ছূৰা 7 · জুজ 8
Al-A'raf · 7:50
وَنَادَىٰ أَصْحَابُ النَّارِ أَصْحَابَ الْجَنَّةِ أَنْ أَفِيضُوا عَلَيْنَا مِنَ الْمَاءِ أَوْ مِمَّا رَزَقَكُمُ اللَّهُ ۚ قَالُوا إِنَّ اللَّهَ حَرَّمَهُمَا عَلَى الْكَافِرِينَ
জাহান্নামীসকলে জান্নাতীসকলক সম্বোধন কৰি ক’ব, ‘আমাৰ ওপৰত অকণমান পানী ঢালি দিয়া নাইবা আল্লাহে তোমালোকক যি জীৱিকা দান কৰিছে তাৰ পৰা অলপ দিয়া’। সিহঁতে ক’ব, ‘নিশ্চয় আল্লাহে এই দুটা কাফিৰসকলৰ বাবে হাৰাম কৰিছে’।
তাফছীৰ
জাহান্নামীসকলে জান্নাতীসকলক মাতি অনুৰোধ কৰিব যে, হে জান্নাতৰ অধিবাসীসকল! আমাৰ ওপৰত অলপ পানী ঢালি দিয়া অথবা আল্লাহে তোমালোকক যি জীৱিকা দান কৰিছে তাৰ পৰা আমাক অলপ দান কৰা। জান্নাতীসকলে ক'বঃ নিশ্চয় আল্লাহে এই দুয়োটা বস্তু কাফিৰসকলৰ ওপৰত সিহঁতৰ কুফৰৰ কাৰণে হাৰাম কৰি দিছে আৰু যিটোক আল্লাহে হাৰাম কৰিছে আমি সেইটো তোমালোকক দিব নোৱাৰিম।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক