ছূৰা 7 · জুজ 9
Al-A'raf · 7:193
وَإِنْ تَدْعُوهُمْ إِلَى الْهُدَىٰ لَا يَتَّبِعُوكُمْ ۚ سَوَاءٌ عَلَيْكُمْ أَدَعَوْتُمُوهُمْ أَمْ أَنْتُمْ صَامِتُونَ
আৰু তোমালোকে সিহঁতক সৎপথৰ পিনে আহ্বান কৰিলেও সিহঁতে তোমালোকক অনুসৰণ নকৰিব; তোমালোকে সিহঁতক আহ্বান কৰা বা নিৰৱে থাকা, তোমালোকৰ বাবে উভয়েই সমান।
তাফছীৰ
হে মুশ্বৰিকসকল! এইবোৰ মূৰ্তিক যিবোৰক তোমালোকে আল্লাহৰ বাহিৰে উপাস্য বনাই লৈছা যদি হিদায়ৰ পিনে আহ্বান কৰা তেন্তে সিহঁতে তোমালোকৰ আহ্বানৰ প্ৰতিক্ৰিয়া দিব নোৱাৰিব আৰু তোমালোকৰ কথাও মানিব নোৱাৰিব। সিহঁতৰ ক্ষেত্ৰত তোমালোকৰ আহ্বান কৰা বা নকৰা একে সমান। কিয়নো সেইবোৰ হৈছে নিৰ্জীৱ, বুজিবও নোৱাৰে, শুনিবও নোৱাৰে আৰু কথাও ক'ব নোৱাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক