ছূৰা 7 · জুজ 9

Al-A'raf · 7:134

وَلَمَّا وَقَعَ عَلَيْهِمُ الرِّجْزُ قَالُوا يَا مُوسَى ادْعُ لَنَا رَبَّكَ بِمَا عَهِدَ عِنْدَكَ ۖ لَئِنْ كَشَفْتَ عَنَّا الرِّجْزَ لَنُؤْمِنَنَّ لَكَ وَلَنُرْسِلَنَّ مَعَكَ بَنِي إِسْرَائِيلَ

আৰু যেতিয়াই সিহঁতৰ ওপৰত শাস্তি আহিছিল তেতিয়াই সিহঁতে কৈছিল, ‘হে মুছা! তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ বাবে প্ৰাৰ্থনা কৰা তোমাৰ লগত তেওঁ যি অঙ্গীকাৰ কৰিছে সেই অনুযায়ী; যদি তুমি আমাৰ পৰা শাস্তি দূৰ কৰি দিব পাৰা তেন্তে আমি নিশ্চয় তোমাৰ ওপৰত ঈমান আনিম আৰু অৱশ্যে বনী ইছৰাঈলক তোমাৰ লগত যাবলৈ দিম’।

তাফছীৰ

যেতিয়া এইবোৰ শাস্তি আহিল তেতিয়া সিহঁতে মূছা আলাইহিছ ছালামৰ ওচৰত আহি ক'লেঃ হে মূছা! তোমাক দান কৰা বিশেষ নবুওৱতৰ মাধ্যমত আৰু তাওবাৰ ফলত শাস্তি উঠাই লোৱাৰ যি প্ৰতিশ্ৰুতি তোমাক দিয়া হৈছে তাৰ জৰিয়তে তুমি তোমাৰ প্ৰতিপালকৰ ওচৰত আমাৰ এই শাস্তি উঠাই লোৱাৰ বাবে দুআ কৰা। যদি তুমি আমাৰ পৰা এই শাস্তি দূৰ কৰিব পাৰা তেন্তে আমি অৱশ্যে তোমাৰ প্ৰতি ঈমান পোষণ কৰিম, লগতে বনী ইছৰাঈলক স্বাধীনতা প্ৰদান কৰি তোমাৰ লগত যাবলৈ দিম।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক