ছূৰা 7 · জুজ 8
Al-A'raf · 7:76
قَالَ الَّذِينَ اسْتَكْبَرُوا إِنَّا بِالَّذِي آمَنْتُمْ بِهِ كَافِرُونَ
অহংকাৰীসকলে ক’লে, ‘নিশ্চয় তোমালোকে যাৰ কথাত বিশ্বাস কৰিছা আমি তাক অবিশ্বাস কৰো’।
তাফছীৰ
তেওঁৰ সম্প্ৰদায়ৰ অহংকাৰী লোকসকলে ক'লেঃ হে মুমিনসকল! তোমালোকে যাক বিশ্বাস কৰিছা আমি তাক অবিশ্বাস কৰো অস্বীকাৰ কৰো। আমি কেতিয়াও তাৰ প্ৰতি ঈমান পোষণ নকৰো আৰু তাৰ চৰীয়ত মতে আমলো নকৰো।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক