ছূৰা 7 · জুজ 8

Al-A'raf · 7:57

وَهُوَ الَّذِي يُرْسِلُ الرِّيَاحَ بُشْرًا بَيْنَ يَدَيْ رَحْمَتِهِ ۖ حَتَّىٰ إِذَا أَقَلَّتْ سَحَابًا ثِقَالًا سُقْنَاهُ لِبَلَدٍ مَيِّتٍ فَأَنْزَلْنَا بِهِ الْمَاءَ فَأَخْرَجْنَا بِهِ مِنْ كُلِّ الثَّمَرَاتِ ۚ كَذَٰلِكَ نُخْرِجُ الْمَوْتَىٰ لَعَلَّكُمْ تَذَكَّرُونَ

আৰু তেৱেঁই সেই সত্বা, যিজনে তেওঁৰ ৰহমতৰ (বৰষুণৰ) আগত সুসংবাদৰূপে বতাহ প্ৰবাহিত কৰে, অৱশেষত যেতিয়া সেই বতাহে গধুৰ মেঘ বহন কৰে, তেতিয়া আমি সেইটোক মৃত জনপদৰ ফালে চালিত কৰো, তাৰ পিছত আমি তাৰ পৰা পানী বৰ্ষাওঁ আৰু তাৰ দ্বাৰা আমি বিভিন্ন ধৰণৰ ফলমূল উৎপাদন কৰো। এইদৰেই আমি মৃতসকলক জীৱিত কৰিম, যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।

তাফছীৰ

আল্লাহেই বতাহক বৰষুণৰ শুভসংবাদবাহী হিচাপে প্ৰেৰণ কৰে। যেতিয়া পানী ভৰা মেঘক বতাহে লৈ ফুৰে, তেতিয়া আমি মেঘক এটা মৃত ভূমিৰ পিনে লৈ যাওঁ। আৰু তাত পানী বৰ্ষণ কৰো আৰু সেই পানীৰে সকলো প্ৰকাৰৰ ফলমূল তথা খাদ্যদ্ৰৱ্য উৎপন্ন কৰো। এইদৰেই আমি মৃত সকলক জীৱিত কৰি কবৰৰ পৰা পুনৰুত্থান কৰিম। হে মানৱ! এইবোৰ আমি এই কাৰণে কৰিছো, যাতে তোমালোকে আল্লাহৰ ক্ষমতা তথা তেওঁৰ কৰ্ম স্মৰণ কৰিব পাৰা। আৰু যাতে গমি চাব পাৰা যে, নিশ্চয় আল্লাহে মৃতসকলক জীৱিত কৰিবলৈ সক্ষম।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক