ছূৰা 7 · জুজ 9
Al-A'raf · 7:96
وَلَوْ أَنَّ أَهْلَ الْقُرَىٰ آمَنُوا وَاتَّقَوْا لَفَتَحْنَا عَلَيْهِمْ بَرَكَاتٍ مِنَ السَّمَاءِ وَالْأَرْضِ وَلَٰكِنْ كَذَّبُوا فَأَخَذْنَاهُمْ بِمَا كَانُوا يَكْسِبُونَ
আৰু যদি সেইবোৰ জনপদৰ অধিবাসীসকলে ঈমান আনিলেহেঁতেন আৰু তাক্বৱা অৱলম্বন কৰিলেহেঁতেন তেন্তে নিশ্চয় আমি সিহঁতৰ বাবে আকাশ আৰু পৃথিৱীৰ বৰকতসমূহ উন্মুক্ত কৰি দিলোহেঁতেন, কিন্তু সিহঁতে মিছা প্ৰতিপন্ন কৰিছিল; সেয়ে আমি সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতক আটক কৰিছো।
তাফছীৰ
এই নগৰৰ অধিবাসীসকলে, যিসকলৰ প্ৰতি আমি আমাৰ ৰাছুলসকলক প্ৰেৰণ কৰিছিলো, যদি সিহঁতে ৰাছুলসকলৰ বাৰ্তাক সত্য বুলি স্বীকাৰ কৰিলেহেঁতেন! নিজ প্ৰতিপালকৰ তাক্বৱা অৱলম্বন কৰিলেহেঁতেন! কুফৰ আৰু গুনাহৰ পৰা বিৰত থাকি তেওঁৰ আদেশ পালন কৰিলেহেঁতেন তেন্তে আমি সিহঁতৰ বাবে চাৰিওফালৰ পৰা কল্যাণৰ দুৱাৰ খুলি দিলোহেঁতেন। কিন্তু সিহঁতে স্বীকাৰো কৰা নাই আৰু তাক্বৱাও অৱলম্বন কৰা নাই। বৰং ৰাছুলসকলৰ বাৰ্তাক অস্বীকাৰ কৰিছে। ফলত আমি সিহঁতক সিহঁতৰ গুনাহৰ কাৰণে হঠাৎ শাস্তিৰ জৰিয়তে গ্ৰেপ্তাৰ কৰিলো।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক