ছূৰা 7 · জুজ 8

Al-A'raf · 7:46

وَبَيْنَهُمَا حِجَابٌ ۚ وَعَلَى الْأَعْرَافِ رِجَالٌ يَعْرِفُونَ كُلًّا بِسِيمَاهُمْ ۚ وَنَادَوْا أَصْحَابَ الْجَنَّةِ أَنْ سَلَامٌ عَلَيْكُمْ ۚ لَمْ يَدْخُلُوهَا وَهُمْ يَطْمَعُونَ

আৰু সিহঁত উভয়ৰ মাজত থাকিব পৰ্দা, আৰু আ’ৰাফৰ মাজত থাকিব কিছুমান লোক, যিসকলে প্ৰত্যেককে তাৰ চিহ্নৰ দ্বাৰা চিনি পাব। সিহঁতে জান্নাতবাসীসকলক সম্বোধন কৰি ক’ব, ‘ছালাম বৰ্ষিত হওঁক তোমালোকৰ ওপৰত’। সিহঁত তেতিয়ালৈকে জান্নাতত প্ৰৱেশ কৰা নাই কিন্তু আকাংক্ষা কৰে।

তাফছীৰ

জান্নাতী তথা জাহান্নামীসকলৰ মাজত থাকিব এটা সুউচ্চ বেৰ, যাৰ নাম হৈছে আৰাফ, আৰু সেই সুউচ্চ দেৱালৰ ওপৰত থাকিব কিছুমান লোক, যিসকলৰ পাপ আৰু পূণ্য হ'ব সমান। তেওঁলোকে জান্নাতীসকলক তেওঁলোকৰ চিহ্নৰ দ্বাৰা চিনি পাব, (যেনেঃ মুখমণ্ডলৰ উজ্জলতা), আৰু জাহান্নামীসকলক সিহঁতৰ মুখমণ্ডল ক'লা পৰি যোৱাৰ ফলত চিনি পাব। আৰাফৰ অধিবাসীসকলে জান্নাতীসকলক সন্মান সহকাৰে মাতি ক'বঃ আপোনালোকৰ ওপৰত শান্তি বৰ্ষিত হওক। আৰাফৰ অধিবাসীসকলে তেতিয়া জান্নাতত প্ৰৱেশ কৰাই নাই, তেওঁলোকে আল্লাহৰ ৰহমতত তাত প্ৰৱেশ কৰাৰ অপেক্ষাত আছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক