ছূৰা 7 · জুজ 8

Al-A'raf · 7:43

وَنَزَعْنَا مَا فِي صُدُورِهِمْ مِنْ غِلٍّ تَجْرِي مِنْ تَحْتِهِمُ الْأَنْهَارُ ۖ وَقَالُوا الْحَمْدُ لِلَّهِ الَّذِي هَدَانَا لِهَٰذَا وَمَا كُنَّا لِنَهْتَدِيَ لَوْلَا أَنْ هَدَانَا اللَّهُ ۖ لَقَدْ جَاءَتْ رُسُلُ رَبِّنَا بِالْحَقِّ ۖ وَنُودُوا أَنْ تِلْكُمُ الْجَنَّةُ أُورِثْتُمُوهَا بِمَا كُنْتُمْ تَعْمَلُونَ

আৰু আমি সিহঁতৰ অন্তৰৰ পৰা ঈৰ্ষা দূৰ কৰিম, সিহঁতৰ তলত নদীসমূহ প্ৰবাহিত হ’ব। সিহঁতে ক’ব, ‘যাৱতীয় প্ৰশংসা আল্লাহৰ বাবে যিজনে আমাক এই পথৰ হিদায়ত কৰিছে। আল্লাহে আমাক হিদায়ত নকৰিলে, আমি কেতিয়াও হিদায়ত নাপালোহেঁতেন। নিশ্চয় আমাৰ প্ৰতিপালকৰ ৰাছুলসকলে সত্য লৈ আহিছিল’। আৰু সিহঁতক সম্বোধন কৰি কোৱা হ’ব, ‘তোমালোকে যি কৰিছিলা তাৰ বাবেই তোমালোকক এই জান্নাতৰ উত্তৰাধিকাৰী কৰা হৈছে’।

তাফছীৰ

জান্নাতত তেওঁলোকে যি অনুগ্ৰহ লাভ কৰিব, তাৰ ভিতৰত এইটোও থাকিব যে, আল্লাহে তেওঁলোকৰ অন্তৰৰ পৰা হিংসা, বিদ্বেষ আদি আঁতৰাই দিব। আৰু তেওঁলোকৰ তলত নিজৰা প্ৰবাহিত কৰিব। তেওঁলোকে আল্লাহৰ অনুগ্ৰহ স্বীকাৰ কৰি ক'বঃ সকলো ধৰণৰ প্ৰশংসা আল্লাহৰ বাবে যিয়ে আমাক সত্কৰ্ম কৰিবলৈ তাওফীক দান কৰিছে আৰু এই মৰ্যদা প্ৰদান কৰিছে। আল্লাহে তাওফীক প্ৰদান নকৰিলে আমি একোৱেই কৰিব নোৱাৰিলোহেঁতেন। নিশ্চয় আমাৰ প্ৰতিপালকৰ ৰাছুলে সকলো ধৰণৰ সন্দেহৰ পৰা মুক্ত সত্য লৈ আহিছিল তথা তেওঁ প্ৰতিশ্ৰুতি আৰু সতৰ্কবাণীৰ ক্ষেত্ৰত আছিল সত্যবাদী। ইয়াৰ পিছত এজন আহ্বানকাৰীয়ে মাতি ক'বঃ এইটোৱে সেই জান্নাত, যিটোৰ কথা আমাৰ ৰাছুলসকলে তোমালোকক কৈছিল। এই জান্নাত আল্লাহে তোমালোকক সেইসমূহ নেক কৰ্মৰ বিনিময়ত দান কৰিছে, যিবোৰৰ দ্বাৰা তোমালোকে আল্লাহৰ সন্তুষ্টি বিচাৰিছিলা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক