ছূৰা 7 · জুজ 8

Al-A'raf · 7:45

الَّذِينَ يَصُدُّونَ عَنْ سَبِيلِ اللَّهِ وَيَبْغُونَهَا عِوَجًا وَهُمْ بِالْآخِرَةِ كَافِرُونَ

‘যিসকলে আল্লাহৰ পথত প্ৰতিবন্ধকতা সৃষ্টি কৰিছিল আৰু সেই পথত বক্ৰতা অনুসন্ধান কৰি ফুৰিছিল; আৰু সিহঁত আছিল আখিৰাতক অস্বীকাৰকাৰী’।

তাফছীৰ

এইসকল যালিমে নিজেও আল্লাহৰ পথৰ পৰা আঁতৰি আছিল আৰু আনকো তাৰ পৰা বিমুখ হোৱাৰ প্ৰেৰণা যোগাইছিল, আৰু এই প্ৰত্যাশা কৰিছিল যে, সত্যৰ পথ বক্ৰ হৈ যাওক, যাতে মানুহে তাত পৰিচালিত হ'ব নোৱাৰে। ইহঁতে আখিৰাতক অস্বীকাৰ কৰিছিল আৰু আখিৰাতৰ বাবে কোনো প্ৰস্তুতি গ্ৰহণ কৰা নাছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক