ছূৰা 7 · জুজ 9

Al-A'raf · 7:185

أَوَلَمْ يَنْظُرُوا فِي مَلَكُوتِ السَّمَاوَاتِ وَالْأَرْضِ وَمَا خَلَقَ اللَّهُ مِنْ شَيْءٍ وَأَنْ عَسَىٰ أَنْ يَكُونَ قَدِ اقْتَرَبَ أَجَلُهُمْ ۖ فَبِأَيِّ حَدِيثٍ بَعْدَهُ يُؤْمِنُونَ

আকাশমণ্ডল আৰু পৃথিৱীৰ সাৰ্বভৌম কৰ্তৃত্ব সম্পৰ্কে লগতে আল্লাহে যি সৃষ্টি কৰিছে সেই বিষয়ে সিহঁতে চিন্তা-চৰ্চা কৰা নাইনে, আৰু এই বিষয়েও যে, সম্ভৱত সিহঁতৰ নিৰ্ধাৰিত সময় নিকটৱৰ্তী হৈছে; গতিকে ইয়াৰ পিছত সিহঁতে আৰু কোন কথাত ঈমান আনিব?

তাফছীৰ

আকাশমণ্ডল আৰু পৃথিৱীৰ আল্লাহৰ ৰাজত্বৰ প্ৰতি সিহঁতে শিক্ষা গ্ৰহণৰ উদ্দেশ্যে দৃষ্টিপাত কৰা নাইনে? উভয়ৰ মাজত আল্লাহে যিবোৰ জীৱ আৰু নিৰ্জীৱ সৃষ্টি কৰিছে সেইবোৰৰ প্ৰতি দৃষ্টিপাত কৰা নাইনে? নিজৰ নিৰ্ধাৰিত সময়ৰ প্ৰতি লক্ষ্য কৰা নাইনে, হয়তো সেই নিৰ্ধাৰিত সময় অতি সন্নিকট? এতেকে এই সময় অতিবাহিত হোৱাৰ পূৰ্বেই তাওবা কৰা উচিত। এতেকে যিহেতু সিহঁতে কোৰআন আৰু তাৰ মাজত থকা প্ৰতিশ্ৰুতি আৰু সতৰ্কবাণীৰ প্ৰতি ঈমান পোষণ কৰা নাই, তেন্তে ইয়াৰ বাহিৰে আৰু কোনটো কিতাপৰ প্ৰতি ঈমান পোষণ কৰিব?

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক