ছূৰা 7 · জুজ 9

Al-A'raf · 7:148

وَاتَّخَذَ قَوْمُ مُوسَىٰ مِنْ بَعْدِهِ مِنْ حُلِيِّهِمْ عِجْلًا جَسَدًا لَهُ خُوَارٌ ۚ أَلَمْ يَرَوْا أَنَّهُ لَا يُكَلِّمُهُمْ وَلَا يَهْدِيهِمْ سَبِيلًا ۘ اتَّخَذُوهُ وَكَانُوا ظَالِمِينَ

আৰু মুছাৰ সম্প্ৰদায়ে তেওঁৰ অনুপস্থিতিত নিজৰ অলংকাৰেৰে এটা দামুৰী সাজিলে, এটা দেহ (ৰ দৰে প্ৰতিমা) যিটো ‘হাম্বা’ (গৰুৰ দৰে) শব্দ ওলাইছিল। সিহঁতে এইটো দেখা নাছিলনে যে, এইটোৱে সিহঁতৰ লগত কথা ক’ব নোৱাৰে আৰু সিহঁতক কোনো পথৰ সন্ধানো দিব নোৱাৰে? (তথাপিও) সিহঁতে ইয়াকেই উপাস্যৰূপে গ্ৰহণ কৰিলে আৰু সিহঁত আছিল যালিম।

তাফছীৰ

মূছা আলাইহিছ ছালাম তেওঁৰ প্ৰতিপালকৰ লগত সাক্ষাত কৰিবলৈ যোৱাৰ পিছত তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে নিজৰ অলংকাৰৰ দ্বাৰা এটা গৰু পোৱালীৰ প্ৰতিমা সাজিলে, যাৰ মাজত প্ৰাণো নাছিল আৰু কোনো শব্দও নাছিল। সিহঁতে এই কথাটো গম পোৱা নাছিল নেকি যে, এই দামুৰীটোৱে কথাও কব নোৱাৰে আৰু কোনো প্ৰত্যক্ষ বা অপ্ৰত্যক্ষ ভাল বেয়া পথও নেদেখুৱায়, লগতে কোনো উপকাৰও নকৰে আৰু কোনো বিপদ-আপদো দূৰ নকৰে। সিহঁতে সেইটোক উপাস্য হিচাপে গ্ৰহণ কৰিছিল তথা ইয়াৰ দ্বাৰা সিহঁতে নিজৰ ওপৰতে অন্যায় কৰিছিল।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক