ছূৰা 7 · জুজ 8
Al-A'raf · 7:75
قَالَ الْمَلَأُ الَّذِينَ اسْتَكْبَرُوا مِنْ قَوْمِهِ لِلَّذِينَ اسْتُضْعِفُوا لِمَنْ آمَنَ مِنْهُمْ أَتَعْلَمُونَ أَنَّ صَالِحًا مُرْسَلٌ مِنْ رَبِّهِ ۚ قَالُوا إِنَّا بِمَا أُرْسِلَ بِهِ مُؤْمِنُونَ
তেওঁৰ সম্প্ৰদায়ৰ অহংকাৰী নেতাসকলে সেই সম্প্ৰদায়ৰ যিসকলে ঈমান আনিছিল- যিসকলক দুৰ্বল বুলি ভৱা হৈছিল তেওঁলোকক ক’লে, ‘তোমালোকে জানানে যে, ছলেহ তেওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা প্ৰেৰিত? তেওঁলোকে (উত্তৰত) ক’লে, ‘নিশ্চয় তেওঁ যি লৈ প্ৰেৰিত হৈছে, আমি তাৰ ওপৰত বিশ্বাসী’।
তাফছীৰ
তেওঁৰ সম্প্ৰদায়ৰ অহংকাৰী প্ৰমূখসকল আৰু নেতাসকলে মুমিনসকলক কলে, যিসকলক সিহঁতে দুৰ্বল বুলি গণ্য কৰিছিলঃ তোমালোকে ভাৱা নেকি যে, ছলেহ আল্লাহৰ প্ৰকৃত ৰাছুল? মুমিনসকলে উত্তৰ দিলেঃ ছলেহ আলাইহিছ ছালামক যি প্ৰদান কৰি আমালৈ প্ৰেৰণ কৰা হৈছে আমি সেয়া সত্য বুলি স্বীকাৰ কৰো আৰু তেওঁৰ অনুসৰণ কৰো লগতে তেওঁ লৈ অহা চৰীয়ত মতে আমল কৰো।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক