ছূৰা 7 · জুজ 9
Al-A'raf · 7:116
قَالَ أَلْقُوا ۖ فَلَمَّا أَلْقَوْا سَحَرُوا أَعْيُنَ النَّاسِ وَاسْتَرْهَبُوهُمْ وَجَاءُوا بِسِحْرٍ عَظِيمٍ
তেওঁ (মুছাই) ক’লে, ‘তোমালোকেই নিক্ষেপ কৰা’। যেতিয়া সিহঁতে নিক্ষেপ কৰিলে, তেতিয়া সিহঁতে মানুহৰ চকুত যাদু কৰিলে, সিহঁতক আতংকিত কৰিলে আৰু এটা ডাঙৰ যাদু প্ৰদৰ্শন কৰিলে।
তাফছীৰ
মূছা আলাইহিছ ছালামে নিজ প্ৰতিপালকৰ সহায়ৰ ওপৰত ভৰসা কৰি সিহঁতক ক'লেঃ তোমালোকেই আগতে তোমালোকৰ লাঠি আৰু ৰছীবোৰ নিক্ষেপ কৰা। এতেকে যেতিয়া সিহঁতে নিজৰ লাঠি আৰু ৰছীবোৰ নিক্ষেপ কৰিলে তেতিয়া সিহঁতে মানুহৰ চকুত যাদু কৰিলে আৰু সিহঁতক বাস্তৱ দেখিবলৈ প্ৰতিৰোধ কৰিলে আৰু আতংকিত কৰিলে, আৰু প্ৰত্যক্ষদৰ্শীসকলৰ সন্মুখত এটা ডাঙৰ যাদু দেখুৱালে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক