ছূৰা 7 · জুজ 9

Al-A'raf · 7:194

إِنَّ الَّذِينَ تَدْعُونَ مِنْ دُونِ اللَّهِ عِبَادٌ أَمْثَالُكُمْ ۖ فَادْعُوهُمْ فَلْيَسْتَجِيبُوا لَكُمْ إِنْ كُنْتُمْ صَادِقِينَ

আল্লাহৰ বাহিৰে তোমালোকে যিসকলক আহ্বান কৰা সিহঁত তোমালোকৰ দৰেই বান্দাহ, গতিকে যদি তোমালোকে সত্যবাদী তেন্তে আহ্বান কৰা (চোৱাচোন) সিহঁতে তোমালোকৰ আহ্বানত সঁহাৰি দিয়েনে নাই।

তাফছীৰ

হে মুশ্বৰিকসকল! তোমালোকে আল্লাহৰ বাহিৰে যিবোৰৰ উপাসনা কৰা প্ৰকৃততে সেইবোৰ আল্লাহৰ সৃষ্টি, আৰু সেইবোৰ তেওঁৰেই অধীন। এই ক্ষেত্ৰত সিহঁত তোমালোকৰ দৰেই বৰং তোমালোক সেইবোৰতকৈ উত্তম অৱস্থাত আছা। কিয়নো তোমালোক জীৱিত, কথা কব পাৰা, খোজকাঢ়িব পাৰা, শুনিব পাৰা আৰু দেখিব পাৰা। আনহাতে তোমালোকৰ মূৰ্তিসমূহৰ ওচৰত এইবোৰ শক্তি নাই। এতেকে যদি তোমালোকে নিজৰ দাবীত সত্যবাদী হোৱা তেন্তে সিহঁতক আহ্বান কৰা, সিহঁতে উত্তৰ দিয়ে নে নাই চোৱা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক