ছূৰা 7 · জুজ 9
Al-A'raf · 7:164
وَإِذْ قَالَتْ أُمَّةٌ مِنْهُمْ لِمَ تَعِظُونَ قَوْمًا ۙ اللَّهُ مُهْلِكُهُمْ أَوْ مُعَذِّبُهُمْ عَذَابًا شَدِيدًا ۖ قَالُوا مَعْذِرَةً إِلَىٰ رَبِّكُمْ وَلَعَلَّهُمْ يَتَّقُونَ
আৰু স্মৰণ কৰা, যেতিয়া সিহঁতৰ দল এটাই কৈছিল, ‘আল্লাহে যিসকলক ধ্বংস কৰিব অথবা কঠোৰ শাস্তি দিব, তোমালোকে সিহঁতক কিয় সদুপদেশ দিয়া? সিহঁতে কৈছিল, ‘তোমালোকৰ প্ৰতিপালকৰ ওচৰত দায়িত্ব-মুক্তিৰ বাবে আৰু যাতে সিহঁতে তাক্বৱা অৱলম্বন কৰে সেই বাবে’।
তাফছীৰ
হে ৰাছুল! স্মৰণ কৰা সেই সময়ক, যেতিয়া সিহঁতৰ মাজৰে এটা দলে সিহঁতক এই অনৈতিক কৰ্মৰ পৰা নিষেধ তথা সাৱধান কৰিছিল। তেতিয়া আন এচাম লোকে কৈছিলঃ তোমালোকে এনেকুৱা লোকক কিয় উপদেশ দিয়া যিসকলক আল্লাহে সিহঁতৰ গুনাহৰ ফলত পৃথিৱীতে ধ্বংস কৰিব অথবা ক্বিয়ামতৰ দিনা সিহঁতক কঠোৰ শাস্তি প্ৰদান কৰিব। তেতিয়া উপদেশকাৰী সকলে কৈছিলঃ সৎকৰ্মৰ আদেশ আৰু অসৎকৰ্মৰ পৰা নিষেধ কৰাৰ যি দায়িত্ব আল্লাহে আমাক প্ৰদান কৰিছে, আমি কেৱল সেই দায়িত্ব পালন কৰি আছো, যাতে দায়িত্ব পালন নকৰাৰ বাবে আমি জবাবদিহি হ'ব নালাগে। লগতে যাতে সিহঁতে এই উপদেশৰ পৰা উপকৃত হৈ গুনাহৰ পৰা ৰক্ষা পাব পাৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক