ছূৰা 7 · জুজ 8

Al-A'raf · 7:59

لَقَدْ أَرْسَلْنَا نُوحًا إِلَىٰ قَوْمِهِ فَقَالَ يَا قَوْمِ اعْبُدُوا اللَّهَ مَا لَكُمْ مِنْ إِلَٰهٍ غَيْرُهُ إِنِّي أَخَافُ عَلَيْكُمْ عَذَابَ يَوْمٍ عَظِيمٍ

নিশ্চয় আমি নূহক প্ৰেৰণ কৰিছিলো তেওঁৰ সম্প্ৰদায়ৰ ওচৰত। তাৰ পিছত তেওঁ কৈছিল, ‘হে মোৰ সম্প্ৰদায়! একমাত্ৰ আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ আন কোনো সত্য ইলাহ নাই। নিশ্চয় মই তোমালোকৰ ওপৰত মহাদিৱসৰ শাস্তিৰ আশংকা কৰি আছো’।

তাফছীৰ

নিশ্চয় আমি নূহক তেওঁৰ জাতিৰ পিনে ৰাছুল বনাই প্ৰেৰণ কৰিছিলো, যাতে তেওঁ সিহঁতক আল্লাহৰ তাওহীদৰ পিনে আহ্বান কৰে আৰু আল্লাহৰ বাহিৰে আনৰ উপাসনাৰ পৰা বিৰত ৰাখে। এতেকে নূহ আলাইহিছ ছালামে সিহঁতক ক'লেঃ হে মোৰ জাতি! তোমালোকে কেৱল আল্লাহৰ ইবাদত কৰা, তেওঁৰ বাহিৰে তোমালোকৰ কোনো সত্য উপাস্য নাই। আনহাতে যদি তোমালোকে কুফুৰীত অটল থাকা তেন্তে মোৰ আশংকা হয় তোমালোকে এক মহাদিৱসৰ শাস্তিৰ চিকাৰ হ'বা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক