ছূৰা 7 · জুজ 9
Al-A'raf · 7:191
أَيُشْرِكُونَ مَا لَا يَخْلُقُ شَيْئًا وَهُمْ يُخْلَقُونَ
সিহঁতে এনেকুৱা বস্তুক অংশী কৰে নেকি যিসকলে একোৱেই সৃষ্টি কৰা নাই? বৰং সিহঁত নিজেই সৃষ্ট।
তাফছীৰ
সিহঁতে এই মূৰ্ত্তিবোৰক আৰু ইয়াৰ বাহিৰে আন আন বস্তুবোৰক ইবাদতৰ ক্ষেত্ৰত আল্লাহৰ অংশী স্থাপন কৰে, অথচ সিহঁতে জানে যে, এই মূৰ্তিবোৰে একোৱে সৃষ্টি কৰিব নোৱাৰে যাৰ ফলত সিহঁত ইবাদতৰ যোগ্য হ'ব, বৰং সিহঁত নিজেই হৈছে একো একোটা সৃষ্টি। তেন্তে এইবোৰক সিহঁতে কেনেকৈ আল্লাহৰ অংশী স্থাপন কৰে?
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক