ছূৰা 7 · জুজ 8

Al-A'raf · 7:48

وَنَادَىٰ أَصْحَابُ الْأَعْرَافِ رِجَالًا يَعْرِفُونَهُمْ بِسِيمَاهُمْ قَالُوا مَا أَغْنَىٰ عَنْكُمْ جَمْعُكُمْ وَمَا كُنْتُمْ تَسْتَكْبِرُونَ

আৰু আ’ৰাফবাসীসকলে এনেকুৱা লোকসকলক মাতিব, যিসকলক সিহঁতে সিহঁতৰ চিহ্নৰ দ্বাৰা চিনি পাব। সিহঁতে ক’ব, ‘তোমালোকৰ দল আৰু তোমালোকৰ অহংকাৰ কোনো কামত নাহিল’।

তাফছীৰ

আৰু আৰাফৰ অধিবাসী সকলে কিছুমান জাহান্নামী কাফিৰক মাতি ক'ব, যিসকলক তেওঁলোকে সিহঁতৰ কলা পৰি যোৱা মুখমণ্ডল আৰু নীলা চকুৰ দ্বাৰা চিনি পাব। সিহঁতক ক'বঃ তোমালোকৰ বিশাল সা-সম্পত্তি আৰু জনবলে কোনো উপকাৰ কৰিব নোৱাৰিলে, লগতে তোমালোকে অহংকাৰ আৰু সত্যৰ পৰা বিমুখ হোৱাৰ পিছতো একো লাভ কৰিব নোৱাৰিলা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক