ছূৰা 7 · জুজ 8

Al-A'raf · 7:47

۞ وَإِذَا صُرِفَتْ أَبْصَارُهُمْ تِلْقَاءَ أَصْحَابِ النَّارِ قَالُوا رَبَّنَا لَا تَجْعَلْنَا مَعَ الْقَوْمِ الظَّالِمِينَ

আৰু যেতিয়া সিহঁতৰ দৃষ্টি জাহান্নামীসকলৰ ফালে ঘূৰাই দিয়া হ’ব, তেতিয়া সিহঁতে ক’ব, ‘হে আমাৰ ৰব! আমাক কেতিয়াও যালিম সম্প্ৰদায়ৰ সঙ্গী নকৰিবা’।

তাফছীৰ

আৰু যেতিয়া আৰাফৰ অধিবাসী সকলৰ চকু জাহান্নামী সকলৰ পিনে ঘূৰাই দিয়া হ'ব, তেওঁলোকে যেতিয়া সিহঁতক কঠিন শাস্তিৰ মাজত দেখিব, তেতিয়া তেওঁলোকে আল্লাহৰ ওচৰত দুআ কৰি ক'বঃ হে আমাৰ প্ৰতিপালক! কুফুৰী তথা শ্বিৰ্ক কৰা এইসকল কাফিৰৰ সঙ্গী তুমি আমাক নবনাবা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক