ছূৰা 7 · জুজ 9

Al-A'raf · 7:117

۞ وَأَوْحَيْنَا إِلَىٰ مُوسَىٰ أَنْ أَلْقِ عَصَاكَ ۖ فَإِذَا هِيَ تَلْقَفُ مَا يَأْفِكُونَ

আৰু আমি মুছাৰ প্ৰতি অহী কৰিলো যে, ‘তুমি তোমাৰ লাখুটিডাল নিক্ষেপ কৰা’। লগে লগে সেইটোৱে সিহঁতে যি অলীক বস্তু বনাইছিল সেইবোৰক গিলি পেলাবলৈ ধৰিলে;

তাফছীৰ

আল্লাহে তেওঁৰ নবী মূছা কালিমুল্লাহৰ প্ৰতি অহী কৰি ক'লেঃ হে মূছা! তুমি তোমাৰ লাঠি নিক্ষেপ কৰা। ফলত তেওঁ নিজৰ লাঠি নিক্ষেপ কৰিলে। আৰু চকুৰ পলকতে লাঠি সাপত পৰিণত হ'ল আৰু সিহঁতৰ লাঠি আৰু ৰছীবোৰক গিলি পেলাবলৈ ধৰিলে, যিবোৰক সিহঁতে বাস্তৱৰ পৰা ৰূপান্তৰিত কৰি অলীক বস্তু বনাই মানুহক ভ্ৰমিত কৰিছিল যে, এইবোৰ জীৱিত সাপ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক