ছূৰা 7 · জুজ 9
Al-A'raf · 7:187
يَسْأَلُونَكَ عَنِ السَّاعَةِ أَيَّانَ مُرْسَاهَا ۖ قُلْ إِنَّمَا عِلْمُهَا عِنْدَ رَبِّي ۖ لَا يُجَلِّيهَا لِوَقْتِهَا إِلَّا هُوَ ۚ ثَقُلَتْ فِي السَّمَاوَاتِ وَالْأَرْضِ ۚ لَا تَأْتِيكُمْ إِلَّا بَغْتَةً ۗ يَسْأَلُونَكَ كَأَنَّكَ حَفِيٌّ عَنْهَا ۖ قُلْ إِنَّمَا عِلْمُهَا عِنْدَ اللَّهِ وَلَٰكِنَّ أَكْثَرَ النَّاسِ لَا يَعْلَمُونَ
সিহঁতে তোমাক কিয়ামত সম্পৰ্কে প্ৰশ্ন কৰি কয়, ‘সেয়া কেতিয়া সংঘটিত হ’ব’? কোৱা, ‘এই বিষয়ৰ জ্ঞান কেৱল মোৰ প্ৰতিপালকৰ ওচৰত। কেৱল তেৱেঁই যথাসময়ত সেইটোৰ প্ৰকাশ ঘটাব। আকস্মিকভাৱে সেয়া তোমালোকৰ ওপৰত আহি পৰিব’। সিহঁতে তোমাক প্ৰশ্ন কৰিছে যেনিবা তুমি এই বিষয়ে সবিশেষ অৱহিত। কোৱা, ‘এই বিষয়ৰ জ্ঞান কেৱল আল্লাহৰ ওচৰত, কিন্তু অধিকাংশ মানুহেই (এই সত্যটো) নাজানে’।
তাফছীৰ
হে নবী! এই নিষ্ঠুৰ অস্বীকাৰকাৰীসকলে আপোনাৰ ওচৰত ক্বিয়ামত সম্পৰ্কে প্ৰশ্ন কৰে যে, সেয়া কেতিয়া সংঘটিত হ'ব আৰু ইয়াৰ সঠিক সময় কোনটো, আপুনি কৈ দিয়ক যে, এই বিষয়ে সঠিক তথ্য মোৰ ওচৰতো নাই আৰু মোৰ বাহিৰে আন কাৰো ওচৰতো নাই। ইয়াৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰত আছে। ইয়াক ইয়াৰ নিৰ্ধাৰিত সময়ত কেৱল আল্লাহেই সংঘটিত কৰিব। ক্বিয়ামত প্ৰকট হোৱাৰ তথ্য আকাশমণ্ডল আৰু পৃথিৱীৰ অধিবাসীসকলৰ পৰা গোপন ৰখা হৈছে। এইটো আকস্মিক সংঘটিত হব। সিহঁতে আপোনাক ক্বিয়ামত সম্পৰ্কে এনেকৈ প্ৰশ্ন কৰি আছে যেনিবা আপুনি সেই বিষয়ে জনাৰ বাবে আগ্ৰহী। সিহঁতে নাজানে যে, আপুনি আপোনাৰ প্ৰতিপালক সম্পৰ্কে পূৰ্ণ অৱগত, সেই কাৰণে আপুনি ক্বিয়ামত সম্পৰ্কে তেওঁক নুসোধে। হে মুহাম্মদ! আপুনি সিহঁতক কৈ দিয়ক যে, ক্বিয়ামতৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰত আছে, কিন্তু অধিকাংশ লোক এই বিষয়ে অৱগত নহয়।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক