ছূৰা 7 · জুজ 8

Al-A'raf · 7:49

أَهَٰؤُلَاءِ الَّذِينَ أَقْسَمْتُمْ لَا يَنَالُهُمُ اللَّهُ بِرَحْمَةٍ ۚ ادْخُلُوا الْجَنَّةَ لَا خَوْفٌ عَلَيْكُمْ وَلَا أَنْتُمْ تَحْزَنُونَ

চোৱাচোন! এওঁলোকেই সেইসকল লোকনে? যিসকলৰ বিষয়ে তোমালোকে শপত খাই কৈছিলা যে, ‘আল্লাহে সিহঁতক ৰহমত নকৰিব’; (এওঁলোককেই কোৱা হ’ব) ‘তোমালোকে জান্নাতত প্ৰৱেশ কৰা, তোমালোকৰ কোনো ভয় নাই আৰু তোমালোকে চিন্তিতও নহ’বা’।

তাফছীৰ

আল্লাহে কাফিৰসকলক ভৰ্ৎসনা কৰি ক'বঃ এওঁলোকৰ বিষয়েই তোমালোকে শপত খাই কৈছিলা নেকি যে, আল্লাহে কেতিয়াও এওঁলোকৰ প্ৰতি কৃপা নকৰিব? তেতিয়া আল্লাহে মুমিনসকলক ক'বঃ হে মুমিনসকল! তোমালোকে জান্নাতত প্ৰৱেশ কৰা। তোমালোকে কোনো ধৰণৰ ভয়ৰ সন্মুখীন নহ'বা, আৰু পৃথিৱী এৰি অহাৰো কোনো চিন্তা নহ'ব। কিয়নো তোমালোকে চিৰস্থায়ী অনুগ্ৰহসমূহ লাভ কৰিছা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক