ছূৰা 7 · জুজ 9

Al-A'raf · 7:126

وَمَا تَنْقِمُ مِنَّا إِلَّا أَنْ آمَنَّا بِآيَاتِ رَبِّنَا لَمَّا جَاءَتْنَا ۚ رَبَّنَا أَفْرِغْ عَلَيْنَا صَبْرًا وَتَوَفَّنَا مُسْلِمِينَ

‘আৰু তুমি আমাক শাস্তি দিব ওলাইছা কেৱল এই বাবে যে, আমি আমাৰ প্ৰতিপালকৰ নিদৰ্শনৰ ওপৰত ঈমান আনিছো যেতিয়া সেয়া আমাৰ ওচৰত আহিছে। হে আমাৰ ৰব! আমাক পৰিপূৰ্ণ ধৈৰ্য দান কৰা আৰু মুছলিমৰূপে আমাক মৃত্যু দান কৰা’।

তাফছীৰ

হে ফিৰআউন! তোমাৰ ওচৰত আমাৰ অপৰাধ কেৱল এইটো যে, আমি আমাৰ প্ৰতিপালকৰ নিদৰ্শনক সত্য বুলি স্বীকাৰ কৰিছো, যিটো মূছা আলাইহিছ ছালামৰ মাধ্যমত আমাৰ ওচৰত আহি পাইছে। যদি এইটো কোনো দোষ অথবা গুনাহ হয়, তেন্তে সঁচাই আমি গুনাহগাৰ। তাৰ পিছত তেওঁলোকে আল্লাহৰ ওচৰত বিনয়পূৰ্বক দুআ কৰিবলৈ ধৰিলে। হে আমাৰ প্ৰতিপালক! আমাৰ ওপৰত ধৈৰ্য ঢালি দিয়া, যাতে আমি ধৈৰ্যশীল হৈ সত্যৰ ওপৰত অটল থাকিব পাৰো। (হে আল্লাহ!) তোমাৰ ওপৰত নিজকে সমৰ্পিত কৰা অৱস্থাত আৰু তোমাৰ আদেশ পালন কৰা অৱস্থাত লগতে তোমাৰ ৰাছুলৰ অনুসৰণ কৰা অৱস্থাত আমাক মৃত্যু প্ৰদান কৰিবা।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক