ছূৰা 7 · জুজ 9

Al-A'raf · 7:189

۞ هُوَ الَّذِي خَلَقَكُمْ مِنْ نَفْسٍ وَاحِدَةٍ وَجَعَلَ مِنْهَا زَوْجَهَا لِيَسْكُنَ إِلَيْهَا ۖ فَلَمَّا تَغَشَّاهَا حَمَلَتْ حَمْلًا خَفِيفًا فَمَرَّتْ بِهِ ۖ فَلَمَّا أَثْقَلَتْ دَعَوَا اللَّهَ رَبَّهُمَا لَئِنْ آتَيْتَنَا صَالِحًا لَنَكُونَنَّ مِنَ الشَّاكِرِينَ

তেৱেঁই তোমালোকক এজন ব্যক্তিৰ পৰা সৃষ্টি কৰিছে আৰু তাৰ পৰা তেওঁৰ স্ত্ৰীক সৃষ্টি কৰিছে, যাতে তেওঁ স্ত্ৰীৰ ওচৰত প্ৰশান্তি লাভ কৰে। তাৰ পিছত যেতিয়া তেওঁ স্ত্ৰীৰ সৈতে মিলিত হ’ল তেতিয়া স্ত্ৰীজনী এটি লঘু গৰ্ভধাৰণ কৰিলে আৰু এইটো লৈ অনায়াসে চলা-ফুৰা কৰিব ধৰিলে। অৱশেষত যেতিয়া গা-ভাৰী হ’ল, তেতিয়া তেওঁলোক উভয়ে তেওঁলোকৰ ৰব আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিব ধৰিলে, ‘যদি তুমি আমাক এজন সুসন্তান দান কৰা তেন্তে আমি তোমাৰ প্ৰতি কৃতজ্ঞ হম’।

তাফছীৰ

হে নৰ-নাৰীসকল! আল্লাহ তেৱেঁই, যিজনে তোমালোকক এটা প্ৰাণৰ পৰা সৃষ্টি কৰিছে অৰ্থাৎ আদম আলাইহিছ ছিালামৰ পৰা, আৰু আদমৰ পৰা সৃষ্টি কৰিছে তেওঁৰ স্ত্ৰী হাৱাক। হাৱাক আদম আলাইহিছ ছালামৰ কামিহাড়ৰ পৰা সৃষ্টি কৰিছে, যাতে আদম আলাইহিছ ছালাম সন্তুষ্ট হয় আৰু প্ৰশান্তি লাভ কৰে। এতেকে যেতিয়া পতিয়ে পত্নীৰ লগত সহবাস কৰে তেতিয়া পত্নী লঘু গৰ্ভৱতী হয়, যিটো প্ৰথমাৱস্থাত তাই গমেই নাপায়। গৰ্ভৱতী হোৱাৰ পিছতো নিত্য প্ৰয়োজনীয় কৰ্ম কৰি থাকে, একো গধূৰ অনুভৱ নকৰে। কিন্তু লাহে লাহে যেতিয়া গৰ্ভত থকা শিশু ডাঙৰ হ'বলৈ ধৰে তেতিয়া গধূৰ অনুভৱ কৰে, আৰু তেতিয়া পতি পত্নী উভয়ে আল্লাহৰ ওচৰত দুআ কৰি কয়ঃ হে আমাৰ প্ৰতিপালক! যদি তুমি আমাক এজন পূৰ্ণাংগ সুসন্তান দান কৰা তেন্তে আমি তোমাৰ অনুগ্ৰহৰ কৃতজ্ঞ হম।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক