ছূৰা 7 · জুজ 9

Al-A'raf · 7:205

وَاذْكُرْ رَبَّكَ فِي نَفْسِكَ تَضَرُّعًا وَخِيفَةً وَدُونَ الْجَهْرِ مِنَ الْقَوْلِ بِالْغُدُوِّ وَالْآصَالِ وَلَا تَكُنْ مِنَ الْغَافِلِينَ

আৰু তুমি তোমাৰ প্ৰতিপালকক পুৱা-গধূলি নিজ মনতে স্মৰণ কৰা সবিনয়ে, সশংকচিত্তে আৰু অনুচ্চস্বৰে। লগতে উদাসীনসকলৰ অন্তৰ্ভুক্ত নহ’বা।

তাফছীৰ

হে ৰাছুল! আপোনাৰ প্ৰতিপালক আল্লাহক ভীত হৈ বিনয়পূৰ্বকভাৱে স্মৰণ কৰক, আৰু দুআৰ সময়ত (উচ্চস্বৰো নহয়, নিম্নস্বৰো নহয়) মধ্যমস্বৰ অৱলম্বন কৰক, দিনৰ প্ৰথম ভাগত আৰু অন্তিম ভাগত। কাৰণ এই দুয়োটা সময়ৰ আছে বহুত ফজিলত। আপুনি সেইসকল লোকৰ অন্তৰ্ভুক্ত নহব যিসকলে আল্লাহক স্মৰণ কৰাৰ ক্ষেত্ৰত অমনোযোগী হৈ থাকে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক