِنَا يَجْحَدُونَ51
যিসকলে সিহঁতৰ দ্বীনক খেল-ধেমালিৰূপে গ্ৰহণ কৰিছিল, আৰু পাৰ্থিৱ জীৱনে যিসকলক প্ৰতাৰিত কৰিছিল। এতেকে আজি আমি সিহঁতক (জাহান্নামত) এৰি দিম, যেনেকৈ সিহঁতে সিহঁতৰ এই দিনৰ সাক্ষাতৰ বাবে আমল কৰা এৰি দিছিল, আৰু (যেনেকৈ) সিহঁতে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল।
وَلَقَدْ جِئْنَاهُمْ بِكِتَابٍ فَصَّلْنَاهُ عَلَىٰ عِلْمٍ هُدًى وَرَحْمَةً لِقَوْمٍ يُؤْمِنُونَ52
আৰু নিশ্চয় আমি সিহঁতৰ ওচৰত লৈ আহিছো এনে এখন কিতাপ, যিটো আমি জ্ঞানৰ ভিত্তিত বিশদভাৱে ব্যাখ্যা কৰিছো, আৰু যিটো মুমিন সম্প্ৰদায়ৰ বাবে হিদায়ত আৰু ৰহমতস্বৰূপ।
هَلْ يَنْظُرُونَ إِلَّا تَأْوِيلَهُ ۚ يَوْمَ يَأْتِي تَأْوِيلُهُ يَقُولُ الَّذِينَ نَسُوهُ مِنْ قَبْلُ قَدْ جَاءَتْ رُسُلُ رَبِّنَا بِالْحَقِّ فَهَلْ لَنَا مِنْ شُفَعَاءَ فَيَشْفَعُوا لَنَا أَوْ نُرَدُّ فَنَعْمَلَ غَيْرَ الَّذِي كُنَّا نَعْمَلُ ۚ قَدْ خَسِرُوا أَنْفُسَهُمْ وَضَلَّ عَنْهُمْ مَا كَانُوا يَفْتَرُونَ53
সিহঁতে কেৱল সেই পৰিণামৰ অপেক্ষা কৰে নেকি? যিদিনা সেই পৰিণাম প্ৰকাশ পাব, সেইদিনা যিসকলে আগতে ইয়াৰ কথা পাহৰি গৈছিল, সিহঁতে ক’ব, ‘আমাৰ প্ৰতিপালকৰ ৰাছুলসকলে সত্য বাণী লৈ আহিছিল, আমাৰ বাবে এনে কোনো ছুপাৰিছকাৰী আছে নেকি যিয়ে আমাৰ বাবে ছুপাৰিছ কৰিব অথবা আমাক আকৌ উভতি যোৱাৰ অৱকাশ দিয়া হ’ব—যাতে আমি আগতে যি কৰিছো তাতকৈ বেলেগ কিবা কৰিব পাৰো’? নিশ্চয় সিহঁতে নিজেই নিজৰ ক্ষতি সাধন কৰিছে আৰু সিহঁতে যি মিছা ৰচনা কৰিছিল, সেয়া সিহঁতৰ পৰা বিলুপ্ত হৈ গৈছে।
إِنَّ رَبَّكُمُ اللَّهُ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ فِي سِتَّةِ أَيَّامٍ ثُمَّ اسْتَوَىٰ عَلَى الْعَرْشِ يُغْشِي اللَّيْلَ النَّهَارَ يَطْلُبُهُ حَثِيثًا وَالشَّمْسَ وَالْقَمَرَ وَالنُّجُومَ مُسَخَّرَاتٍ بِأَمْرِهِ ۗ أَلَا لَهُ الْخَلْقُ وَالْأَمْرُ ۗ تَبَارَكَ اللَّهُ رَبُّ الْعَالَمِينَ54
নিশ্চয় তোমালোকৰ ৰব আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱী ছয় দিনত সৃষ্টি কৰিছে, তাৰ পিছত তেওঁ আৰশ্বৰ ওপৰত উঠিছে। তেৱেঁই দিনক ৰাতিৰে আচ্ছন্ন কৰে। প্ৰত্যেকটোৱে এটাই আনটোক দ্ৰুতগতিত অনুসৰণ কৰে। সূৰ্য, চন্দ্ৰ আৰু নক্ষত্ৰসমূহ, যিবোৰ তেওঁৰ আদেশৰেই অনুগত। জানি থোৱা, সৃজন আৰু আদেশ কেৱল তেওঁৰেই। সৃষ্টিজগতৰ ৰব আল্লাহ কিমান বৰকতময়!
ادْعُوا رَبَّكُمْ تَضَرُّعًا وَخُفْيَةً ۚ إِنَّهُ لَا يُحِبُّ الْمُعْتَدِينَ55
তোমালোকে বিনিতভাৱে আৰু গোপনে নিজ প্ৰতিপালকক আহ্বান কৰা; নিশ্চয় তেওঁ সীমালংঘনকাৰী সকলক পছন্দ নকৰে।
وَلَا تُفْسِدُوا فِي الْأَرْضِ بَعْدَ إِصْلَاحِهَا وَادْعُوهُ خَوْفًا وَطَمَعًا ۚ إِنَّ رَحْمَتَ اللَّهِ قَرِيبٌ مِنَ الْمُحْسِنِينَ56
আৰু পৃথিৱীত শান্তি স্থাপনৰ পিছত তোমালোকে তাত বিপৰ্যয় সৃষ্টি নকৰিবা; আৰু আল্লাহক ভয় আৰু আশাৰ সৈতে প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহৰ অনুগ্ৰহ সৎকৰ্মশীলসকলৰ অতি নিকটৱৰ্তী।
وَهُوَ الَّذِي يُرْسِلُ الرِّيَاحَ بُشْرًا بَيْنَ يَدَيْ رَحْمَتِهِ ۖ حَتَّىٰ إِذَا أَقَلَّتْ سَحَابًا ثِقَالًا سُقْنَاهُ لِبَلَدٍ مَيِّتٍ فَأَنْزَلْنَا بِهِ الْمَاءَ فَأَخْرَجْنَا بِهِ مِنْ كُلِّ الثَّمَرَاتِ ۚ كَذَٰلِكَ نُخْرِجُ الْمَوْتَىٰ لَعَلَّكُمْ تَذَكَّرُونَ57
আৰু তেৱেঁই সেই সত্বা, যিজনে তেওঁৰ ৰহমতৰ (বৰষুণৰ) আগত সুসংবাদৰূপে বতাহ প্ৰবাহিত কৰে, অৱশেষত যেতিয়া সেই বতাহে গধুৰ মেঘ বহন কৰে, তেতিয়া আমি সেইটোক মৃত জনপদৰ ফালে চালিত কৰো, তাৰ পিছত আমি তাৰ পৰা পানী বৰ্ষাওঁ আৰু তাৰ দ্বাৰা আমি বিভিন্ন ধৰণৰ ফলমূল উৎপাদন কৰো। এইদৰেই আমি মৃতসকলক জীৱিত কৰিম, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।
وَالْبَلَدُ الطَّيِّبُ يَخْرُجُ نَبَاتُهُ بِإِذْنِ رَبِّهِ ۖ وَالَّذِي خَبُثَ لَا يَخْرُجُ إِلَّا نَكِدًا ۚ كَذَٰلِكَ نُصَرِّفُ الْآيَاتِ لِقَوْمٍ يَشْكُرُونَ58
আৰু উৎকৃষ্ট ভূমি- ইয়াৰ ফচল তাৰ প্ৰতিপালকৰ আদেশত উৎপন্ন হয়। আৰু যিটো নিকৃষ্ট, তাত কঠোৰ পৰিশ্ৰম নকৰালৈকে একোৱে নজন্মে। এইদৰে আমি কৃতজ্ঞ সম্প্ৰদায়ৰ বাবে নিদৰ্শনসমূহ বিভিন্নভাৱে বিৱৰণ কৰো।
لَقَدْ أَرْسَلْنَا نُوحًا إِلَىٰ قَوْمِهِ فَقَالَ يَا قَوْمِ اعْبُدُوا اللَّهَ مَا لَكُمْ مِنْ إِلَٰهٍ غَيْرُهُ إِنِّي أَخَافُ عَلَيْكُمْ عَذَابَ يَوْمٍ عَظِيمٍ59
নিশ্চয় আমি নূহক প্ৰেৰণ কৰিছিলো তেওঁৰ সম্প্ৰদায়ৰ ওচৰত। তাৰ পিছত তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! একমাত্ৰ আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। নিশ্চয় মই তোমালোকৰ ওপৰত মহাদিৱসৰ শাস্তিৰ আশংকা কৰি আছো’।
قَالَ الْمَلَأُ مِنْ قَوْمِهِ إِنَّا لَنَرَاكَ فِي ضَلَالٍ مُبِينٍ60
তেওঁৰ সম্প্ৰদায়ৰ প্ৰধানসকলে কৈছিল, ‘আমি তোমাক স্পষ্ট ভ্ৰষ্টতাৰ মাজত নিপতিত দেখি আছো’।
قَالَ يَا قَوْمِ لَيْسَ بِي ضَلَالَةٌ وَلَٰكِنِّي رَسُولٌ مِنْ رَبِّ الْعَالَمِينَ61
তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! মোৰ মাজত কোনো ভ্ৰষ্টতা নাই, বৰং মই কেৱল সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা এজন ৰাছুলহে’।
أُبَلِّغُكُمْ رِسَالَاتِ رَبِّي وَأَنْصَحُ لَكُمْ وَأَعْلَمُ مِنَ اللَّهِ مَا لَا تَعْلَمُونَ62
‘মই মোৰ প্ৰতিপালকৰ ৰিছালত (যিটো প্ৰদান কৰি মোক প্ৰেৰণ কৰা হৈছে সেয়া) তোমালোকৰ ওচৰত পৌঁচাই আছো আৰু তোমালোকৰ কল্যাণ কামনা কৰো। আৰু তোমালোকে যিবোৰ নাজানা সেয়া মই আল্লাহৰ পৰা জানো’।
أَوَعَجِبْتُمْ أَنْ جَاءَكُمْ ذِكْرٌ مِنْ رَبِّكُمْ عَلَىٰ رَجُلٍ مِنْكُمْ لِيُنْذِرَكُمْ وَلِتَتَّقُوا وَلَعَلَّكُمْ تُرْحَمُونَ63
তোমালোকে বিস্মিত হৈছা নেকি যে, তোমালোকৰেই এজনৰ মাধ্যমত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত উপদেশ আহিছে, যাতে তেওঁ তোমালোকক সতৰ্ক কৰে আৰু তোমালোকে তাক্বৱা অৱলম্বন কৰা আৰু যাতে তোমালোকে ৰহমতপ্ৰাপ্ত হোৱা?
فَكَذَّبُوهُ فَأَنْجَيْنَاهُ وَالَّذِينَ مَعَهُ فِي الْفُلْكِ وَأَغْرَقْنَا الَّذِينَ كَذَّبُوا بِآيَاتِنَا ۚ إِنَّهُمْ كَانُوا قَوْمًا عَمِينَ64
তথাপিও সিহঁতে তেওঁক মিছলীয়া বুলি ক’লে। ফলত তেওঁক আৰু তেওঁৰ সৈতে যিসকলে নাৱঁত আৰোহণ কৰিছিল আমি তেওঁলোকক উদ্ধাৰ কৰিছো আৰু যিসকলে আমাৰ আয়াতসমূহক মিছা প্ৰতিপন্ন কৰিছিল সিহঁতক আমি ডুবাই মাৰিছো। নিশ্চয় সিহঁত আছিল এটা অন্ধ সম্প্ৰদায়।
۞ وَإِلَىٰ عَادٍ أَخَاهُمْ هُودًا ۗ قَالَ يَا قَوْمِ اعْبُدُوا اللَّهَ مَا لَكُمْ مِنْ إِلَٰهٍ غَيْرُهُ ۚ أَفَلَا تَتَّقُونَ65
আৰু ‘আদ জাতিৰ ওচৰত সিহঁতৰ ভাই হূদক প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। (তথাপিও) তোমালোকে তাক্বৱা অৱলম্বন নকৰিবানে’?
قَالَ الْمَلَأُ الَّذِينَ كَفَرُوا مِنْ قَوْمِهِ إِنَّا لَنَرَاكَ فِي سَفَاهَةٍ وَإِنَّا لَنَظُنُّكَ مِنَ الْكَاذِبِينَ66
তেওঁৰ সম্প্ৰদায়ৰ কাফিৰ নেতৃবৃন্দই ক’লে, ‘আমাৰ দৃষ্টিত তুমি এজন নিৰ্বোধ মানুহ আৰু আমি তোমাক মিছলীয়াসকলৰ অন্তৰ্ভুক্ত গণ্য কৰো’।
قَالَ يَا قَوْمِ لَيْسَ بِي سَفَاهَةٌ وَلَٰكِنِّي رَسُولٌ مِنْ رَبِّ الْعَالَمِينَ67
তেওঁ ক’লে, ‘হে মোৰ সম্প্ৰদায়! মোৰ মাজত কোনো নিৰ্বুদ্ধিতা নাই, বৰং সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা মই এজন ৰাছুল’।
أُبَلِّغُكُمْ رِسَالَاتِ رَبِّي وَأَنَا لَكُمْ نَاصِحٌ أَمِينٌ68
‘মই মোৰ প্ৰতিপালকৰ ৰিছালত (যিটো প্ৰদান কৰি মোক প্ৰেৰণ কৰা হৈছে সেয়া) তোমালোকৰ ওচৰত পৌঁচাই আছো আৰু মই তোমালোকৰ এজন বিশ্বস্ত হিতাকাংক্ষী।
أَوَعَجِبْتُمْ أَنْ جَاءَكُمْ ذِكْرٌ مِنْ رَبِّكُمْ عَلَىٰ رَجُلٍ مِنْكُمْ لِيُنْذِرَكُمْ ۚ وَاذْكُرُوا إِذْ جَعَلَكُمْ خُلَفَاءَ مِنْ بَعْدِ قَوْمِ نُوحٍ وَزَادَكُمْ فِي الْخَلْقِ بَسْطَةً ۖ فَاذْكُرُوا آلَاءَ اللَّهِ لَعَلَّكُمْ تُفْلِحُونَ69
‘তোমালোকে বিস্মিত হৈছা নেকি যে, তোমালোকৰ ওচৰত তোমালোকৰেই এজনৰ মাধ্যমত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকক সতৰ্ক কৰাৰ বাবে উপদেশ আহিছে? আৰু স্মৰণ কৰা যে, আল্লাহে তোমালোকক নূহৰ সম্প্ৰদায়ৰ (ধ্বংসৰ) পিছত (তোমালোকৰ আগৰ লোকসকলৰ) স্থলাভিষিক্ত কৰিছে আৰু সৃষ্টিত (দৈহিক গঠনত) তোমালোকক বেছি পৰিমাণে হৃষ্টপুষ্ট- বলিষ্ঠ কৰিছে। গতিকে তোমালোকে আল্লাহৰ অনুগ্ৰহসমূহ স্মৰণ কৰা, যাতে তোমালোকে সফল হ’ব পাৰা’।
قَالُوا أَجِئْتَنَا لِنَعْبُدَ اللَّهَ وَحْدَهُ وَنَذَرَ مَا كَانَ يَعْبُدُ آبَاؤُنَا ۖ فَأْتِنَا بِمَا تَعِدُنَا إِنْ كُنْتَ مِنَ الصَّادِقِينَ70
সিহঁতে ক’লে, ‘তুমি আমাৰ ওচৰত এই উদ্দেশ্য লৈ আহিছা নেকি যে, আমি যাতে কেৱল এক আল্লাহৰ ইবাদত কৰো আৰু আমাৰ পিতৃপুৰুষসকলে যিবোৰৰ ইবাদত কৰিছিল সেইবোৰ এৰি দিওঁ? গতিকে যদি তুমি সত্যবাদী তেন্তে সেয়া লৈ আহা যিটোৰ পৰা তুমি আমাক ভয় দেখুৱাই আছা’।
قَالَ قَدْ وَقَعَ عَلَيْكُمْ مِنْ رَبِّكُمْ رِجْسٌ وَغَضَبٌ ۖ أَتُجَادِلُونَنِي فِي أَسْمَاءٍ سَمَّيْتُمُوهَا أَنْتُمْ وَآبَاؤُكُمْ مَا نَزَّلَ اللَّهُ بِهَا مِنْ سُلْطَانٍ ۚ فَانْتَظِرُوا إِنِّي مَعَكُمْ مِنَ الْمُنْتَظِرِينَ71
তেওঁ ক’লে, ‘তোমালোকৰ প্ৰতিপালকৰ শাস্তি আৰু ক্ৰোধ তোমালোকৰ ওপৰত নিৰ্ধাৰিত হৈয়ে আছে; কিন্তু তোমালোকে মোৰ লগত বিতৰ্কত লিপ্ত হ’ব বিচৰা নেকি এনে কিছুমান নাম সম্বন্ধে যিবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে ৰাখিছা, যি বিষয়ে আল্লাহে কোনো দলীল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই? গতিকে তোমালোকে অপেক্ষা কৰা, ময়ো তোমালোকৰ লগত অপেক্ষা কৰি আছো।
فَأَنْجَيْنَاهُ وَالَّذِينَ مَعَهُ بِرَحْمَةٍ مِنَّا وَقَطَعْنَا دَابِرَ الَّذِينَ كَذَّبُوا بِآيَاتِنَا ۖ وَمَا كَانُوا مُؤْمِنِينَ72
তাৰ পিছত আমি তেওঁক আৰু তেওঁৰ সঙ্গীসকলক আমাৰ অনুগ্ৰহত উদ্ধাৰ কৰিছিলো; আৰু আমাৰ আয়াতসমূহক যিসকলে অস্বীকাৰ কৰিছিল আৰু যিসকলে মুমিন নাছিল সিহঁতক নিৰ্মূল কৰিছিলো।
وَإِلَىٰ ثَمُودَ أَخَاهُمْ صَالِحًا ۗ قَالَ يَا قَوْمِ اعْبُدُوا اللَّهَ مَا لَكُمْ مِنْ إِلَٰهٍ غَيْرُهُ ۖ قَدْ جَاءَتْكُمْ بَيِّنَةٌ مِنْ رَبِّكُمْ ۖ هَٰذِهِ نَاقَةُ اللَّهِ لَكُمْ آيَةً ۖ فَذَرُوهَا تَأْكُلْ فِي أَرْضِ اللَّهِ ۖ وَلَا تَمَسُّوهَا بِسُوءٍ فَيَأْخُذَكُمْ عَذَابٌ أَلِيمٌ73
আৰু ছামূদ জাতিৰ ওচৰত সিহঁতৰ ভাতৃ ছলেহক প্ৰেৰণ কৰিছিলো। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। নিশ্চয় তোমালোকৰ ওচৰত তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট নিদৰ্শন আহিছে। এইজনী আল্লাহৰ উট, তোমালোকৰ বাবে নিদৰ্শনস্বৰূপ। এতেকে তোমালোকে ইয়াক আল্লাহৰ পৃথিৱীত চৰি ফুৰি খাবলৈ দিয়া আৰু তাইক কোনো ধৰণৰ কষ্ট নিদিবা, অন্যথা যন্ত্ৰণাদায়ক শাস্তিয়ে তোমালোকক আৱৰী ধৰিব’।
وَاذْكُرُوا إِذْ جَعَلَكُمْ خُلَفَاءَ مِنْ بَعْدِ عَادٍ وَبَوَّأَكُمْ فِي الْأَرْضِ تَتَّخِذُونَ مِنْ سُهُولِهَا قُصُورًا وَتَنْحِتُونَ الْجِبَالَ بُيُوتًا ۖ فَاذْكُرُوا آلَاءَ اللَّهِ وَلَا تَعْثَوْا فِي الْأَرْضِ مُفْسِدِينَ74
‘আৰু স্মৰণ কৰা, আদ জাতিৰ (ধ্বংসৰ) পিছত তেওঁ তোমালোকক (তোমালোকৰ আগৰ লোকসকলৰ) স্থলাভিষিক্ত কৰিছে, আৰু তেওঁ তোমালোকক পৃথিৱীত এনেকৈ প্ৰতিষ্ঠিত কৰিছে যে, তোমালোকে সমতল ভূমিত প্ৰসাদ নিৰ্মাণ কৰিব পাৰা আৰু পাহাৰ কাটি বাসগৃহ তৈয়াৰ কৰিব পাৰা। গতিকে তোমালোকে আল্লাহৰ অনুগ্ৰহ স্মৰণ কৰা আৰু পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰি নুফুৰিবা’।
قَالَ الْمَلَأُ الَّذِينَ اسْتَكْبَرُوا مِنْ قَوْمِهِ لِلَّذِينَ اسْتُضْعِفُوا لِمَنْ آمَنَ مِنْهُمْ أَتَعْلَمُونَ أَنَّ صَالِحًا مُرْسَلٌ مِنْ رَبِّهِ ۚ قَالُوا إِنَّا بِمَا أُرْسِلَ بِهِ مُؤْمِنُونَ75
তেওঁৰ সম্প্ৰদায়ৰ অহংকাৰী নেতাসকলে সেই সম্প্ৰদায়ৰ যিসকলে ঈমান আনিছিল- যিসকলক দুৰ্বল বুলি ভৱা হৈছিল তেওঁলোকক ক’লে, ‘তোমালোকে জানানে যে, ছলেহ তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত? তেওঁলোকে (উত্তৰত) ক’লে, ‘নিশ্চয় তেওঁ যি লৈ প্ৰেৰিত হৈছে, আমি তাৰ ওপৰত বিশ্বাসী’।
قَالَ الَّذِينَ اسْتَكْبَرُوا إِنَّا بِالَّذِي آمَنْتُمْ بِهِ كَافِرُونَ76
অহংকাৰীসকলে ক’লে, ‘নিশ্চয় তোমালোকে যাৰ কথাত বিশ্বাস কৰিছা আমি তাক অবিশ্বাস কৰো’।
فَعَقَرُوا النَّاقَةَ وَعَتَوْا عَنْ أَمْرِ رَبِّهِمْ وَقَالُوا يَا صَالِحُ ائْتِنَا بِمَا تَعِدُنَا إِنْ كُنْتَ مِنَ الْمُرْسَلِينَ77
তাৰ পিছত সিহঁতে সেই উটজনীক হত্যা কৰিলে আৰু আল্লাহৰ আদেশ অমান্য কৰিলে আৰু ক’লে, ‘হে ছলেহ! যদি তুমি (সঁচাই) ৰাছুলসকলৰ অন্তৰ্ভুক্ত তেন্তে তুমি আমাক যিটোৰ ভয় দেখুৱাইছা সেয়া লৈ আহা’।
فَأَخَذَتْهُمُ الرَّجْفَةُ فَأَصْبَحُوا فِي دَارِهِمْ جَاثِمِينَ78
তাৰ পিছত ভূমিকম্পই সিহঁতক আক্ৰান্ত কৰিলে, ফলত সিহঁতে নিজ নিজ ঘৰতে উবুৰি খাই পৰি (মৰি) থাকিল।
فَتَوَلَّىٰ عَنْهُمْ وَقَالَ يَا قَوْمِ لَقَدْ أَبْلَغْتُكُمْ رِسَالَةَ رَبِّي وَنَصَحْتُ لَكُمْ وَلَٰكِنْ لَا تُحِبُّونَ النَّاصِحِينَ79
ইয়াৰ পিছত তেওঁ সিহঁতৰ পৰা মুখ ঘূৰাই লৈ ক’লে, ‘হে মোৰ সম্প্ৰদায়! মই মোৰ প্ৰতিপালকৰ ৰিছালত (যিটো প্ৰদান কৰি মোক প্ৰেৰণ কৰা হৈছে সেয়া) তোমালোকৰ ওচৰত পৌঁচাই দিছিলো আৰু তোমালোকৰ কল্যাণ কামনা কৰিছিলো, কিন্তু তোমালোকেহে কল্যানকামীসকলক পছন্দ নকৰা’।
وَلُوطًا إِذْ قَالَ لِقَوْمِهِ أَتَأْتُونَ الْفَاحِشَةَ مَا سَبَقَكُمْ بِهَا مِنْ أَحَدٍ مِنَ الْعَالَمِينَ80
আৰু (আমিয়েই) লূতক প্ৰেৰণ কৰিছিলো। তেওঁ নিজ সম্প্ৰদায়ক কৈছিল, ‘তোমালোকে এনেকুৱা জঘন্য অশ্লীল কাম কৰি আছানে? যিটো তোমালোকৰ পূৰ্বে সৃষ্টিজগতৰ কোনেও কৰা নাই’।
إِنَّكُمْ لَتَأْتُونَ الرِّجَالَ شَهْوَةً مِنْ دُونِ النِّسَاءِ ۚ بَلْ أَنْتُمْ قَوْمٌ مُسْرِفُونَ81
‘নিশ্চয় তোমালোকে যৌন কামনা-তৃপ্তিৰ বাবে নাৰীসকলৰ পৰিবৰ্তে পুৰুষসকলৰ ওচৰত যোৱা, বৰং তোমালোক সীমালংঘনকাৰী সম্প্ৰদায়’।
وَمَا كَانَ جَوَابَ قَوْمِهِ إِلَّا أَنْ قَالُوا أَخْرِجُوهُمْ مِنْ قَرْيَتِكُمْ ۖ إِنَّهُمْ أُنَاسٌ يَتَطَهَّرُونَ82
উত্তৰত তেওঁৰ সম্প্ৰদায়ে কেৱল এই বুলি ক’লে, ‘এওঁলোকক তোমালোকৰ জনপদৰ পৰা উলিয়াই দিয়া, নিশ্চয় ইহঁত এনেকুৱা লোক যিসকলে অতি পৱিত্ৰ হ’ব বিচাৰে’।
فَأَنْجَيْنَاهُ وَأَهْلَهُ إِلَّا امْرَأَتَهُ كَانَتْ مِنَ الْغَابِرِينَ83
তাৰ পিছত আমি তেওঁক আৰু তেওঁৰ পৰিয়ালক উদ্ধাৰ কৰিছিলো কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে, তাই আছিল পিছত অৱস্থানকাৰী সকলৰ অন্তৰ্ভুক্ত।
وَأَمْطَرْنَا عَلَيْهِمْ مَطَرًا ۖ فَانْظُرْ كَيْفَ كَانَ عَاقِبَةُ الْمُجْرِمِينَ84
আৰু আমি সিহঁতৰ ওপৰত প্ৰবল ধাৰাষাৰ বৰষুণ বৰ্ষাইছিলো। এতেকে চোৱা, অপৰাধীসকলৰ পৰিণাম কেনেকুৱা আছিল।
وَإِلَىٰ مَدْيَنَ أَخَاهُمْ شُعَيْبًا ۗ قَالَ يَا قَوْمِ اعْبُدُوا اللَّهَ مَا لَكُمْ مِنْ إِلَٰهٍ غَيْرُهُ ۖ قَدْ جَاءَتْكُمْ بَيِّنَةٌ مِنْ رَبِّكُمْ ۖ فَأَوْفُوا الْكَيْلَ وَالْمِيزَانَ وَلَا تَبْخَسُوا النَّاسَ أَشْيَاءَهُمْ وَلَا تُفْسِدُوا فِي الْأَرْضِ بَعْدَ إِصْلَاحِهَا ۚ ذَٰلِكُمْ خَيْرٌ لَكُمْ إِنْ كُنْتُمْ مُؤْمِنِينَ85
আৰু মাদইয়ানবাসী সকলৰ ওচৰত সিহঁতৰ ভাতৃ ছুৱাইবক (প্ৰেৰণ কৰিছিলো)। তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা। তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ ওচৰত স্পষ্ট প্ৰমাণ আহি পাইছে। গতিকে তোমালোকে জোখ-মাপত ওজন পৰিপূৰ্ণ প্ৰদান কৰিবা, মানুহক সিহঁতৰ প্ৰাপ্য বস্তু কম নিদিবা, আৰু পৃথিৱীত শান্তি স্থাপনৰ পিছত বিপৰ্যয় সৃষ্টি নকৰিবা, এইটোৱেই তোমালোকৰ বাবে কল্যাণকৰ যদি তোমালোকে মুমিন হোৱা’।
وَلَا تَقْعُدُوا بِكُلِّ صِرَاطٍ تُوعِدُونَ وَتَصُدُّونَ عَنْ سَبِيلِ اللَّهِ مَنْ آمَنَ بِهِ وَتَبْغُونَهَا عِوَجًا ۚ وَاذْكُرُوا إِذْ كُنْتُمْ قَلِيلًا فَكَثَّرَكُمْ ۖ وَانْظُرُوا كَيْفَ كَانَ عَاقِبَةُ الْمُفْسِدِينَ86
‘আৰু তেওঁৰ প্ৰতি যিসকলে ঈমান আনিছে সিহঁতক ভয় দেখুৱাৰ বাবে, আল্লাহৰ পথৰ পৰা বাধা প্ৰদান কৰিবলৈ আৰু তাত বক্ৰতা অনুসন্ধান কৰিবলৈ তোমালোকে প্ৰতিটো পথত বহি নাথাকিবা। আৰু স্মৰণ কৰা, তোমালোকে যেতিয়া সংখ্যাত কম আছিলা, আল্লাহে তেতিয়া তোমালোকৰ সংখ্যা বৃদ্ধি কৰিছে আৰু লক্ষ্য কৰা বিপৰ্যয় সৃষ্টিকাৰী সকলৰ পৰিণাম কেনেকুৱা আছিল’।
وَإِنْ كَانَ طَائِفَةٌ مِنْكُمْ آمَنُوا بِالَّذِي أُرْسِلْتُ بِهِ وَطَائِفَةٌ لَمْ يُؤْمِنُوا فَاصْبِرُوا حَتَّىٰ يَحْكُمَ اللَّهُ بَيْنَنَا ۚ وَهُوَ خَيْرُ الْحَاكِمِينَ87
মই যি লৈ প্ৰেৰিত হৈছো তাত যদি তোমালোকৰ কোনো দলে ঈমান আনে আৰু কোনো দলে ঈমান পোষণ নকৰে, তেন্তে আল্লাহে আমাৰ মাজত ফয়চালা নকৰালৈকে ধৈৰ্য ধৰা, আৰু তেৱেঁই শ্ৰেষ্ঠ ফয়চালাকাৰী।
۞ قَالَ الْمَلَأُ الَّذِينَ اسْتَكْبَرُوا مِنْ قَوْمِهِ لَنُخْرِجَنَّكَ يَا شُعَيْبُ وَالَّذِينَ آمَنُوا مَعَكَ مِنْ قَرْيَتِنَا أَوْ لَتَعُودُنَّ فِي مِلَّتِنَا ۚ قَالَ أَوَلَوْ كُنَّا كَارِهِينَ88
তেওঁৰ সম্প্ৰদায়ৰ অহংকাৰী নেতাসকলে ক’লে, ‘হে ছুৱাইব! নিশ্চয় আমি তোমাক আৰু তোমাৰ লগত যিসকলে ঈমান আনিছে সিহঁতক আমাৰ জনপদৰ পৰা উলিয়াই দিম নাইবা তোমালোকে আমাৰ ধৰ্মাদৰ্শত উভতি আহিব লাগিব’। তেওঁ ক’লে, ‘যদিও আমি সেইটোক ঘৃণা কৰো তথাপিও (বাধ্য কৰাবানে)’?
قَدِ افْتَرَيْنَا عَلَى اللَّهِ كَذِبًا إِنْ عُدْنَا فِي مِلَّتِكُمْ بَعْدَ إِذْ نَجَّانَا اللَّهُ مِنْهَا ۚ وَمَا يَكُونُ لَنَا أَنْ نَعُودَ فِيهَا إِلَّا أَنْ يَشَاءَ اللَّهُ رَبُّنَا ۚ وَسِعَ رَبُّنَا كُلَّ شَيْءٍ عِلْمًا ۚ عَلَى اللَّهِ تَوَكَّلْنَا ۚ رَبَّنَا افْتَحْ بَيْنَنَا وَبَيْنَ قَوْمِنَا بِالْحَقِّ وَأَنْتَ خَيْرُ الْفَاتِحِينَ89
‘তোমালোকৰ ধৰ্মাদৰ্শৰ পৰা আল্লাহে আমাক উদ্ধাৰ কৰাৰ পিছতো যদি আমি তাত আকৌ উভতি যাওঁ তেন্তে আমি আল্লাহৰ ওপৰত মিছা কথা আৰোপ কৰা হ’ব। আমাৰ ৰব আল্লাহে ইচ্ছা নকৰিলে তাত উভতি যোৱা আমাৰ বাবে সমীচীন নহয়। আমাৰ প্ৰতিপালকে জ্ঞানৰ দ্বাৰা সকলো বস্তুকে পৰিব্যপ্ত কৰি আছে, আমি আল্লাহৰ ওপৰেই নিৰ্ভৰ কৰো। হে আমাৰ ৰব! আমাৰ আৰু আমাৰ সম্প্ৰদায়ৰ মাজত ন্যায়ভাৱে ফয়চালা কৰি দিয়া আৰু তুমিয়েই শ্ৰেষ্ঠ ফয়চালাকাৰী’।
وَقَالَ الْمَلَأُ الَّذِينَ كَفَرُوا مِنْ قَوْمِهِ لَئِنِ اتَّبَعْتُمْ شُعَيْبًا إِنَّكُمْ إِذًا لَخَاسِرُونَ90
আৰু তেওঁৰ সম্প্ৰদায়ৰ কাফিৰ নেতাসকলে ক’লে, ‘তোমালোকে যদি ছুৱাইবক অনুসৰণ কৰা তেন্তে নিশ্চয় তোমালোকে ক্ষতিগ্ৰস্ত হ’বা’।
فَأَخَذَتْهُمُ الرَّجْفَةُ فَأَصْبَحُوا فِي دَارِهِمْ جَاثِمِينَ91
তাৰ পিছত ভূমিকম্পই সিহঁতক আক্ৰান্ত কৰিলে। ফলত সিহঁত নিজ নিজ ঘৰতে উবুৰি খাই পৰি (মৰি) থাকিল।
الَّذِينَ كَذَّبُوا شُعَيْبًا كَأَنْ لَمْ يَغْنَوْا فِيهَا ۚ الَّذِينَ كَذَّبُوا شُعَيْبًا كَانُوا هُمُ الْخَاسِرِينَ92
ছুৱাইবক যিসকলে মিছলীয়া বুলি কৈছিল, এনে লাগে যেন সিহঁতে তাত বসবাসেই কৰা নাছিল। ছুৱাইবক যিসকলে মিছলীয়া বুলি কৈছিল সিহঁতেই ক্ষতিগ্ৰস্ত হৈছিল।
فَتَوَلَّىٰ عَنْهُمْ وَقَالَ يَا قَوْمِ لَقَدْ أَبْلَغْتُكُمْ رِسَالَاتِ رَبِّي وَنَصَحْتُ لَكُمْ ۖ فَكَيْفَ آسَىٰ عَلَىٰ قَوْمٍ كَافِرِينَ93
তাৰ পিছত তেওঁ সিহঁতৰ পৰা মুখ ঘূৰাই ল’লে আৰু ক’লে, ‘হে মোৰ সম্প্ৰদায়! মোৰ প্ৰতিপালকৰ ৰিছালত (প্ৰাপ্ত বাণী) মই তোমালোকৰ ওচৰত পৌঁচাই দিছো আৰু তোমালোকৰ কল্যাণ কামনা কৰিছো। এতেকে মই কাফিৰ সম্প্ৰদায়ৰ বাবে কেনেকৈ আক্ষেপ কৰিম’!
وَمَا أَرْسَلْنَا فِي قَرْيَةٍ مِنْ نَبِيٍّ إِلَّا أَخَذْنَا أَهْلَهَا بِالْبَأْسَاءِ وَالضَّرَّاءِ لَعَلَّهُمْ يَضَّرَّعُونَ94
আৰু আমি যি ঠাইতেই নবী প্ৰেৰণ কৰিছো সেই ঠাইৰ অধিবাসীসকলক অৰ্থ-সংকট আৰু দুখ-কষ্টৰ দ্বাৰা আক্ৰান্ত কৰিছো, যাতে সিহঁতে কাকুতি-মিনতি কৰে।
ثُمَّ بَدَّلْنَا مَكَانَ السَّيِّئَةِ الْحَسَنَةَ حَتَّىٰ عَفَوْا وَقَالُوا قَدْ مَسَّ آبَاءَنَا الضَّرَّاءُ وَالسَّرَّاءُ فَأَخَذْنَاهُمْ بَغْتَةً وَهُمْ لَا يَشْعُرُونَ95
তাৰ পিছত আমি বেয়া অৱস্থাক ভাল অৱস্থাৰে পৰিবৰ্তন কৰো। অৱশেষত সিহঁতে প্ৰাচুৰ্যৰ অধিকাৰী হয় আৰু কয়, ‘আমাৰ পূৰ্বপুৰুষ সকলেও সূখ-দুখ ভোগ কৰিছে’। তাৰ পিছত আমি হঠাৎ সিহঁতক এনেকৈ ধৰি পেলাওঁ যে, সিহঁতে উপলব্ধিও কৰিব নোৱাৰে।
وَلَوْ أَنَّ أَهْلَ الْقُرَىٰ آمَنُوا وَاتَّقَوْا لَفَتَحْنَا عَلَيْهِمْ بَرَكَاتٍ مِنَ السَّمَاءِ وَالْأَرْضِ وَلَٰكِنْ كَذَّبُوا فَأَخَذْنَاهُمْ بِمَا كَانُوا يَكْسِبُونَ96
আৰু যদি সেইবোৰ জনপদৰ অধিবাসীসকলে ঈমান আনিলেহেঁতেন আৰু তাক্বৱা অৱলম্বন কৰিলেহেঁতেন তেন্তে নিশ্চয় আমি সিহঁতৰ বাবে আকাশ আৰু পৃথিৱীৰ বৰকতসমূহ উন্মুক্ত কৰি দিলোহেঁতেন, কিন্তু সিহঁতে মিছা প্ৰতিপন্ন কৰিছিল; সেয়ে আমি সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতক আটক কৰিছো।
أَفَأَمِنَ أَهْلُ الْقُرَىٰ أَنْ يَأْتِيَهُمْ بَأْسُنَا بَيَاتًا وَهُمْ نَائِمُونَ97
জনপদৰ অধিবাসী বিলাকে ৰাতিৰ ভাগত সিহঁতৰ ওচৰত আমাৰ শাস্তি নাহিব বুলি নিৰাপদ হৈছে নেকি, যেতিয়া সিহঁত টোপনিত থাকিব?
أَوَأَمِنَ أَهْلُ الْقُرَىٰ أَنْ يَأْتِيَهُمْ بَأْسُنَا ضُحًى وَهُمْ يَلْعَبُونَ98
নে জনপদৰ অধিবাসীবিলাকে দিনৰ ভগত আমাৰ শাস্তি নাহিব বুলি নিশ্চিন্ত হৈছে, যেতিয়া সিহঁতে খেল-ধেমালিত মগ্ন থাকিব?
أَفَأَمِنُوا مَكْرَ اللَّهِ ۚ فَلَا يَأْمَنُ مَكْرَ اللَّهِ إِلَّا الْقَوْمُ الْخَاسِرُونَ99
সিহঁতে আল্লাহৰ কৌশলৰ পৰাও নিৰাপদ হৈছেনে? প্ৰকৃততে ক্ষতিগ্ৰস্ত সম্প্ৰদায়ৰ বাহিৰে কোনেও আল্লাহৰ কৌশলৰ পৰা (নিজকে) নিৰাপদ বুলি নাভাৱে।
أَوَلَمْ يَهْدِ لِلَّذِينَ يَرِثُونَ الْأَرْضَ مِنْ بَعْدِ أَهْلِهَا أَنْ لَوْ نَشَاءُ أَصَبْنَاهُمْ بِذُنُوبِهِمْ ۚ وَنَطْبَعُ عَلَىٰ قُلُوبِهِمْ فَهُمْ لَا يَسْمَعُونَ100
কোনো দেশৰ জনগণৰ পিছত যিসকলে সেই দেশৰ উত্তৰাধিকাৰী হয় সিহঁতৰ ওচৰত এইটো প্ৰতীয়মান হোৱা নাইনে যে, আমি ইচ্ছা কৰিলে সিহঁতৰ পাপকৰ্মৰ ফলত সিহঁতক শাস্তি দিব পাৰো? আৰু আমি সিহঁতৰ হৃদয়ত মোহৰ মাৰি দিম, ফলত সিহঁতে একো শুনা নাপাব।
تِلْكَ الْقُرَىٰ نَقُصُّ عَلَيْكَ مِنْ أَنْبَائِهَا ۚ وَلَقَدْ جَاءَتْهُمْ رُسُلُهُمْ بِالْبَيِّنَاتِ فَمَا كَانُوا لِيُؤْمِنُوا بِمَا كَذَّبُوا مِنْ قَبْلُ ۚ كَذَٰلِكَ يَطْبَعُ اللَّهُ عَلَىٰ قُلُوبِ الْكَافِرِينَ101
এইবোৰ জনপদৰ কিছু বিৱৰণ আমি তোমাৰ ওচৰত বৰ্ণনা কৰি আছো, সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণসহ আহিছিল; কিন্তু পূৰ্বে সিহঁতে যিটো মিছা বুলি অগ্ৰাহ্য কৰিছিল সেয়া দুনাই বিশ্বাস কৰিবলৈ সিহঁতে মান্তি নহয়। এইদৰেই আল্লাহে কাফিৰসকলৰ অন্তৰত মোহৰ মাৰি দিয়ে।
وَمَا وَجَدْنَا لِأَكْثَرِهِمْ مِنْ عَهْدٍ ۖ وَإِنْ وَجَدْنَا أَكْثَرَهُمْ لَفَاسِقِينَ102
আৰু আমি সিহঁতৰ অধিকাংশকেই প্ৰতিশ্ৰুতি ৰক্ষাকাৰী পোৱা নাই, বৰং আমি সিহঁতৰ অধিকাংশকেই ফাছিক্ব পাইছো।
ثُمَّ بَعَثْنَا مِنْ بَعْدِهِمْ مُوسَىٰ بِآيَاتِنَا إِلَىٰ فِرْعَوْنَ وَمَلَئِهِ فَظَلَمُوا بِهَا ۖ فَانْظُرْ كَيْفَ كَانَ عَاقِبَةُ الْمُفْسِدِينَ103
সিহঁতৰ পিছত আমি মুছাক আমাৰ নিদৰ্শনসহ ফিৰআউন আৰু তাৰ পৰিষদবৰ্গৰ ওচৰলৈ প্ৰেৰণ কৰিছিলো; কিন্তু সিহঁতে সেইবোৰৰ লগত অত্যাচাৰ কৰিছে। এতেকে বিপৰ্যয় সৃষ্টিকাৰীসকলৰ কি পৰিণাম হৈছিল সেয়া লক্ষ্য কৰি চোৱা।
وَقَالَ مُوسَىٰ يَا فِرْعَوْنُ إِنِّي رَسُولٌ مِنْ رَبِّ الْعَالَمِينَ104
মুছাই ক’লে, ‘হে ফিৰআউন! নিশ্চয় মই সৃষ্টিজগতৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত ৰাছুল’।
حَقِيقٌ عَلَىٰ أَنْ لَا أَقُولَ عَلَى اللَّهِ إِلَّا الْحَقَّ ۚ قَدْ جِئْتُكُمْ بِبَيِّنَةٍ مِنْ رَبِّكُمْ فَأَرْسِلْ مَعِيَ بَنِي إِسْرَائِيلَ105
‘এইটো স্থিৰ নিশ্চিত যে, মই আল্লাহ সম্বন্ধে সত্যৰ বাহিৰে একো নকওঁ। তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট নিদৰ্শন লৈ মই তোমালোকৰ ওচৰত আহিছো, সেয়ে বনী ইছৰাঈলক তুমি মোৰ লগত যাবলৈ দিয়া’।
قَالَ إِنْ كُنْتَ جِئْتَ بِآيَةٍ فَأْتِ بِهَا إِنْ كُنْتَ مِنَ الصَّادِقِينَ106
সি (ফিৰআউনে) ক’লে, ‘যদি তুমি কোনো নিদৰ্শন লৈ আহিছা, তেন্তে সেয়া পেচ কৰা যদি তুমি সত্যবাদী’।
فَأَلْقَىٰ عَصَاهُ فَإِذَا هِيَ ثُعْبَانٌ مُبِينٌ107
তেতিয়া মুছাই নিজৰ হাতৰ লাখুটিডাল নিক্ষেপ কৰিলে আৰু লগে লগে সেয়া এডাল অজগৰ সাপত পৰিণত হ’ল।
وَنَزَعَ يَدَهُ فَإِذَا هِيَ بَيْضَاءُ لِلنَّاظِرِينَ108
আৰু তেওঁ নিজৰ হাত বাহিৰলৈ উলিয়াই আনিলে আৰু লগে লগে সেয়া দৰ্শকৰ ওচৰত শুভ্ৰ উজ্জ্বল দৃষ্টিপাত হ’ল।
قَالَ الْمَلَأُ مِنْ قَوْمِ فِرْعَوْنَ إِنَّ هَٰذَا لَسَاحِرٌ عَلِيمٌ109
ফিৰআউন সম্প্ৰদায়ৰ নেতাসকলে ক’লে, ‘নিশ্চয় এওঁ এজন সুদক্ষ যাদুকৰ’,
يُرِيدُ أَنْ يُخْرِجَكُمْ مِنْ أَرْضِكُمْ ۖ فَمَاذَا تَأْمُرُونَ110
‘এওঁ তোমালোকক নিজ দেশৰ পৰা বহিষ্কাৰ কৰিব বিচাৰে, এতিয়া তোমালোকে কি পৰামৰ্শ দিয়া’?
قَالُوا أَرْجِهْ وَأَخَاهُ وَأَرْسِلْ فِي الْمَدَائِنِ حَاشِرِينَ111
সিহঁতে ক’লে, ‘তেওঁক আৰু তেওঁৰ ভাতৃক অলপ অৱকাশ দিয়ক, আৰু চহৰে-নগৰে সংগ্ৰাহকসকলক পঠাই দিয়ক’,
يَأْتُوكَ بِكُلِّ سَاحِرٍ عَلِيمٍ112
‘যাতে সিহঁতে আপোনাৰ ওচৰত প্ৰতিজন সুদক্ষ যাদুকৰক উপস্থিত কৰে’।
وَجَاءَ السَّحَرَةُ فِرْعَوْنَ قَالُوا إِنَّ لَنَا لَأَجْرًا إِنْ كُنَّا نَحْنُ الْغَالِبِينَ113
যাদুকৰসকলে ফিৰআউনৰ ওচৰত আহি ক’লে, ‘আমি যদি বিজয়ী হওঁ তেন্তে আমাৰ বাবে পুৰষ্কাৰ থাকিব নে নাই’?
قَالَ نَعَمْ وَإِنَّكُمْ لَمِنَ الْمُقَرَّبِينَ114
সি ক’লে, ‘হয়, নিশ্চয় তোমালোক মোৰ ঘনিষ্টসকলৰ অন্তৰ্ভুক্ত হ’বা’।
قَالُوا يَا مُوسَىٰ إِمَّا أَنْ تُلْقِيَ وَإِمَّا أَنْ نَكُونَ نَحْنُ الْمُلْقِينَ115
সিহঁতে ক’লে, ‘হে মুছা! তুমি (আগতে) নিক্ষেপ কৰিবা নে আমি (আগতে) নিক্ষেপ কৰিম’?
قَالَ أَلْقُوا ۖ فَلَمَّا أَلْقَوْا سَحَرُوا أَعْيُنَ النَّاسِ وَاسْتَرْهَبُوهُمْ وَجَاءُوا بِسِحْرٍ عَظِيمٍ116
তেওঁ (মুছাই) ক’লে, ‘তোমালোকেই নিক্ষেপ কৰা’। যেতিয়া সিহঁতে নিক্ষেপ কৰিলে, তেতিয়া সিহঁতে মানুহৰ চকুত যাদু কৰিলে, সিহঁতক আতংকিত কৰিলে আৰু এটা ডাঙৰ যাদু প্ৰদৰ্শন কৰিলে।
۞ وَأَوْحَيْنَا إِلَىٰ مُوسَىٰ أَنْ أَلْقِ عَصَاكَ ۖ فَإِذَا هِيَ تَلْقَفُ مَا يَأْفِكُونَ117
আৰু আমি মুছাৰ প্ৰতি অহী কৰিলো যে, ‘তুমি তোমাৰ লাখুটিডাল নিক্ষেপ কৰা’। লগে লগে সেইটোৱে সিহঁতে যি অলীক বস্তু বনাইছিল সেইবোৰক গিলি পেলাবলৈ ধৰিলে;
فَوَقَعَ الْحَقُّ وَبَطَلَ مَا كَانُوا يَعْمَلُونَ118
ফলত সত্য প্ৰতিষ্ঠিত হ’ল আৰু সিহঁতে যি কৰিছিল সেয়া বাতিল হৈ গ’ল।
فَغُلِبُوا هُنَالِكَ وَانْقَلَبُوا صَاغِرِينَ119
এতেকে সিহঁতে তাত পৰাজিত হ’ল আৰু লাঞ্ছিত হৈ উভতি গ’ল,
وَأُلْقِيَ السَّحَرَةُ سَاجِدِينَ120
আৰু যাদুকৰবিলাক ছাজদাৱনত হ’ল।
قَالُوا آمَنَّا بِرَبِّ الْعَالَمِينَ121
তেওঁলোকে ক’লে, ‘আমি ঈমান আনিলো সৃষ্টিজগতৰ প্ৰতিপালকৰ প্ৰতি’।
رَبِّ مُوسَىٰ وَهَارُونَ122
‘মুছা আৰু হাৰুনৰ ৰবৰ প্ৰতি’।
قَالَ فِرْعَوْنُ آمَنْتُمْ بِهِ قَبْلَ أَنْ آذَنَ لَكُمْ ۖ إِنَّ هَٰذَا لَمَكْرٌ مَكَرْتُمُوهُ فِي الْمَدِينَةِ لِتُخْرِجُوا مِنْهَا أَهْلَهَا ۖ فَسَوْفَ تَعْلَمُونَ123
ফিৰআউনে ক’লে, ‘কি! মই তোমালোকক অনুমতি দিয়াৰ আগতেই তোমালোকে ইয়াৰ ওপৰত ঈমান আনিলা? নিশ্চয় এইটো এটা চক্ৰান্ত; তোমালোকে এই চক্ৰান্ত কৰিছা নগৰবাসীসকলক ইয়াৰ পৰা উলিয়াই দিয়াৰ বাবে। এতেকে তোমালোকে অতিশীঘ্ৰে ইয়াৰ পৰিণাম জানিব পাৰিবা’।
لَأُقَطِّعَنَّ أَيْدِيَكُمْ وَأَرْجُلَكُمْ مِنْ خِلَافٍ ثُمَّ لَأُصَلِّبَنَّكُمْ أَجْمَعِينَ124
‘নিশ্চয় মই তোমালোকৰ হাত-ভৰি বিপৰীত ফালৰ পৰা কাটি টুকুৰা-টুকুৰ কৰি দিম; তাৰ পিছত অৱশ্যে মই তোমালোক আটাইকে শূলত দিম’।
قَالُوا إِنَّا إِلَىٰ رَبِّنَا مُنْقَلِبُونَ125
তেওঁলোকে ক’লে, ‘নিশ্চয় আমি আমাৰ ৰবৰ ওচৰলৈকেহে উভতি যাম;
وَمَا تَنْقِمُ مِنَّا إِلَّا أَنْ آمَنَّا بِآيَاتِ رَبِّنَا لَمَّا جَاءَتْنَا ۚ رَبَّنَا أَفْرِغْ عَلَيْنَا صَبْرًا وَتَوَفَّنَا مُسْلِمِينَ126
‘আৰু তুমি আমাক শাস্তি দিব ওলাইছা কেৱল এই বাবে যে, আমি আমাৰ প্ৰতিপালকৰ নিদৰ্শনৰ ওপৰত ঈমান আনিছো যেতিয়া সেয়া আমাৰ ওচৰত আহিছে। হে আমাৰ ৰব! আমাক পৰিপূৰ্ণ ধৈৰ্য দান কৰা আৰু মুছলিমৰূপে আমাক মৃত্যু দান কৰা’।
وَقَالَ الْمَلَأُ مِنْ قَوْمِ فِرْعَوْنَ أَتَذَرُ مُوسَىٰ وَقَوْمَهُ لِيُفْسِدُوا فِي الْأَرْضِ وَيَذَرَكَ وَآلِهَتَكَ ۚ قَالَ سَنُقَتِّلُ أَبْنَاءَهُمْ وَنَسْتَحْيِي نِسَاءَهُمْ وَإِنَّا فَوْقَهُمْ قَاهِرُونَ127
আৰু ফিৰআউন সম্প্ৰদায়ৰ নেতাসকলে ক’লে, ‘আপুনি মুছাক আৰু তেওঁৰ সম্প্ৰদায়ক পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰিবলৈ আৰু আপোনাক লগতে আপোনাৰ উপাস্যসমূহক বৰ্জন কৰিবলৈ এৰি দিব নেকি? সি ক’লে, ‘শীঘ্ৰেই আমি সিহঁতৰ পুত্ৰসকলক হত্যা কৰিম আৰু সিহঁতৰ নাৰীসকলক জীৱিত ৰাখিম। নিশ্চয় আমি সিহঁতৰ ওপৰত শক্তিধৰ’।
قَالَ مُوسَىٰ لِقَوْمِهِ اسْتَعِينُوا بِاللَّهِ وَاصْبِرُوا ۖ إِنَّ الْأَرْضَ لِلَّهِ يُورِثُهَا مَنْ يَشَاءُ مِنْ عِبَادِهِ ۖ وَالْعَاقِبَةُ لِلْمُتَّقِينَ128
মুছাই তেওঁৰ সম্প্ৰদায়ক ক’লে, ‘আল্লাহৰ ওচৰত সহায় প্ৰাৰ্থনা কৰা আৰু ধৈৰ্য ধৰা; নিশ্চয় পৃথিৱী আল্লাহৰেই। তেৱেঁই নিজ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা ইয়াৰ উত্তৰাধিকাৰী বনায়। আৰু শুভ পৰিণাম কেৱল মুত্তাক্বীসকলৰ বাবেই’।
قَالُوا أُوذِينَا مِنْ قَبْلِ أَنْ تَأْتِيَنَا وَمِنْ بَعْدِ مَا جِئْتَنَا ۚ قَالَ عَسَىٰ رَبُّكُمْ أَنْ يُهْلِكَ عَدُوَّكُمْ وَيَسْتَخْلِفَكُمْ فِي الْأَرْضِ فَيَنْظُرَ كَيْفَ تَعْمَلُونَ129
সিহঁতে ক’লে, ‘তুমি আমাৰ ওচৰত অহাৰ আগতেও আমি নিৰ্যাতিত হৈছো আৰু তুমি অহাৰ পিছতো’। তেওঁ ক’লে, ‘অতি সোনকালে তোমালোকৰ প্ৰতিপালকে তোমালোকৰ শত্ৰুক ধ্বংস কৰিব আৰু তেওঁ তোমালোকক পৃথিৱীত স্থলাভিষিক্ত কৰিব, তাৰ পিছত তোমালোকে কি কৰা সেয়া তেওঁ লক্ষ্য কৰিব’।
وَلَقَدْ أَخَذْنَا آلَ فِرْعَوْنَ بِالسِّنِينَ وَنَقْصٍ مِنَ الثَّمَرَاتِ لَعَلَّهُمْ يَذَّكَّرُونَ130
আৰু নিশ্চয় আমি ফিৰআউনৰ অনুসাৰীসকলক দুৰ্ভিক্ষ আৰু ফচলৰ ক্ষতিৰ দ্বাৰা আক্ৰান্ত কৰিছো, যাতে সিহঁতে উপদেশ গ্ৰহণ কৰে।
فَإِذَا جَاءَتْهُمُ الْحَسَنَةُ قَالُوا لَنَا هَٰذِهِ ۖ وَإِنْ تُصِبْهُمْ سَيِّئَةٌ يَطَّيَّرُوا بِمُوسَىٰ وَمَنْ مَعَهُ ۗ أَلَا إِنَّمَا طَائِرُهُمْ عِنْدَ اللَّهِ وَلَٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ131
এতেকে যেতিয়া সিহঁতৰ ওচৰত কোনো কল্যাণ আহিছিল, তেতিয়া সিহঁতে কৈছিল, ‘এইটো আমাৰ প্ৰাপ্য’। আৰু যেতিয়া কোনো অকল্যাণে স্পৰ্শ কৰিছিল তেতিয়া সিহঁতে মুছা আৰু তেওঁৰ সঙ্গীসকলক অমঙ্গল বুলি গণ্য কৰিছিল। সাৱধান! সিহঁতৰ অকল্যাণ কেৱল আল্লাহৰ নিয়ন্ত্ৰণত, কিন্তু সিহঁতৰ বহুতেই সেয়া নাজানে।
وَقَالُوا مَهْمَا تَأْتِنَا بِهِ مِنْ آيَةٍ لِتَسْحَرَنَا بِهَا فَمَا نَحْنُ لَكَ بِمُؤْمِنِينَ132
আৰু সিহঁতে কৈছিল, ‘আমাক যাদু কৰাৰ বাবে তুমি যিকোনো নিদৰ্শন আমাৰ ওচৰত লৈ নাহা কিয়, আমি তোমাৰ ওপৰত কেতিয়াও বিশ্বাস স্থাপন নকৰিম’।
فَأَرْسَلْنَا عَلَيْهِمُ الطُّوفَانَ وَالْجَرَادَ وَالْقُمَّلَ وَالضَّفَادِعَ وَالدَّمَ آيَاتٍ مُفَصَّلَاتٍ فَاسْتَكْبَرُوا وَكَانُوا قَوْمًا مُجْرِمِينَ133
তাৰ পিছত আমি সিহঁতৰ ওপৰত বিস্তাৰিত নিদৰ্শন হিচাপে ধুমুহা, পঙ্গপাল, ওকণি, ভেকুলী আৰু তেজ প্ৰেৰণ কৰিছো। ইয়াৰ পিছতো সিহঁতে অহংকাৰ কৰিলে; আৰু সিহঁত আছিল এটা অপৰাধী সম্প্ৰদায়।
وَلَمَّا وَقَعَ عَلَيْهِمُ الرِّجْزُ قَالُوا يَا مُوسَى ادْعُ لَنَا رَبَّكَ بِمَا عَهِدَ عِنْدَكَ ۖ لَئِنْ كَشَفْتَ عَنَّا الرِّجْزَ لَنُؤْمِنَنَّ لَكَ وَلَنُرْسِلَنَّ مَعَكَ بَنِي إِسْرَائِيلَ134
আৰু যেতিয়াই সিহঁতৰ ওপৰত শাস্তি আহিছিল তেতিয়াই সিহঁতে কৈছিল, ‘হে মুছা! তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে প্ৰাৰ্থনা কৰা তোমাৰ লগত তেওঁ যি অঙ্গীকাৰ কৰিছে সেই অনুযায়ী; যদি তুমি আমাৰ পৰা শাস্তি দূৰ কৰি দিব পাৰা তেন্তে আমি নিশ্চয় তোমাৰ ওপৰত ঈমান আনিম আৰু অৱশ্যে বনী ইছৰাঈলক তোমাৰ লগত যাবলৈ দিম’।
فَلَمَّا كَشَفْنَا عَنْهُمُ الرِّجْزَ إِلَىٰ أَجَلٍ هُمْ بَالِغُوهُ إِذَا هُمْ يَنْكُثُونَ135
ফলত যেতিয়াই আমি সিহঁতৰ পৰা শাস্তি দূৰ কৰি দিছিলো এটা নিৰ্দিষ্ট সময়ৰ বাবে যিটো সিহঁতৰ বাবে নিৰ্ধাৰিত আছিল, তেতিয়াই সিহঁতে সিহঁতৰ অঙ্গীকাৰ ভঙ্গ কৰিছিল।
فَانْتَقَمْنَا مِنْهُمْ فَأَغْرَقْنَاهُمْ فِي الْيَمِّ بِأَنَّهُمْ كَذَّبُوا بِآيَاتِنَا وَكَانُوا عَنْهَا غَافِلِينَ136
সেয়ে আমি সিহঁতৰ পৰা প্ৰতিশোধ লৈছো আৰু সিহঁতক অটল সাগৰত ডুবাই দিছো। কাৰণ সিহঁতে আমাৰ নিদৰ্শনক অস্বীকাৰ কৰিছিল আৰু এই সম্বন্ধে সিহঁত আছিল অমনোযোগী।
وَأَوْرَثْنَا الْقَوْمَ الَّذِينَ كَانُوا يُسْتَضْعَفُونَ مَشَارِقَ الْأَرْضِ وَمَغَارِبَهَا الَّتِي بَارَكْنَا فِيهَا ۖ وَتَمَّتْ كَلِمَتُ رَبِّكَ الْحُسْنَىٰ عَلَىٰ بَنِي إِسْرَائِيلَ بِمَا صَبَرُوا ۖ وَدَمَّرْنَا مَا كَانَ يَصْنَعُ فِرْعَوْنُ وَقَوْمُهُ وَمَا كَانُوا يَعْرِشُونَ137
আৰু যি সম্প্ৰদায়ক দুৰ্বল বুলি ভৱা হৈছিল সিহঁতক আমি আমাৰ কল্যাণপ্ৰাপ্ত ৰাজ্যৰ পূৱ আৰু পশ্চিমৰ উত্তৰাধিকাৰী কৰিলো; আৰু বনী ইছৰাঈল সম্পৰ্কে তোমাৰ প্ৰতিপালকৰ শুভ বাণী সত্যত পৰিণত হ’ল, যিহেতু সিহঁতে ধৈৰ্য ধৰিছিল; লগতে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ শিল্প আৰু যিবোৰ প্ৰসাদ সিহঁতে নিৰ্মাণ কৰিছিল সেয়া ধ্বংস কৰিছো।
وَجَاوَزْنَا بِبَنِي إِسْرَائِيلَ الْبَحْرَ فَأَتَوْا عَلَىٰ قَوْمٍ يَعْكُفُونَ عَلَىٰ أَصْنَامٍ لَهُمْ ۚ قَالُوا يَا مُوسَى اجْعَلْ لَنَا إِلَٰهًا كَمَا لَهُمْ آلِهَةٌ ۚ قَالَ إِنَّكُمْ قَوْمٌ تَجْهَلُونَ138
আৰু বনী ইছৰাঈলক আমিয়েই সাগৰ পাৰ কৰাই দিছো, তাৰ পিছত সিহঁতে মূৰ্তিপূজাত আসক্ত এটা জাতিৰ ওচৰত উপস্থিত হয়। সিহঁতে ক’লে, ‘হে মুছা! এওঁলোকৰ উপাস্যৰ দৰে আমাৰ বাবেও এজন উপাস্য স্থিৰ কৰি দিয়া’। তেওঁ ক’লে, ‘তোমালোক এটা মূৰ্খ সম্প্ৰদায়’।
إِنَّ هَٰؤُلَاءِ مُتَبَّرٌ مَا هُمْ فِيهِ وَبَاطِلٌ مَا كَانُوا يَعْمَلُونَ139
‘নিশ্চয় এইসকল লোক য’ত লিপ্ত হৈ আছে সেয়া ধ্বংসশীল আৰু সিহঁতে যি কৰি আছে সেয়াও অমূলক’।
قَالَ أَغَيْرَ اللَّهِ أَبْغِيكُمْ إِلَٰهًا وَهُوَ فَضَّلَكُمْ عَلَى الْعَالَمِينَ140
তেওঁ আৰু ক’লে, ‘মই আল্লাহৰ বাহিৰে তোমালোকৰ বাবে আন কোনো ইলাহ সন্ধান কৰিম নেকি অথচ তেৱেঁই তোমালোকক সৃষ্টিজগতৰ ওপৰত শ্ৰেষ্ঠত্ব প্ৰদান কৰিছে’?
وَإِذْ أَنْجَيْنَاكُمْ مِنْ آلِ فِرْعَوْنَ يَسُومُونَكُمْ سُوءَ الْعَذَابِ ۖ يُقَتِّلُونَ أَبْنَاءَكُمْ وَيَسْتَحْيُونَ نِسَاءَكُمْ ۚ وَفِي ذَٰلِكُمْ بَلَاءٌ مِنْ رَبِّكُمْ عَظِيمٌ141
আৰু স্মৰণ কৰা, যেতিয়া আমি তোমালোকক ফিৰআউনৰ অনুসাৰীসকলৰ হাতৰ পৰা উদ্ধাৰ কৰিছো, যিহঁতে তোমালোকক নিকৃষ্ট শাস্তি প্ৰদান কৰিছিল। সিহঁতে তোমালোকৰ পুত্ৰ সন্তানসকলক হত্যা কৰিছিল আৰু নাৰীসকলক জীৱিত ৰাখিছিল; ইয়াত আছিল তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা এটা মহা পৰীক্ষা।
۞ وَوَاعَدْنَا مُوسَىٰ ثَلَاثِينَ لَيْلَةً وَأَتْمَمْنَاهَا بِعَشْرٍ فَتَمَّ مِيقَاتُ رَبِّهِ أَرْبَعِينَ لَيْلَةً ۚ وَقَالَ مُوسَىٰ لِأَخِيهِ هَارُونَ اخْلُفْنِي فِي قَوْمِي وَأَصْلِحْ وَلَا تَتَّبِعْ سَبِيلَ الْمُفْسِدِينَ142
আৰু মুছাৰ বাবে আমি ত্ৰিশ ৰাতিৰ প্ৰতিশ্ৰুতি কৰিছিলো আৰু দহ যোগ কৰি সেয়া পূৰ্ণ কৰিছিলো। এইদৰে তেওঁৰ প্ৰতিপালকৰ নিৰ্ধাৰিত সময় চল্লিশ ৰাতিত পূৰ্ণ হৈছিল। মুছাই তেওঁৰ ভাতৃ হাৰুনক ক’লে, ‘মোৰ অনুপস্থিতিত মোৰ সম্প্ৰদায়ৰ মাজত তুমি মোৰ প্ৰতিনিধিত্ব কৰিবা, সংশোধন কৰিবা আৰু বিপৰ্যয় সৃষ্টিকাৰীসকলৰ পথ অনুসৰণ নকৰিবা’।
وَلَمَّا جَاءَ مُوسَىٰ لِمِيقَاتِنَا وَكَلَّمَهُ رَبُّهُ قَالَ رَبِّ أَرِنِي أَنْظُرْ إِلَيْكَ ۚ قَالَ لَنْ تَرَانِي وَلَٰكِنِ انْظُرْ إِلَى الْجَبَلِ فَإِنِ اسْتَقَرَّ مَكَانَهُ فَسَوْفَ تَرَانِي ۚ فَلَمَّا تَجَلَّىٰ رَبُّهُ لِلْجَبَلِ جَعَلَهُ دَكًّا وَخَرَّ مُوسَىٰ صَعِقًا ۚ فَلَمَّا أَفَاقَ قَالَ سُبْحَانَكَ تُبْتُ إِلَيْكَ وَأَنَا أَوَّلُ الْمُؤْمِنِينَ143
আৰু মুছাই যেতিয়া আমাৰ নিৰ্ধাৰিত সময়ত উপস্থিত হ’ল আৰু তেওঁৰ প্ৰতিপালকে তেওঁৰ লগত কথা পাতিলে, তেতিয়া তেওঁ ক’লে, ‘হে মোৰ ৰব! তুমি মোক দৰ্শন দিয়া, মই তোমাক দেখিম’। তেওঁ ক’লে, ‘তুমি মোক দেখিব নোৱাৰিবা। তুমি বৰং পাহাৰৰ ফালেই চোৱাচোন, সেইটো যদি নিজৰ ঠাইতে স্থিৰ থাকে তেনেহ’লে তুমি মোক দেখিব পাৰিবা’। যেতিয়া তেওঁৰ প্ৰতিপালকে পাহাৰত জ্যোতি প্ৰকাশ কৰিলে তেতিয়া ই পাহাৰক চূৰ্ণ-বিচূৰ্ণ কৰিলে আৰু মুছা সংজ্ঞাহীন হৈ পৰিলে। যেতিয়া তেওঁ জ্ঞান উভতি পালে তেতিয়া ক’লে, ‘মহিমাময় তুমি, মই অনুতপ্ত হৈ তোমাৰ ওচৰত তাওবা কৰিছো আৰু মুমিনসকলৰ মাজত ময়েই প্ৰথম’।
قَالَ يَا مُوسَىٰ إِنِّي اصْطَفَيْتُكَ عَلَى النَّاسِ بِرِسَالَاتِي وَبِكَلَامِي فَخُذْ مَا آتَيْتُكَ وَكُنْ مِنَ الشَّاكِرِينَ144
তেওঁ ক’লে, ‘হে মুছা! মই তোমাক মোৰ ৰিছালত আৰু বাক্যালাপৰ দ্বাৰা মানুহৰ ওপৰত নিৰ্বাচিত কৰিছো; সেয়ে মই তোমাক যি প্ৰদান কৰিলো সেয়া গ্ৰহণ কৰা আৰু কৃতজ্ঞতা জ্ঞাপনকাৰীসকলৰ অন্তৰ্ভু্ক্ত হোৱা’।
وَكَتَبْنَا لَهُ فِي الْأَلْوَاحِ مِنْ كُلِّ شَيْءٍ مَوْعِظَةً وَتَفْصِيلًا لِكُلِّ شَيْءٍ فَخُذْهَا بِقُوَّةٍ وَأْمُرْ قَوْمَكَ يَأْخُذُوا بِأَحْسَنِهَا ۚ سَأُرِيكُمْ دَارَ الْفَاسِقِينَ145
আৰু আমি তাৰ বাবে ফলকসমূহত সৰ্ব বিষয়ে উপদেশ আৰু সকলো বিষয়ৰ স্পষ্ট ব্যাখ্যা লিখি দিছো; গতিকে সেয়া দৃঢ়ভাৱে ধৰা আৰু তোমাৰ সম্প্ৰদায়ক ইয়াৰে যি উত্তম সেয়া গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়া। মই অনতিপলমে ফাছিক্বসকলৰ বাসস্থান তোমালোকক দেখুৱাম।
سَأَصْرِفُ عَنْ آيَاتِيَ الَّذِينَ يَتَكَبَّرُونَ فِي الْأَرْضِ بِغَيْرِ الْحَقِّ وَإِنْ يَرَوْا كُلَّ آيَةٍ لَا يُؤْمِنُوا بِهَا وَإِنْ يَرَوْا سَبِيلَ الرُّشْدِ لَا يَتَّخِذُوهُ سَبِيلًا وَإِنْ يَرَوْا سَبِيلَ الْغَيِّ يَتَّخِذُوهُ سَبِيلًا ۚ ذَٰلِكَ بِأَنَّهُمْ كَذَّبُوا بِآيَاتِنَا وَكَانُوا عَنْهَا غَافِلِينَ146
পৃথিৱীত যিসকলে অন্যায়ভাৱে অহংকাৰ কৰি ফুৰে সিহঁতক মই মোৰ নিদৰ্শনসমূহৰ পৰা নিশ্চয় আঁতৰত ৰাখিম। দৰাচলতে সিহঁতে প্ৰতিটো নিদৰ্শন দেখিলেও ঈমান পোষণ নকৰিব আৰু সিহঁতে সৎপথ দেখিলেও সেইটোক পথ বুলি গ্ৰহণ নকৰিব, কিন্তু সিহঁতে ভুল পথ দেখিলে সেইটোক পথ বুলি গ্ৰহণ কৰিব। এইটো এই বাবে যে, সিহঁতে আমাৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছে আৰু সেই সম্পৰ্কে সিহঁত আছিল অমনোযোগী।
وَالَّذِينَ كَذَّبُوا بِآيَاتِنَا وَلِقَاءِ الْآخِرَةِ حَبِطَتْ أَعْمَالُهُمْ ۚ هَلْ يُجْزَوْنَ إِلَّا مَا كَانُوا يَعْمَلُونَ147
আৰু যিসকলে আমাৰ নিদৰ্শনসমূহ আৰু আখিৰাতৰ সাক্ষাতক অস্বীকাৰ কৰিছে সিহঁতৰ কৃতকৰ্ম বিফল হৈছে। সিহঁতে যি কৰে সেই অনুপাতেই সিহঁতক প্ৰতিফল দিয়া হ’ব।
وَاتَّخَذَ قَوْمُ مُوسَىٰ مِنْ بَعْدِهِ مِنْ حُلِيِّهِمْ عِجْلًا جَسَدًا لَهُ خُوَارٌ ۚ أَلَمْ يَرَوْا أَنَّهُ لَا يُكَلِّمُهُمْ وَلَا يَهْدِيهِمْ سَبِيلًا ۘ اتَّخَذُوهُ وَكَانُوا ظَالِمِينَ148
আৰু মুছাৰ সম্প্ৰদায়ে তেওঁৰ অনুপস্থিতিত নিজৰ অলংকাৰেৰে এটা দামুৰী সাজিলে, এটা দেহ (ৰ দৰে প্ৰতিমা) যিটো ‘হাম্বা’ (গৰুৰ দৰে) শব্দ ওলাইছিল। সিহঁতে এইটো দেখা নাছিলনে যে, এইটোৱে সিহঁতৰ লগত কথা ক’ব নোৱাৰে আৰু সিহঁতক কোনো পথৰ সন্ধানো দিব নোৱাৰে? (তথাপিও) সিহঁতে ইয়াকেই উপাস্যৰূপে গ্ৰহণ কৰিলে আৰু সিহঁত আছিল যালিম।
وَلَمَّا سُقِطَ فِي أَيْدِيهِمْ وَرَأَوْا أَنَّهُمْ قَدْ ضَلُّوا قَالُوا لَئِنْ لَمْ يَرْحَمْنَا رَبُّنَا وَيَغْفِرْ لَنَا لَنَكُونَنَّ مِنَ الْخَاسِرِينَ149
আৰু সিহঁতে যেতিয়া অনুতপ্ত হ’ল আৰু দেখিলে যে, সিহঁতে বিপথগামী হৈ গৈছে, তেতিয়া সিহঁতে ক’লে, ‘আমাৰ প্ৰতিপালকে যদি আমাৰ প্ৰতি দয়া নকৰে আৰু আমাক ক্ষমা কৰি নিদিয়ে তেন্তে নিশ্চয় আমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।
وَلَمَّا رَجَعَ مُوسَىٰ إِلَىٰ قَوْمِهِ غَضْبَانَ أَسِفًا قَالَ بِئْسَمَا خَلَفْتُمُونِي مِنْ بَعْدِي ۖ أَعَجِلْتُمْ أَمْرَ رَبِّكُمْ ۖ وَأَلْقَى الْأَلْوَاحَ وَأَخَذَ بِرَأْسِ أَخِيهِ يَجُرُّهُ إِلَيْهِ ۚ قَالَ ابْنَ أُمَّ إِنَّ الْقَوْمَ اسْتَضْعَفُونِي وَكَادُوا يَقْتُلُونَنِي فَلَا تُشْمِتْ بِيَ الْأَعْدَاءَ وَلَا تَجْعَلْنِي مَعَ الْقَوْمِ الظَّالِمِينَ150
আৰু মুছাই যেতিয়া ক্ৰুদ্ধ আৰু বিক্ষুব্ধ হৈ নিজ সম্প্ৰদায়ৰ ওচৰত উভতি আহিলে, তেতিয়া ক’লে, ‘মোৰ অনুপস্থিতিত তোমালোকে মোৰ কিমান নিকৃষ্ট প্ৰতিনিধিত্ব কৰিছা! তোমালোকৰ প্ৰতিপালকৰ আদেশৰ আগতেই তোমালোকে খৰখেদা কৰিলানে’? এই বুলি তেওঁ ফলকসমূহ দলিয়াই পেলালে আৰু তেওঁৰ ভাতৃক চুলিত ধৰি নিজৰ পিনে টানি আনিব ধৰিলে। হাৰুনে ক’লে, ‘হে মোৰ সহোদৰ! মানুহে মোক দুৰ্বল বুলি ভাৱিছিল আৰু মোক প্ৰায় হত্যা কৰি পেলাইছিল। সেয়ে তুমি মোৰ লগত এনে আচৰণ নকৰিবা যি কৰিলে শত্ৰুসকলে আনন্দিত হয় আৰু মোক যালিমসকলৰ অন্তৰ্ভুক্ত বুলি নাভাৱিবা’।
قَالَ رَبِّ اغْفِرْ لِي وَلِأَخِي وَأَدْخِلْنَا فِي رَحْمَتِكَ ۖ وَأَنْتَ أَرْحَمُ الرَّاحِمِينَ151
মুছাই ক’লে, ‘হে মোৰ ৰব! মোক আৰু মোৰ ভাতৃক ক্ষমা কৰি দিয়া আৰু আমাক তোমাৰ ৰহমতৰ মাজত প্ৰৱেশ কৰোৱা; আৰু তুমিয়েই শ্ৰেষ্ঠ দয়ালু’।
إِنَّ الَّذِينَ اتَّخَذُوا الْعِجْلَ سَيَنَالُهُمْ غَضَبٌ مِنْ رَبِّهِمْ وَذِلَّةٌ فِي الْحَيَاةِ الدُّنْيَا ۚ وَكَذَٰلِكَ نَجْزِي الْمُفْتَرِينَ152
নিশ্চয় যিসকলে দামুৰীটোক উপাস্যৰূপে গ্ৰহণ কৰিছে, অৱশ্যে পৃথিৱীৰ জীৱনত সিহঁতৰ ওপৰত সিহঁতৰ প্ৰতিপালকৰ ক্ৰোধ আৰু লাঞ্ছনা আপতিত হ’ব। এইদৰেই আমি মিছা ৰটনাকাৰীসকলক প্ৰতিফল দি থাকোঁ।
وَالَّذِينَ عَمِلُوا السَّيِّئَاتِ ثُمَّ تَابُوا مِنْ بَعْدِهَا وَآمَنُوا إِنَّ رَبَّكَ مِنْ بَعْدِهَا لَغَفُورٌ رَحِيمٌ153
আৰু যিসকলে অসৎকৰ্ম কৰে, কিন্তু তাৰ পিছত সিহঁতে তাওবা কৰিলে আৰু ঈমান আনিলে, নিশ্চয় তোমাৰ ৰব ইয়াৰ পিছতো পৰম ক্ষমাশীল, পৰম দয়ালু।
وَلَمَّا سَكَتَ عَنْ مُوسَى الْغَضَبُ أَخَذَ الْأَلْوَاحَ ۖ وَفِي نُسْخَتِهَا هُدًى وَرَحْمَةٌ لِلَّذِينَ هُمْ لِرَبِّهِمْ يَرْهَبُونَ154
আৰু যেতিয়া মুছাৰ খং প্ৰশমিত হ’ল, তেতিয়া তেওঁ ফলকসমূহ তুলি ল’লে। যিসকলে নিজ প্ৰতিপালকক ভয় কৰে সিহঁতৰ বাবে সেই ফলকসমূহত যি লিখা আছিল সেয়া আছিল হিদায়ত আৰু ৰহমত।
وَاخْتَارَ مُوسَىٰ قَوْمَهُ سَبْعِينَ رَجُلًا لِمِيقَاتِنَا ۖ فَلَمَّا أَخَذَتْهُمُ الرَّجْفَةُ قَالَ رَبِّ لَوْ شِئْتَ أَهْلَكْتَهُمْ مِنْ قَبْلُ وَإِيَّايَ ۖ أَتُهْلِكُنَا بِمَا فَعَلَ السُّفَهَاءُ مِنَّا ۖ إِنْ هِيَ إِلَّا فِتْنَتُكَ تُضِلُّ بِهَا مَنْ تَشَاءُ وَتَهْدِي مَنْ تَشَاءُ ۖ أَنْتَ وَلِيُّنَا فَاغْفِرْ لَنَا وَارْحَمْنَا ۖ وَأَنْتَ خَيْرُ الْغَافِرِينَ155
আৰু মুছাই তেওঁৰ সম্প্ৰদায়ৰ পৰা সত্তৰ জন লোকক আমাৰ নিৰ্ধাৰিত স্থানত একত্ৰিত হোৱাৰ বাবে মনোনীত কৰিলে। তাৰ পিছত সিহঁতে যেতিয়া ভূমিকম্পৰ দ্বাৰা আক্ৰান্ত হ’ল, তেতিয়া মুছাই ক’লে, ‘হে মোৰ ৰব! তুমি ইচ্ছা কৰিলে আগতেই ইহঁতক আৰু মোকো ধ্বংস কৰিব পাৰিলাহেঁতেন, আমাৰ মাজৰ নিৰ্বোধসকলে যি কৰিছে সেই বাবে তুমি আমাক ধ্বংস কৰিবানে? এইটো হৈছে কেৱল তোমাৰ পৰীক্ষা, যিটোৰ দ্বাৰা তুমি যাক ইচ্ছা বিপথগামী কৰা আৰু যাক ইচ্ছা তুমি সৎপথত পৰিচালিত কৰা। তুমিয়েই আমাৰ অভিভাৱক; সেয়ে তুমি আমাক ক্ষমা কৰা আৰু আমাৰ প্ৰতি দয়া কৰা। ক্ষমাশীলসকলৰ ভিতৰত তুমিয়েই শ্ৰেষ্ঠ’।
۞ وَاكْتُبْ لَنَا فِي هَٰذِهِ الدُّنْيَا حَسَنَةً وَفِي الْآخِرَةِ إِنَّا هُدْنَا إِلَيْكَ ۚ قَالَ عَذَابِي أُصِيبُ بِهِ مَنْ أَشَاءُ ۖ وَرَحْمَتِي وَسِعَتْ كُلَّ شَيْءٍ ۚ فَسَأَكْتُبُهَا لِلَّذِينَ يَتَّقُونَ وَيُؤْتُونَ الزَّكَاةَ وَالَّذِينَ هُمْ بِآيَاتِنَا يُؤْمِنُونَ156
‘আৰু তুমি আমাৰ বাবে এই পৃথিৱীত কল্যাণ লিখি দিয়া আৰু আখিৰাততো। নিশ্চয় আমি তোমাৰ ওচৰলৈ উভতি আহিছো’। আল্লাহে ক’লে, ‘মোৰ শাস্তি যাক ইচ্ছা দি থাকো আৰু মোৰ দয়া- সেয়াতো প্ৰত্যেক বস্তুকেই আৱৰী আছে। গতিকে মই সেইটো লিখি দিম কেৱল সিহঁতৰ বাবে যিসকলে তাক্বৱা অৱলম্বন কৰে, যাকাত প্ৰদান কৰে আৰু আমাৰ আয়াতসমূহত বিশ্বাস স্থাপন কৰে’।
الَّذِينَ يَتَّبِعُونَ الرَّسُولَ النَّبِيَّ الْأُمِّيَّ الَّذِي يَجِدُونَهُ مَكْتُوبًا عِنْدَهُمْ فِي التَّوْرَاةِ وَالْإِنْجِيلِ يَأْمُرُهُمْ بِالْمَعْرُوفِ وَيَنْهَاهُمْ عَنِ الْمُنْكَرِ وَيُحِلُّ لَهُمُ الطَّيِّبَاتِ وَيُحَرِّمُ عَلَيْهِمُ الْخَبَائِثَ وَيَضَعُ عَنْهُمْ إِصْرَهُمْ وَالْأَغْلَالَ الَّتِي كَانَتْ عَلَيْهِمْ ۚ فَالَّذِينَ آمَنُوا بِهِ وَعَزَّرُوهُ وَنَصَرُوهُ وَاتَّبَعُوا النُّورَ الَّذِي أُنْزِلَ مَعَهُ ۙ أُولَٰئِكَ هُمُ الْمُفْلِحُونَ157
যিসকলে অনুসৰণ কৰে ৰাছুলৰ, উম্মী নবীৰ, যাৰ উল্লেখ সিহঁতে সিহঁতৰ ওচৰত থকা তাওৰাত আৰু ইঞ্জীলত লিপিবদ্ধ পায়, যিজনে সিহঁতক সৎ কামৰ আদেশ দিয়ে, অসৎকৰ্মৰ পৰা নিষেধ কৰে, সিহঁতৰ বাবে পৱিত্ৰ বস্তু হালাল কৰে আৰু অপৱিত্ৰ বস্তু হাৰাম কৰে। আৰু সিহঁতক সিহঁতৰ ওপৰত থকা বোজাৰ পৰা আৰু শৃংখলৰ পৰা মুক্ত কৰে। সেয়ে যিসকলে তেওঁৰ প্ৰতি ঈমান আনে, তেওঁক সন্মান কৰে, তেওঁক সহায় কৰে আৰু যি নূৰ তেওঁৰ প্ৰতি অৱতীৰ্ণ হৈছে সেইটোৰ অনুসৰণ কৰে, তেওঁলোকেই সাফল্যমণ্ডিত।
قُلْ يَا أَيُّهَا النَّاسُ إِنِّي رَسُولُ اللَّهِ إِلَيْكُمْ جَمِيعًا الَّذِي لَهُ مُلْكُ السَّمَاوَاتِ وَالْأَرْضِ ۖ لَا إِلَٰهَ إِلَّا هُوَ يُحْيِي وَيُمِيتُ ۖ فَآمِنُوا بِاللَّهِ وَرَسُولِهِ النَّبِيِّ الْأُمِّيِّ الَّذِي يُؤْمِنُ بِاللَّهِ وَكَلِمَاتِهِ وَاتَّبِعُوهُ لَعَلَّكُمْ تَهْتَدُونَ158
কোৱা, ‘হে মানৱ! নিশ্চয় মই তোমালোক সকলোৰে প্ৰতি আল্লাহৰ ৰাছুল, যিজন আকাশসমূহ আৰু পৃথিৱীৰ সাৰ্বভৌমত্বৰ অধিকাৰী। তেওঁৰ বাহিৰে আন কোনো সত্য ইলাহ নাই; তেৱেঁই জীৱন দান কৰে আৰু তেৱেঁই মৃত্যু ঘটায়। সেয়ে তোমালোকে ঈমান আনা আল্লাহৰ প্ৰতি আৰু তেওঁৰ ৰাছুল উম্মী নবীৰ প্ৰতি যিজনে আল্লাহ আৰু তেওঁৰ বাণীসমূহত ঈমান পোষণ কৰে; আৰু তোমালোকে তেওঁৰ অনুসৰণ কৰা যাতে তোমালোকে হিদায়ত প্ৰাপ্ত হোৱা’।
وَمِنْ قَوْمِ مُوسَىٰ أُمَّةٌ يَهْدُونَ بِالْحَقِّ وَبِهِ يَعْدِلُونَ159
আৰু মুছাৰ সম্প্ৰদায়ৰ ভিতৰত এনেকুৱা দলো আছে যিসকলে আনক ন্যায়ভাৱে পথ দেখুৱায় আৰু সেই অনুযায়ী (বিচাৰত) ইনচাফ কৰে।
وَقَطَّعْنَاهُمُ اثْنَتَيْ عَشْرَةَ أَسْبَاطًا أُمَمًا ۚ وَأَوْحَيْنَا إِلَىٰ مُوسَىٰ إِذِ اسْتَسْقَاهُ قَوْمُهُ أَنِ اضْرِبْ بِعَصَاكَ الْحَجَرَ ۖ فَانْبَجَسَتْ مِنْهُ اثْنَتَا عَشْرَةَ عَيْنًا ۖ قَدْ عَلِمَ كُلُّ أُنَاسٍ مَشْرَبَهُمْ ۚ وَظَلَّلْنَا عَلَيْهِمُ الْغَمَامَ وَأَنْزَلْنَا عَلَيْهِمُ الْمَنَّ وَالسَّلْوَىٰ ۖ كُلُوا مِنْ طَيِّبَاتِ مَا رَزَقْنَاكُمْ ۚ وَمَا ظَلَمُونَا وَلَٰكِنْ كَانُوا أَنْفُسَهُمْ يَظْلِمُونَ160
আৰু সিহঁতক আমি বাৰটা গোত্ৰত বিভক্ত কৰিছো। মুছাৰ সম্প্ৰদায়ে যেতিয়া তেওঁৰ ওচৰত পানী বিচাৰিলে, তেতিয়া আমি তেওঁৰ প্ৰতি অহী প্ৰেৰণ কৰিলো, ‘তোমাৰ লাখুটিডালেৰে শিলত আঘাত কৰা’; ফলত তাৰ পৰা বাৰটা ঝৰ্ণাৰ উৎপত্তি হ’ল। প্ৰত্যেক গোত্ৰই নিজ নিজ পানী খোৱা স্থান নিৰ্ণয় কৰি ল’লে। আৰু আমি মেঘৰ দ্বাৰা সিহঁতৰ ওপৰত ছাঁ কৰি দিছিলো আৰু সিহঁতৰ ওপৰত আমি মান্না আৰু ছালৱা অৱতীৰ্ণ কৰিছিলো। (কৈছিলো) ‘তোমালোকক যি জীৱিকা দান কৰিছো তাৰ পৰা পৱিত্ৰ বস্তু খোৱা’। সিহঁতে আমাৰ প্ৰতি কোনো অন্যায় কৰা নাছিল, বৰং সিহঁতে নিজেই নিজৰ ক্ষতি সাধন কৰিছে।
وَإِذْ قِيلَ لَهُمُ اسْكُنُوا هَٰذِهِ الْقَرْيَةَ وَكُلُوا مِنْهَا حَيْثُ شِئْتُمْ وَقُولُوا حِطَّةٌ وَادْخُلُوا الْبَابَ سُجَّدًا نَغْفِرْ لَكُمْ خَطِيئَاتِكُمْ ۚ سَنَزِيدُ الْمُحْسِنِينَ161
আৰু স্মৰণ কৰা, যেতিয়া সিহঁতক কোৱা হৈছিল, ‘তোমালোকে এই জনপদত বাস কৰা আৰু য’ৰ পৰা ইচ্ছা খোৱা লগতে কোৱা, ‘হিত্তাতুন’ (ক্ষমা বিচাৰো) আৰু নতশিৰে দুৱাৰেৰে প্ৰৱেশ কৰিবা; আমি তোমালোকৰ অপৰাধসমূহ ক্ষমা কৰিম। নিশ্চয় আমি সৎকৰ্মশীলসকলক অধিক দান কৰিম’।
فَبَدَّلَ الَّذِينَ ظَلَمُوا مِنْهُمْ قَوْلًا غَيْرَ الَّذِي قِيلَ لَهُمْ فَأَرْسَلْنَا عَلَيْهِمْ رِجْزًا مِنَ السَّمَاءِ بِمَا كَانُوا يَظْلِمُونَ162
তথাপিও সিহঁতৰ মাজত যিসকলে যালিম আছিল সিহঁতক যি কোৱা হৈছিল, তাৰ পৰিবৰ্তে সিহঁতে আন কথা ক’লে। সেয়ে আমি আকাশৰ পৰা সিহঁতৰ প্ৰতি শাস্তি পঠালো, কাৰণ সিহঁতে অন্যায় কৰিছিল।
وَاسْأَلْهُمْ عَنِ الْقَرْيَةِ الَّتِي كَانَتْ حَاضِرَةَ الْبَحْرِ إِذْ يَعْدُونَ فِي السَّبْتِ إِذْ تَأْتِيهِمْ حِيتَانُهُمْ يَوْمَ سَبْتِهِمْ شُرَّعًا وَيَوْمَ لَا يَسْبِتُونَ ۙ لَا تَأْتِيهِمْ ۚ كَذَٰلِكَ نَبْلُوهُمْ بِمَا كَانُوا يَفْسُقُونَ163
আৰু সিহঁতক সাগৰৰ তীৰৰ জনবসতিৰ বিষয়ে সোধাচোন, যেতিয়া সিহঁতে শনিবাৰে সীমালংঘন কৰিছিল, যেতিয়া শনিবাৰ পালনৰ দিনা মাছবোৰ পানীত ভাহি ভাহি সিহঁতৰ ওচৰত আহিছিল। কিন্তু যিদিনা সিহঁতে শনিবাৰ পালন কৰা নাছিল সেইদিনা সেই মাছবোৰ সিহঁতৰ ওচৰত অহা নাছিল। এইদৰে আমি সিহঁতক পৰীক্ষা কৰিছিলো, কাৰণ সিহঁতে ফাছেক্বী কৰিছিল।
وَإِذْ قَالَتْ أُمَّةٌ مِنْهُمْ لِمَ تَعِظُونَ قَوْمًا ۙ اللَّهُ مُهْلِكُهُمْ أَوْ مُعَذِّبُهُمْ عَذَابًا شَدِيدًا ۖ قَالُوا مَعْذِرَةً إِلَىٰ رَبِّكُمْ وَلَعَلَّهُمْ يَتَّقُونَ164
আৰু স্মৰণ কৰা, যেতিয়া সিহঁতৰ দল এটাই কৈছিল, ‘আল্লাহে যিসকলক ধ্বংস কৰিব অথবা কঠোৰ শাস্তি দিব, তোমালোকে সিহঁতক কিয় সদুপদেশ দিয়া? সিহঁতে কৈছিল, ‘তোমালোকৰ প্ৰতিপালকৰ ওচৰত দায়িত্ব-মুক্তিৰ বাবে আৰু যাতে সিহঁতে তাক্বৱা অৱলম্বন কৰে সেই বাবে’।
فَلَمَّا نَسُوا مَا ذُكِّرُوا بِهِ أَنْجَيْنَا الَّذِينَ يَنْهَوْنَ عَنِ السُّوءِ وَأَخَذْنَا الَّذِينَ ظَلَمُوا بِعَذَابٍ بَئِيسٍ بِمَا كَانُوا يَفْسُقُونَ165
তাৰ পিছত যি উপদেশ সিহঁতক দিয়া হৈছিল, সিহঁতে যেতিয়া সেয়া পাহৰি গ’ল, তেতিয়া যিসকলে অসৎকৰ্ম নিষেধ কৰিছিল তেওঁলোকক আমি উদ্ধাৰ কৰিছিলো, আৰু যিসকলে অন্যায় কৰিছিল সিহঁতক আমি কঠোৰ শাস্তি বিহিছো, কাৰণ সিহঁতে ফাছেক্বী কৰিছিল।
فَلَمَّا عَتَوْا عَنْ مَا نُهُوا عَنْهُ قُلْنَا لَهُمْ كُونُوا قِرَدَةً خَاسِئِينَ166
ইয়াৰ পিছতো যেতিয়া সিহঁতে নিষিদ্ধ কামৰ সীমা চেৰাই গ'ল তেতিয়া আমি সিহঁতক ক’লো, ‘তোমালোকে নিকৃষ্ট বান্দৰ হৈ যোৱা’!
وَإِذْ تَأَذَّنَ رَبُّكَ لَيَبْعَثَنَّ عَلَيْهِمْ إِلَىٰ يَوْمِ الْقِيَامَةِ مَنْ يَسُومُهُمْ سُوءَ الْعَذَابِ ۗ إِنَّ رَبَّكَ لَسَرِيعُ الْعِقَابِ ۖ وَإِنَّهُ لَغَفُورٌ رَحِيمٌ167
আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে ঘোষণা কৰিলে যে, নিশ্চয় তেওঁ কিয়ামত পৰ্যন্ত সিহঁতৰ ওপৰত এনেকুৱা কিছুমান লোকক পঠাব, যিসকলে সিহঁতক কঠিন শাস্তি দি থাকিব। নিশ্চয় তোমাৰ প্ৰতিপালক শাস্তি দানত তৎপৰ আৰু নিশ্চয় তেওঁ ক্ষমাশীল, পৰম দয়ালু।
وَقَطَّعْنَاهُمْ فِي الْأَرْضِ أُمَمًا ۖ مِنْهُمُ الصَّالِحُونَ وَمِنْهُمْ دُونَ ذَٰلِكَ ۖ وَبَلَوْنَاهُمْ بِالْحَسَنَاتِ وَالسَّيِّئَاتِ لَعَلَّهُمْ يَرْجِعُونَ168
আৰু আমি সিহঁতক পৃথিৱীত বিভিন্ন দলত বিভক্ত কৰিছো, সিহঁতৰ কিছুমান সৎকৰ্মপৰায়ণ আৰু কিছুমান অন্য ধৰণৰ। আমি সিহঁতক মঙ্গল আৰু অমঙ্গলৰ দ্বাৰা পৰীক্ষা কৰিছো, যাতে সিহঁতে প্ৰত্যাৱৰ্তন কৰে।
فَخَلَفَ مِنْ بَعْدِهِمْ خَلْفٌ وَرِثُوا الْكِتَابَ يَأْخُذُونَ عَرَضَ هَٰذَا الْأَدْنَىٰ وَيَقُولُونَ سَيُغْفَرُ لَنَا وَإِنْ يَأْتِهِمْ عَرَضٌ مِثْلُهُ يَأْخُذُوهُ ۚ أَلَمْ يُؤْخَذْ عَلَيْهِمْ مِيثَاقُ الْكِتَابِ أَنْ لَا يَقُولُوا عَلَى اللَّهِ إِلَّا الْحَقَّ وَدَرَسُوا مَا فِيهِ ۗ وَالدَّارُ الْآخِرَةُ خَيْرٌ لِلَّذِينَ يَتَّقُونَ ۗ أَفَلَا تَعْقِلُونَ169
সিহঁতৰ পিছত এনে কিছুমান অযোগ্য লোক এটাৰ পিছত এটাকৈ সিহঁতৰ স্থলাভিষিক্তৰূপে কিতাবৰ উত্তৰাধিকাৰী হৈছে, যিসকলে পৃথিৱীৰ এই তুচ্ছ অসাৰ সামগ্ৰী সঞ্চয়ত লিপ্ত থাকে, আৰু সিহঁতে কয়, ‘আমাক ক্ষমা কৰি দিয়া হ’ব’। কিন্তু এইবোৰৰ অনুৰূপ সামগ্ৰী সিহঁতৰ ওচৰত আহিলে সেয়াও সিহঁতে গ্ৰহণ কৰিব; কিতাবৰ অঙ্গীকাৰ সিহঁতৰ পৰা লোৱা হোৱা নাইনে যে, সিহঁতে আল্লাহ সম্পৰ্কে সত্যৰ বাহিৰে আন একো নক’ব? অথচ সিহঁতে তাত যি আছে সেয়া অধ্যয়নো কৰে। কিন্তু যিসকলে তাক্বৱা অৱলম্বন কৰে সিহঁতৰ বাবে আখিৰাতৰ আবাসেই উত্তম; তোমালোকে এয়া অনুধাৱন নকৰানে?
وَالَّذِينَ يُمَسِّكُونَ بِالْكِتَابِ وَأَقَامُوا الصَّلَاةَ إِنَّا لَا نُضِيعُ أَجْرَ الْمُصْلِحِينَ170
যিসকলে কিতাবক দৃঢ়ভাৱে ধাৰণ কৰে আৰু ছালাত কায়েম কৰে; নিশ্চয় আমি সৎকৰ্মপৰায়ণ সকলৰ শ্ৰমফল বিনষ্ট নকৰো।
۞ وَإِذْ نَتَقْنَا الْجَبَلَ فَوْقَهُمْ كَأَنَّهُ ظُلَّةٌ وَظَنُّوا أَنَّهُ وَاقِعٌ بِهِمْ خُذُوا مَا آتَيْنَاكُمْ بِقُوَّةٍ وَاذْكُرُوا مَا فِيهِ لَعَلَّكُمْ تَتَّقُونَ171
আৰু স্মৰণ কৰা, যেতিয়া আমি পৰ্বতক সিহঁতৰ ওপৰত তুলি ধৰিছিলো, আৰু সেয়া আছিল যেনিবা মেঘৰ এটা খণ্ড। সিহঁতে ভাৱিলে যে, সেয়া সিহঁতৰ ওপৰত পৰি যাব। (আমি ক’লো) ‘আমি যি প্ৰদান কৰিছো সেয়া দৃঢ়ভাৱে ধাৰণ কৰা আৰু তাত যি আছে সেয়া স্মৰণ কৰা, যাতে তোমালোকে তাক্বৱাৰ অধিকাৰী হ’ব পাৰা’।
وَإِذْ أَخَذَ رَبُّكَ مِنْ بَنِي آدَمَ مِنْ ظُهُورِهِمْ ذُرِّيَّتَهُمْ وَأَشْهَدَهُمْ عَلَىٰ أَنْفُسِهِمْ أَلَسْتُ بِرَبِّكُمْ ۖ قَالُوا بَلَىٰ ۛ شَهِدْنَا ۛ أَنْ تَقُولُوا يَوْمَ الْقِيَامَةِ إِنَّا كُنَّا عَنْ هَٰذَا غَافِلِينَ172
আৰু স্মৰণ কৰা, যেতিয়া তোমাৰ প্ৰতিপালকে আদম সন্তানৰ পিঠিৰ পৰা তাৰ বংশধৰক উলিয়াইছিল আৰু সিহঁতৰ নিজৰ বিষয়ে স্বীকাৰোক্তি গ্ৰহণ কৰিছিল আৰু কৈছিল, ‘মই তোমালোকৰ ৰব নহয় নে? সিহঁতে কৈছিল, ‘হয় নিশ্চয়, আমি সাক্ষী থাকিলো’। এইটো এই বাবে যে, তোমালোকে যাতে কিয়ামতৰ দিনা ক’ব নোৱাৰা যে, আমি এই বিষয়ে জনাই নাছিলো।
أَوْ تَقُولُوا إِنَّمَا أَشْرَكَ آبَاؤُنَا مِنْ قَبْلُ وَكُنَّا ذُرِّيَّةً مِنْ بَعْدِهِمْ ۖ أَفَتُهْلِكُنَا بِمَا فَعَلَ الْمُبْطِلُونَ173
অথবা তোমালোকে যাতে এইটো ক’ব নোৱাৰা যে, আমাৰ পিতৃপুৰুষসকলেও আমাৰ আগত শ্বিৰ্ক কৰিছে, আৰু আমি হৈছো তেওঁলোকৰ পৰবৰ্তী বংশধৰ; এতেকে (শ্বিৰ্কৰ মাধ্যমত) যিসকলে নিজৰ আমলক বাতিল কৰিছে সিহঁতৰ কৃতকৰ্মৰ বাবে তুমি আমাক ধ্বংস কৰিবানে?
وَكَذَٰلِكَ نُفَصِّلُ الْآيَاتِ وَلَعَلَّهُمْ يَرْجِعُونَ174
আৰু এইদৰেই আমি আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰো যাতে সিহঁতে উভতি আহে।
وَاتْلُ عَلَيْهِمْ نَبَأَ الَّذِي آتَيْنَاهُ آيَاتِنَا فَانْسَلَخَ مِنْهَا فَأَتْبَعَهُ الشَّيْطَانُ فَكَانَ مِنَ الْغَاوِينَ175
আৰু সিহঁতক সেই ব্যক্তিৰ সংবাদ পাঠ কৰি শুনোৱা, যাক আমি নিদৰ্শনসমূহ প্ৰদান কৰিছিলো, তাৰ পিছত সি তাৰ পৰা বিচ্ছিন্ন হৈ গৈছিল, আৰু চয়তানে তাৰ পিছ লৈছিল। ফলত সি বিপথগামী সকলৰ অন্তৰ্ভুক্ত হৈ গৈছিল।
وَلَوْ شِئْنَا لَرَفَعْنَاهُ بِهَا وَلَٰكِنَّهُ أَخْلَدَ إِلَى الْأَرْضِ وَاتَّبَعَ هَوَاهُ ۚ فَمَثَلُهُ كَمَثَلِ الْكَلْبِ إِنْ تَحْمِلْ عَلَيْهِ يَلْهَثْ أَوْ تَتْرُكْهُ يَلْهَثْ ۚ ذَٰلِكَ مَثَلُ الْقَوْمِ الَّذِينَ كَذَّبُوا بِآيَاتِنَا ۚ فَاقْصُصِ الْقَصَصَ لَعَلَّهُمْ يَتَفَكَّرُونَ176
আৰু আমি ইচ্ছা কৰিলে ইয়াৰ দ্বাৰা তাক উচ্চ মৰ্যাদা দান কৰিলোহেঁতেন, কিন্তু সি দুনিয়াৰ প্ৰতিহে আকৃষ্ট হৈছে আৰু নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰিছে। এতেকে তাৰ উপমা হৈছে কুকুৰৰ দৰে, তাৰ ওপৰত বোজা জাপি দিলে সি জিভা উলিয়াই হেঁপাই থাকে আৰু বোজা নিদিলেও সি জিভা উলিয়াই হেঁপাই থাকে। যি সম্প্ৰদায়ে আমাৰ আয়াতসমূহ অস্বীকাৰ কৰিছে সিহঁতৰ অৱস্থাও এইটোৱেই। এতেকে তুমি বৃত্তান্ত বৰ্ণনা কৰা যাতে সিহঁতে চিন্তা কৰে।
سَاءَ مَثَلًا الْقَوْمُ الَّذِينَ كَذَّبُوا بِآيَاتِنَا وَأَنْفُسَهُمْ كَانُوا يَظْلِمُونَ177
সেই সম্প্ৰদায়ৰ উপমা কিমান যে নিকৃষ্ট! যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, আৰু সিহঁতে নিজৰ প্ৰতিহে অন্যায় কৰিছিল।
مَنْ يَهْدِ اللَّهُ فَهُوَ الْمُهْتَدِي ۖ وَمَنْ يُضْلِلْ فَأُولَٰئِكَ هُمُ الْخَاسِرُونَ178
আল্লাহে যাক হিদায়ত দিয়ে সেইজনহে হিদায়তপ্ৰাপ্ত আৰু তেওঁ যিসকলক বিপথগামী কৰে সিহঁতেই ক্ষতিগ্ৰস্ত।
وَلَقَدْ ذَرَأْنَا لِجَهَنَّمَ كَثِيرًا مِنَ الْجِنِّ وَالْإِنْسِ ۖ لَهُمْ قُلُوبٌ لَا يَفْقَهُونَ بِهَا وَلَهُمْ أَعْيُنٌ لَا يُبْصِرُونَ بِهَا وَلَهُمْ آذَانٌ لَا يَسْمَعُونَ بِهَا ۚ أُولَٰئِكَ كَالْأَنْعَامِ بَلْ هُمْ أَضَلُّ ۚ أُولَٰئِكَ هُمُ الْغَافِلُونَ179
নিশ্চয় আমি বহুতো জ্বিন আৰু মানৱক জাহান্নামৰ বাবে সৃষ্টি কৰিছো, সিহঁতৰ হৃদয় আছে কিন্তু তাৰ দ্বাৰা সিহঁতে উপলব্ধি নকৰে, সিহঁতৰ চকু আছে কিন্তু তাৰ দ্বাৰা সিহঁতে নেদেখে আৰু সিহঁতৰ কাণ আছে কিন্তু তাৰ দ্বাৰা সিহঁতে নুশুনে, সিহঁত চতুষ্পদ জন্তুৰ দৰে, বৰং তাতোকৈ অধিক বিভ্ৰান্ত। সিহঁতেই হৈছে উদাসীন।
وَلِلَّهِ الْأَسْمَاءُ الْحُسْنَىٰ فَادْعُوهُ بِهَا ۖ وَذَرُوا الَّذِينَ يُلْحِدُونَ فِي أَسْمَائِهِ ۚ سَيُجْزَوْنَ مَا كَانُوا يَعْمَلُونَ180
আৰু আল্লাহৰ বাবে আছে সুন্দৰ সুন্দৰ নাম। এতেকে তোমালোকে তেওঁক সেইবোৰ নামেৰেই আহ্বান কৰা; আৰু যিসকলে তেওঁৰ নাম বিকৃত কৰে সিহঁতক বৰ্জন কৰা; সিহঁতৰ কৃতকৰ্মৰ ফল অনতিপলমে সিহঁতক দিয়া হ’ব।
وَمِمَّنْ خَلَقْنَا أُمَّةٌ يَهْدُونَ بِالْحَقِّ وَبِهِ يَعْدِلُونَ181
আৰু যিসকলক আমি সৃষ্টি কৰিছো সিহঁতৰ মাজত এনেকুৱা এটা দল আছে যিসকলে ন্যায়ভাৱে পথ দেখুৱায় আৰু সেই অনুযায়ী (বিচাৰ মীমাংসাত) ইনচাফ কৰে।
وَالَّذِينَ كَذَّبُوا بِآيَاتِنَا سَنَسْتَدْرِجُهُمْ مِنْ حَيْثُ لَا يَعْلَمُونَ182
আৰু যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, অনতিপলমে আমি সিহঁতক এনেকৈ লাহে লাহে ধ্বংসৰ পিনে লৈ যাম যে, সিহঁতে গমেই নাপাব।
وَأُمْلِي لَهُمْ ۚ إِنَّ كَيْدِي مَتِينٌ183
আৰু আমি সিহঁতক অৱকাশ দিওঁ; নিশ্চয় মোৰ কৌশল অত্যন্ত বলিষ্ঠ।
أَوَلَمْ يَتَفَكَّرُوا ۗ مَا بِصَاحِبِهِمْ مِنْ جِنَّةٍ ۚ إِنْ هُوَ إِلَّا نَذِيرٌ مُبِينٌ184
সিহঁতে কেতিয়াও চিন্তা নকৰে নেকি যে, সিহঁতৰ সহচৰজন কাহানিও উন্মাদ নহয়? তেওঁ হৈছে কেৱল এজন স্পষ্ট সতৰ্ককাৰী।
أَوَلَمْ يَنْظُرُوا فِي مَلَكُوتِ السَّمَاوَاتِ وَالْأَرْضِ وَمَا خَلَقَ اللَّهُ مِنْ شَيْءٍ وَأَنْ عَسَىٰ أَنْ يَكُونَ قَدِ اقْتَرَبَ أَجَلُهُمْ ۖ فَبِأَيِّ حَدِيثٍ بَعْدَهُ يُؤْمِنُونَ185
আকাশমণ্ডল আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব সম্পৰ্কে লগতে আল্লাহে যি সৃষ্টি কৰিছে সেই বিষয়ে সিহঁতে চিন্তা-চৰ্চা কৰা নাইনে, আৰু এই বিষয়েও যে, সম্ভৱত সিহঁতৰ নিৰ্ধাৰিত সময় নিকটৱৰ্তী হৈছে; গতিকে ইয়াৰ পিছত সিহঁতে আৰু কোন কথাত ঈমান আনিব?
مَنْ يُضْلِلِ اللَّهُ فَلَا هَادِيَ لَهُ ۚ وَيَذَرُهُمْ فِي طُغْيَانِهِمْ يَعْمَهُونَ186
আল্লাহে যিসকলক বিপথগামী কৰে সিহঁতৰ কোনো পথপ্ৰদৰ্শক নাই; আৰু তেওঁ সিহঁতক সিহঁতৰ অবাধ্যতাত লক্ষ্যহীনৰ দৰে ঘুৰি ফুৰিবলৈ এৰি দিয়ে।
يَسْأَلُونَكَ عَنِ السَّاعَةِ أَيَّانَ مُرْسَاهَا ۖ قُلْ إِنَّمَا عِلْمُهَا عِنْدَ رَبِّي ۖ لَا يُجَلِّيهَا لِوَقْتِهَا إِلَّا هُوَ ۚ ثَقُلَتْ فِي السَّمَاوَاتِ وَالْأَرْضِ ۚ لَا تَأْتِيكُمْ إِلَّا بَغْتَةً ۗ يَسْأَلُونَكَ كَأَنَّكَ حَفِيٌّ عَنْهَا ۖ قُلْ إِنَّمَا عِلْمُهَا عِنْدَ اللَّهِ وَلَٰكِنَّ أَكْثَرَ النَّاسِ لَا يَعْلَمُونَ187
সিহঁতে তোমাক কিয়ামত সম্পৰ্কে প্ৰশ্ন কৰি কয়, ‘সেয়া কেতিয়া সংঘটিত হ’ব’? কোৱা, ‘এই বিষয়ৰ জ্ঞান কেৱল মোৰ প্ৰতিপালকৰ ওচৰত। কেৱল তেৱেঁই যথাসময়ত সেইটোৰ প্ৰকাশ ঘটাব। আকস্মিকভাৱে সেয়া তোমালোকৰ ওপৰত আহি পৰিব’। সিহঁতে তোমাক প্ৰশ্ন কৰিছে যেনিবা তুমি এই বিষয়ে সবিশেষ অৱহিত। কোৱা, ‘এই বিষয়ৰ জ্ঞান কেৱল আল্লাহৰ ওচৰত, কিন্তু অধিকাংশ মানুহেই (এই সত্যটো) নাজানে’।
قُلْ لَا أَمْلِكُ لِنَفْسِي نَفْعًا وَلَا ضَرًّا إِلَّا مَا شَاءَ اللَّهُ ۚ وَلَوْ كُنْتُ أَعْلَمُ الْغَيْبَ لَاسْتَكْثَرْتُ مِنَ الْخَيْرِ وَمَا مَسَّنِيَ السُّوءُ ۚ إِنْ أَنَا إِلَّا نَذِيرٌ وَبَشِيرٌ لِقَوْمٍ يُؤْمِنُونَ188
কোৱা, ‘আল্লাহে যি ইচ্ছা কৰে তাৰ বাহিৰে মোৰ নিজৰ উপকাৰ-অপকাৰৰ ওপৰতো মোৰ কোনো অধিকাৰ নাই। গায়েব বা অদৃশ্যৰ জ্ঞান যদি মোৰ থাকিলহেঁতেন তেন্তে মই বহুতো কল্যাণ লাভ কৰিলোহেঁতেন আৰু কোনো ধৰণৰ অকল্যাণেই মোক স্পৰ্শ কৰিব নোৱাৰিলেহেঁতেন। মই কেৱল ঈমান্দাৰ সম্প্ৰদায়ৰ বাবে সতৰ্ককাৰী আৰু সুসংবাদদাতাৰ বাহিৰে আন একো নহয়’।
۞ هُوَ الَّذِي خَلَقَكُمْ مِنْ نَفْسٍ وَاحِدَةٍ وَجَعَلَ مِنْهَا زَوْجَهَا لِيَسْكُنَ إِلَيْهَا ۖ فَلَمَّا تَغَشَّاهَا حَمَلَتْ حَمْلًا خَفِيفًا فَمَرَّتْ بِهِ ۖ فَلَمَّا أَثْقَلَتْ دَعَوَا اللَّهَ رَبَّهُمَا لَئِنْ آتَيْتَنَا صَالِحًا لَنَكُونَنَّ مِنَ الشَّاكِرِينَ189
তেৱেঁই তোমালোকক এজন ব্যক্তিৰ পৰা সৃষ্টি কৰিছে আৰু তাৰ পৰা তেওঁৰ স্ত্ৰীক সৃষ্টি কৰিছে, যাতে তেওঁ স্ত্ৰীৰ ওচৰত প্ৰশান্তি লাভ কৰে। তাৰ পিছত যেতিয়া তেওঁ স্ত্ৰীৰ সৈতে মিলিত হ’ল তেতিয়া স্ত্ৰীজনী এটি লঘু গৰ্ভধাৰণ কৰিলে আৰু এইটো লৈ অনায়াসে চলা-ফুৰা কৰিব ধৰিলে। অৱশেষত যেতিয়া গা-ভাৰী হ’ল, তেতিয়া তেওঁলোক উভয়ে তেওঁলোকৰ ৰব আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিব ধৰিলে, ‘যদি তুমি আমাক এজন সুসন্তান দান কৰা তেন্তে আমি তোমাৰ প্ৰতি কৃতজ্ঞ হম’।
فَلَمَّا آتَاهُمَا صَالِحًا جَعَلَا لَهُ شُرَكَاءَ فِيمَا آتَاهُمَا ۚ فَتَعَالَى اللَّهُ عَمَّا يُشْرِكُونَ190
তাৰ পিছত যেতিয়া তেওঁ সিহঁতক এজন পূৰ্ণাঙ্গ সুসন্তান দান কৰিলে, তেতিয়া সিহঁতক তেওঁ যি প্ৰদান কৰিছে সেই বিষয়ে সিহঁতে বহুতো অংশীদাৰ (শ্বৰীক) নিৰ্ধাৰণ কৰিলে। প্ৰকৃততে সিহঁতে যিসকলক (তেওঁৰ লগত) অংশী স্থাপন কৰে, আল্লাহ তাতোকৈ বহু উৰ্দ্ধত।
أَيُشْرِكُونَ مَا لَا يَخْلُقُ شَيْئًا وَهُمْ يُخْلَقُونَ191
সিহঁতে এনেকুৱা বস্তুক অংশী কৰে নেকি যিসকলে একোৱেই সৃষ্টি কৰা নাই? বৰং সিহঁত নিজেই সৃষ্ট।
وَلَا يَسْتَطِيعُونَ لَهُمْ نَصْرًا وَلَا أَنْفُسَهُمْ يَنْصُرُونَ192
এইবোৰে সিহঁতক কদাপিও সহায় কৰিব নোৱাৰে আনকি নিজৰো সহায় কৰিব নোৱাৰে।
وَإِنْ تَدْعُوهُمْ إِلَى الْهُدَىٰ لَا يَتَّبِعُوكُمْ ۚ سَوَاءٌ عَلَيْكُمْ أَدَعَوْتُمُوهُمْ أَمْ أَنْتُمْ صَامِتُونَ193
আৰু তোমালোকে সিহঁতক সৎপথৰ পিনে আহ্বান কৰিলেও সিহঁতে তোমালোকক অনুসৰণ নকৰিব; তোমালোকে সিহঁতক আহ্বান কৰা বা নিৰৱে থাকা, তোমালোকৰ বাবে উভয়েই সমান।
إِنَّ الَّذِينَ تَدْعُونَ مِنْ دُونِ اللَّهِ عِبَادٌ أَمْثَالُكُمْ ۖ فَادْعُوهُمْ فَلْيَسْتَجِيبُوا لَكُمْ إِنْ كُنْتُمْ صَادِقِينَ194
আল্লাহৰ বাহিৰে তোমালোকে যিসকলক আহ্বান কৰা সিহঁত তোমালোকৰ দৰেই বান্দাহ, গতিকে যদি তোমালোকে সত্যবাদী তেন্তে আহ্বান কৰা (চোৱাচোন) সিহঁতে তোমালোকৰ আহ্বানত সঁহাৰি দিয়েনে নাই।
أَلَهُمْ أَرْجُلٌ يَمْشُونَ بِهَا ۖ أَمْ لَهُمْ أَيْدٍ يَبْطِشُونَ بِهَا ۖ أَمْ لَهُمْ أَعْيُنٌ يُبْصِرُونَ بِهَا ۖ أَمْ لَهُمْ آذَانٌ يَسْمَعُونَ بِهَا ۗ قُلِ ادْعُوا شُرَكَاءَكُمْ ثُمَّ كِيدُونِ فَلَا تُنْظِرُونِ195
সিহঁতৰ ভৰি আছেনে যিটোৰে সিহঁতে খোজ কাঢ়ে? সিহঁতৰ হাত আছেনে যিটোৰে সিহঁতে ধৰিব পাৰে? সিহঁতৰ চকু আছেনে যিটোৰে সিহঁতে দেখে? সিহঁতৰ কাণ আছেনে যিটোৰে সিহঁতে শুনে? কোৱা, ‘তোমালোকে যিসকলক আল্লাহৰ লগত অংশী কৰিছা সিহঁতক আহ্বান কৰা তাৰ পিছত মোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰা আৰু মোক অকণো অৱকাশ নিদিবা’।
إِنَّ وَلِيِّيَ اللَّهُ الَّذِي نَزَّلَ الْكِتَابَ ۖ وَهُوَ يَتَوَلَّى الصَّالِحِينَ196
‘নিশ্চয় মোৰ অভিভাৱক কেৱল আল্লাহ, যিজনে কিতাব অৱতীৰ্ণ কৰিছে আৰু তেৱেঁই সৎকৰ্মপৰায়ণ সকলৰ অভিভাৱকত্ব কৰে’।
وَالَّذِينَ تَدْعُونَ مِنْ دُونِهِ لَا يَسْتَطِيعُونَ نَصْرَكُمْ وَلَا أَنْفُسَهُمْ يَنْصُرُونَ197
আৰু আল্লাহৰ বাহিৰে তোমালোকে যিসকলক আহ্বান কৰা সিহঁতে তোমালোকক কদাপিও সহায় কৰিব নোৱাৰে আনকি সিহঁতে নিজৰো সহায় কৰিব নোৱাৰে।
وَإِنْ تَدْعُوهُمْ إِلَى الْهُدَىٰ لَا يَسْمَعُوا ۖ وَتَرَاهُمْ يَنْظُرُونَ إِلَيْكَ وَهُمْ لَا يُبْصِرُونَ198
তুমি যদি সিহঁতক সৎপথৰ পিনে আহ্বান কৰা তেন্তে সিহঁতে নুশুনিব আৰু তুমি দেখিবলৈ পাবা যে, বাহ্যিকভাৱে সিহঁতে তোমাৰ ফালে চাই আছে, অথচ সিহঁতে নেদেখে।
خُذِ الْعَفْوَ وَأْمُرْ بِالْعُرْفِ وَأَعْرِضْ عَنِ الْجَاهِلِينَ199
মানুহৰ (চৰিত্ৰ আৰু কৰ্মৰ) উৎকৃষ্ট অংশ গ্ৰহণ কৰা, সৎকামৰ আদেশ দিয়া আৰু অজ্ঞসকলক এৰাই চলা।
وَإِمَّا يَنْزَغَنَّكَ مِنَ الشَّيْطَانِ نَزْغٌ فَاسْتَعِذْ بِاللَّهِ ۚ إِنَّهُ سَمِيعٌ عَلِيمٌ200
আৰু যদি চয়তানৰ কুমন্ত্ৰণাই তোমাক প্ৰৰোচিত কৰে, তেন্তে আল্লাহৰ আশ্ৰয় বিচাৰিবা। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
إِنَّ الَّذِينَ اتَّقَوْا إِذَا مَسَّهُمْ طَائِفٌ مِنَ الشَّيْطَانِ تَذَكَّرُوا فَإِذَا هُمْ مُبْصِرُونَ201
নিশ্চয় যিসকলে তাক্বৱা অৱলম্বন কৰিছে, তেওঁলোকক চয়তানে যেতিয়া কুমন্ত্ৰণা দিয়ে তেতিয়া তেওঁলোকে আল্লাহক স্মৰণ কৰে, লগে লগে সিহঁতৰ দৃষ্টি প্ৰকট হয়।
وَإِخْوَانُهُمْ يَمُدُّونَهُمْ فِي الْغَيِّ ثُمَّ لَا يُقْصِرُونَ202
আৰু চয়তানৰ ভাতৃসকলে ভ্ৰষ্টতাত সিহঁতক সহযোগিতা কৰে। এই কামত সিহঁতে অকণো ত্ৰুটি নকৰে।
وَإِذَا لَمْ تَأْتِهِمْ بِآيَةٍ قَالُوا لَوْلَا اجْتَبَيْتَهَا ۚ قُلْ إِنَّمَا أَتَّبِعُ مَا يُوحَىٰ إِلَيَّ مِنْ رَبِّي ۚ هَٰذَا بَصَائِرُ مِنْ رَبِّكُمْ وَهُدًى وَرَحْمَةٌ لِقَوْمٍ يُؤْمِنُونَ203
তুমি যেতিয়া সিহঁতৰ ওচৰত (সিহঁতে বিচৰা মতে) কোনো আয়াত লৈ নাহা, তেতিয়া সিহঁতে কয়, ‘তুমি নিজেই এটা আয়াত বনাই নোলোৱা কিয়’? কোৱা, ‘মোৰ প্ৰতিপালকৰ তৰফৰ পৰা মোৰ ওচৰত অহী হিচাপে যি প্ৰেৰণ কৰা হয়, মই কেৱল তাৰেই অনুসৰণ কৰো। এই কোৰআন তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট প্ৰমাণ; আৰু এইটো ঈমান্দাৰ সম্প্ৰদায়ৰ বাবে হিদায়ত আৰু ৰহমত’।
وَإِذَا قُرِئَ الْقُرْآنُ فَاسْتَمِعُوا لَهُ وَأَنْصِتُوا لَعَلَّكُمْ تُرْحَمُونَ204
আৰু যেতিয়া কোৰআন তিলাৱত কৰা হয় তেতিয়া তোমালোকে মনোযোগ সহকাৰে সেয়া শুনিবা আৰু নিৰৱ-নিস্তব্ধ হৈ থাকিবা, যাতে তোমালোকৰ প্ৰতি ৰহমত বৰ্ষণ হয়।
وَاذْكُرْ رَبَّكَ فِي نَفْسِكَ تَضَرُّعًا وَخِيفَةً وَدُونَ الْجَهْرِ مِنَ الْقَوْلِ بِالْغُدُوِّ وَالْآصَالِ وَلَا تَكُنْ مِنَ الْغَافِلِينَ205
আৰু তুমি তোমাৰ প্ৰতিপালকক পুৱা-গধূলি নিজ মনতে স্মৰণ কৰা সবিনয়ে, সশংকচিত্তে আৰু অনুচ্চস্বৰে। লগতে উদাসীনসকলৰ অন্তৰ্ভুক্ত নহ’বা।
إِنَّ الَّذِينَ عِنْدَ رَبِّكَ لَا يَسْتَكْبِرُونَ عَنْ عِبَادَتِهِ وَيُسَبِّحُونَهُ وَلَهُ يَسْجُدُونَ ۩206
নিশ্চয় যিসকলে তোমাৰ প্ৰতিপালকৰ সান্নিধ্যত আছে সিহঁতে তেওঁৰ ইবাদত সম্পৰ্কে অহংকাৰ নকৰে; আৰু সিহঁতে কেৱল তেওঁৰেই তাছবীহ পাঠ কৰে আৰু কেৱল তেওঁকেই ছাজদা কৰে।