ছূৰা 7 · জুজ 8
Al-A'raf · 7:58
وَالْبَلَدُ الطَّيِّبُ يَخْرُجُ نَبَاتُهُ بِإِذْنِ رَبِّهِ ۖ وَالَّذِي خَبُثَ لَا يَخْرُجُ إِلَّا نَكِدًا ۚ كَذَٰلِكَ نُصَرِّفُ الْآيَاتِ لِقَوْمٍ يَشْكُرُونَ
আৰু উৎকৃষ্ট ভূমি- ইয়াৰ ফচল তাৰ প্ৰতিপালকৰ আদেশত উৎপন্ন হয়। আৰু যিটো নিকৃষ্ট, তাত কঠোৰ পৰিশ্ৰম নকৰালৈকে একোৱে নজন্মে। এইদৰে আমি কৃতজ্ঞ সম্প্ৰদায়ৰ বাবে নিদৰ্শনসমূহ বিভিন্নভাৱে বিৱৰণ কৰো।
তাফছীৰ
ভাল ভূমিয়ে আল্লাহৰ আদেশত সুন্দৰ তথা উপযুক্ত পুলি গজায়। ঠিক সেইদৰে মুমিনসকলে উপদেশ শুনি তাৰ পৰা উপকৃত হয়, ইয়াৰ ফলত নেক আমল উৎপন্ন হয়। আনহাতে মৃত আৰু নিমখ মিশ্ৰিত ভূমিয়ে অপ্ৰয়োজনীয় পুলি গজায়, যিবোৰ কোনো কামত নাহে। ঠিক সেইদৰে কাফিৰসকলে উপদেশৰ পৰা উপকৃত নহয়, ফলত সিহঁতে সৎকৰ্মও নকৰে যিটো সিহঁতৰ বাবে লাভদায়ক হ'ব। যিদৰে আমি বিভিন্ন প্ৰকাৰৰ বস্তু উৎপন্ন কৰো, ঠিক সেইদৰে আমি বিভিন্ন প্ৰকাৰৰ দলীল-প্ৰমাণো দাঙি ধৰো, যাতে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপনকাৰী লোক সকলৰ সন্মুখত তেওঁৰ সত্য প্ৰমাণিত হয়। আৰু যাতে তেওঁলোকে ইয়াক অস্বীকাৰ নকৰে, লগতে তেওঁলোকে যাতে প্ৰতিপালকৰ আনুগত্য কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক