ছূৰা 7 · জুজ 9
Al-A'raf · 7:186
مَنْ يُضْلِلِ اللَّهُ فَلَا هَادِيَ لَهُ ۚ وَيَذَرُهُمْ فِي طُغْيَانِهِمْ يَعْمَهُونَ
আল্লাহে যিসকলক বিপথগামী কৰে সিহঁতৰ কোনো পথপ্ৰদৰ্শক নাই; আৰু তেওঁ সিহঁতক সিহঁতৰ অবাধ্যতাত লক্ষ্যহীনৰ দৰে ঘুৰি ফুৰিবলৈ এৰি দিয়ে।
তাফছীৰ
যাক আল্লাহে হিদায়তৰ পৰা দূৰ কৰি দিয়ে আৰু পোন পথৰ পৰা আঁতৰাই দিয়ে, তাক কোনেও হিদায়ত দিব নোৱাৰে। আৰু আল্লাহে তাক কুফৰ তথা পথভ্ৰষ্টতাৰ মাজত এৰি দিয়ে, তাত সিহঁত দিশহাৰা হৈ পৰিব, কোনো পথ বিচাৰি নাপাব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক