ছূৰা 7 · জুজ 9
Al-A'raf · 7:95
ثُمَّ بَدَّلْنَا مَكَانَ السَّيِّئَةِ الْحَسَنَةَ حَتَّىٰ عَفَوْا وَقَالُوا قَدْ مَسَّ آبَاءَنَا الضَّرَّاءُ وَالسَّرَّاءُ فَأَخَذْنَاهُمْ بَغْتَةً وَهُمْ لَا يَشْعُرُونَ
তাৰ পিছত আমি বেয়া অৱস্থাক ভাল অৱস্থাৰে পৰিবৰ্তন কৰো। অৱশেষত সিহঁতে প্ৰাচুৰ্যৰ অধিকাৰী হয় আৰু কয়, ‘আমাৰ পূৰ্বপুৰুষ সকলেও সূখ-দুখ ভোগ কৰিছে’। তাৰ পিছত আমি হঠাৎ সিহঁতক এনেকৈ ধৰি পেলাওঁ যে, সিহঁতে উপলব্ধিও কৰিব নোৱাৰে।
তাফছীৰ
দুৰ্ভিক্ষ আৰু বেমাৰ-আজাৰৰ পিছত আমি সিহঁতক সুখ-সুবিধা প্ৰদান কৰিছো। অৱশেষত সিহঁতৰ সংখ্যা যেতিয়া বৃদ্ধি পালে তথা সিহঁতৰ ধন-সম্পত্তিও বৃদ্ধি পালে, তেতিয়া সিহঁতে কবলৈ ধৰিলে যে, আমি সন্মুখীন হোৱা কল্যাণ অকল্যাণ কোনো নতুন বিষয় নহয়, আমাৰ পূৰ্বেও আমাৰ পূৰ্বপুৰুষসকলে সুখ-দুখৰ সন্মুখীন হৈছিল। সিহঁতে এই তথ্যত উপনীত হ'ব পৰা নাই যে, সিহঁতৰ পূৰ্বপুৰুষসকলে যি শাস্তি ভোগ কৰিছিল তাৰ উদ্দেশ্য আছিল শিক্ষা গ্ৰহণ কৰা আৰু যি অনুগ্ৰহ লাভ কৰিছিল তাৰ উদ্দেশ্য আছিল অৱকাশ দিয়া। ফলত আমি সিহঁতক হঠাৎ এনেকুৱা শাস্তিত আক্ৰান্ত কৰিলো, যিটোক সিহঁতে উপলব্ধিও কৰিব পৰা নাছিল আৰু ভাৱিবও পৰা নাছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক