ছূৰা 7 · জুজ 9

Al-A'raf · 7:188

قُلْ لَا أَمْلِكُ لِنَفْسِي نَفْعًا وَلَا ضَرًّا إِلَّا مَا شَاءَ اللَّهُ ۚ وَلَوْ كُنْتُ أَعْلَمُ الْغَيْبَ لَاسْتَكْثَرْتُ مِنَ الْخَيْرِ وَمَا مَسَّنِيَ السُّوءُ ۚ إِنْ أَنَا إِلَّا نَذِيرٌ وَبَشِيرٌ لِقَوْمٍ يُؤْمِنُونَ

কোৱা, ‘আল্লাহে যি ইচ্ছা কৰে তাৰ বাহিৰে মোৰ নিজৰ উপকাৰ-অপকাৰৰ ওপৰতো মোৰ কোনো অধিকাৰ নাই। গায়েব বা অদৃশ্যৰ জ্ঞান যদি মোৰ থাকিলহেঁতেন তেন্তে মই বহুতো কল্যাণ লাভ কৰিলোহেঁতেন আৰু কোনো ধৰণৰ অকল্যাণেই মোক স্পৰ্শ কৰিব নোৱাৰিলেহেঁতেন। মই কেৱল ঈমান্দাৰ সম্প্ৰদায়ৰ বাবে সতৰ্ককাৰী আৰু সুসংবাদদাতাৰ বাহিৰে আন একো নহয়’।

তাফছীৰ

হে মুহাম্মদ! আপুনি কৈ দিয়ক যে, মই নিজৰ বাবে কোনো কল্যাণ কঢ়িয়াই আনিব নোৱাৰো লগতে নিজকে কোনো অকল্যাণৰ পৰা ৰক্ষাও কৰিব নোৱাৰো। কিন্তু আল্লাহে ইচ্ছা কৰিলে সেয়া সুকীয়া কথা। এই কাম কেৱল আল্লাহৰ। মই কেৱল সেইখিনিয়ে জানো যিখিনি আল্লাহে মোক শিকাইছে। এতেকে মই গায়েব (অদৃশ্য) সম্পৰ্কে একো নাজানো। যদি গায়েব সম্পৰ্কে জানিলোহেঁতেন তেন্তে সকলো বিষয়ৰ পৰিণাম সম্পৰ্কে অৱগত হোৱা হেতুকে প্ৰত্যেক সেই কাম কৰিলোহেঁতেন যিটো মোৰ বাবে উপকাৰী আৰু প্ৰত্যেক অকল্যাণৰ পৰা ৰক্ষাকাৰী। মই কেৱল আল্লাহৰ তৰফৰ পৰা প্ৰেৰিত এজন ৰাছুল। তেওঁৰ কষ্টদায়ক শাস্তিৰ পৰা ভয় দেখুৱাওঁ। লগতে সেইসকল লোকক মহাপ্ৰতিফলৰ শুভসংবাদ দিওঁ যিসকলে বিশ্বাস কৰে যে, মই আল্লাহৰ ফালৰ পৰা প্ৰেৰিত ৰাছুল, আৰু মই লৈ অহা চৰীয়তক মনে প্ৰাণে মানি লৈছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক