ছূৰা 7 · জুজ 8

Al-A'raf · 7:56

وَلَا تُفْسِدُوا فِي الْأَرْضِ بَعْدَ إِصْلَاحِهَا وَادْعُوهُ خَوْفًا وَطَمَعًا ۚ إِنَّ رَحْمَتَ اللَّهِ قَرِيبٌ مِنَ الْمُحْسِنِينَ

আৰু পৃথিৱীত শান্তি স্থাপনৰ পিছত তোমালোকে তাত বিপৰ্যয় সৃষ্টি নকৰিবা; আৰু আল্লাহক ভয় আৰু আশাৰ সৈতে প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহৰ অনুগ্ৰহ সৎকৰ্মশীলসকলৰ অতি নিকটৱৰ্তী।

তাফছীৰ

গুনাহ কৰি পৃথিৱীত বিপৰ্যয় সৃষ্টি নকৰিবা, অথচ আল্লাহে ৰাছুল প্ৰেৰণ কৰি পৃথিৱীখনক সংশোধন কৰিছে আৰু তেওঁৰ আনুগত্যৰ জৰিয়তে ইয়াক গঢ়ি তুলিছে। আল্লাহৰ শাস্তিক ভয় কৰি আৰু তেওঁৰ ছোৱাবৰ আশা পোষণ কৰি কেৱল তেওঁৰ ওচৰতেই প্ৰাৰ্থনা কৰা। নিশ্চয় আল্লাহৰ ৰহমত নেকপৰায়ণ লোকসকলৰ অতি সন্নিকট। এতেকে তোমালোকেও তাৰ অন্তৰ্ভুক্ত হোৱা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক