ছূৰা 7 · জুজ 8

Al-A'raf · 7:77

فَعَقَرُوا النَّاقَةَ وَعَتَوْا عَنْ أَمْرِ رَبِّهِمْ وَقَالُوا يَا صَالِحُ ائْتِنَا بِمَا تَعِدُنَا إِنْ كُنْتَ مِنَ الْمُرْسَلِينَ

তাৰ পিছত সিহঁতে সেই উটজনীক হত্যা কৰিলে আৰু আল্লাহৰ আদেশ অমান্য কৰিলে আৰু ক’লে, ‘হে ছলেহ! যদি তুমি (সঁচাই) ৰাছুলসকলৰ অন্তৰ্ভুক্ত তেন্তে তুমি আমাক যিটোৰ ভয় দেখুৱাইছা সেয়া লৈ আহা’।

তাফছীৰ

তাৰ পিছত, যিজনী উটনীক কোনো ধৰণৰ কষ্ট প্ৰদানৰ পৰা ছলেহ আলাইহিছ ছালামে সিহঁতক বাৰণ কৰিছিল, আল্লাহৰ আদেশৰ সন্মুখত অহংকাৰ দেখুৱাই সিহঁতে তাক হত্যা কৰিলে। ছলেহ আলাইহিছ ছালামে সিহঁতক যিটোৰ পৰা সাৱধান কৰিছিল, সেইটোক অসম্ভৱ বুলি ভাৱি উপহাস কৰি কবলৈ ধৰিলেঃ হে ছলেহ! যদি তুমি আল্লাহৰ প্ৰকৃত ৰাছুল হোৱা তেন্তে তুমি আমাক যি শাস্তিৰ ভয় দেখুৱাইছা সেইটো আনাচোন।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক