ছূৰা 7 · জুজ 9
Al-A'raf · 7:190
فَلَمَّا آتَاهُمَا صَالِحًا جَعَلَا لَهُ شُرَكَاءَ فِيمَا آتَاهُمَا ۚ فَتَعَالَى اللَّهُ عَمَّا يُشْرِكُونَ
তাৰ পিছত যেতিয়া তেওঁ সিহঁতক এজন পূৰ্ণাঙ্গ সুসন্তান দান কৰিলে, তেতিয়া সিহঁতক তেওঁ যি প্ৰদান কৰিছে সেই বিষয়ে সিহঁতে বহুতো অংশীদাৰ (শ্বৰীক) নিৰ্ধাৰণ কৰিলে। প্ৰকৃততে সিহঁতে যিসকলক (তেওঁৰ লগত) অংশী স্থাপন কৰে, আল্লাহ তাতোকৈ বহু উৰ্দ্ধত।
তাফছীৰ
যেতিয়া আল্লাহে সিহঁতৰ দুআ কবুল কৰি এজন সুসন্তান দান কৰিলে, তেতিয়া সিহঁতে আল্লাহে প্ৰদান কৰা বস্তুৰ ক্ষেত্ৰত আনক তেওঁৰ অংশীদাৰ স্থাপন কৰিলে, ফলত নিজ পুত্ৰৰ এনেকুৱা নাম ৰাখিলে, যি নামে বেলেগ কাৰোবাৰ বান্দা হোৱাৰ ইংগিত বহন কৰে। অথচ আল্লাহ সকলো প্ৰকাৰ শ্বিৰ্কৰ পৰা বহু ঊৰ্দ্ধত। কিয়নো কেৱল তেৱেঁই প্ৰতিপালক আৰু উপাস্য।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক