ছূৰা 7 · জুজ 9

Al-A'raf · 7:149

وَلَمَّا سُقِطَ فِي أَيْدِيهِمْ وَرَأَوْا أَنَّهُمْ قَدْ ضَلُّوا قَالُوا لَئِنْ لَمْ يَرْحَمْنَا رَبُّنَا وَيَغْفِرْ لَنَا لَنَكُونَنَّ مِنَ الْخَاسِرِينَ

আৰু সিহঁতে যেতিয়া অনুতপ্ত হ’ল আৰু দেখিলে যে, সিহঁতে বিপথগামী হৈ গৈছে, তেতিয়া সিহঁতে ক’লে, ‘আমাৰ প্ৰতিপালকে যদি আমাৰ প্ৰতি দয়া নকৰে আৰু আমাক ক্ষমা কৰি নিদিয়ে তেন্তে নিশ্চয় আমি ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাম’।

তাফছীৰ

যেতিয়া সিহঁতে লজ্জিত হ'ল আৰু অস্বস্তিবোধ কৰিলে তথা নিজৰ ভুল বুজি পালে যে, আল্লাহৰ লগত দামুৰীটোক অংশী কৰি সিহঁতে পোন পথৰ পৰা আঁতৰি গৈছে, তেতিয়া সিহঁতে আল্লাহৰ ওচৰত বিনয়পূৰ্বক প্ৰাৰ্থনা কৰি কবলৈ ধৰিলেঃ যদি আমাৰ প্ৰতিপালকে আমাৰ ওপৰত দয়া নকৰে আৰু তেওঁৰ আনুগত্য কৰাৰ তাওফীক প্ৰদান নকৰে, লগতে দামুৰীটোক পূজা কৰি আমি যি গুনাহ কৰিছো সেয়া যদি ক্ষমা নকৰে তেন্তে নিশ্চয় আমি পৃথিৱী আৰু আখিৰাতত ক্ষতিগ্ৰস্তসকলৰ অন্তৰ্ভুক্ত হৈ যাম।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক