ছূৰা 7 · জুজ 8

Al-A'raf · 7:29

قُلْ أَمَرَ رَبِّي بِالْقِسْطِ ۖ وَأَقِيمُوا وُجُوهَكُمْ عِنْدَ كُلِّ مَسْجِدٍ وَادْعُوهُ مُخْلِصِينَ لَهُ الدِّينَ ۚ كَمَا بَدَأَكُمْ تَعُودُونَ

কোৱা, ‘মোৰ প্ৰতিপালকে ন্যায় বিচাৰৰ নিৰ্দেশ দিছে’। আৰু তোমালোকে প্ৰত্যেক ছাজদাৰ সময়ত বা ইবাদতত তোমালোকৰ লক্ষ্য কেৱল আল্লাহকেই নিৰ্ধাৰণ কৰা আৰু তেওঁৰেই আনুগত্যত বিশুদ্ধচিত্ত হৈ একনিষ্ঠভাৱে তেওঁকেই আহ্বান কৰা। তেওঁ তোমালোকক যেনেকৈ প্ৰথমবাৰ সৃষ্টি কৰিছে তোমালোকে সেইদৰেই উভতি আহিবা।

তাফছীৰ

হে মুহাম্মদ! আপুনি এই মুশ্বৰিকসকলক কৈ দিয়ক যে, আল্লাহে ন্যায়ৰ আদেশ দিয়ে, গুনাহ তথা নিৰ্লজ্জতাৰ নহয়। লগতে তেওঁ আদেশ দিছে যে, তোমালোকে সাধাৰণতে নিৰ্ভেজালভাৱে তেওঁৰেই ইবাদত কৰা, বিশেষকৈ মছজিদত তেওঁৰ ইবাদত কৰিবা, আৰু তেওঁৰেই আনুগত্য কৰিবা তথা কেৱল তেওঁৰ ওচৰতেই প্ৰাৰ্থনা কৰিবা। যিদৰে তেওঁ তোমালোকক অস্তিত্ব প্ৰদান কৰিছে, ঠিক সেইদৰে তেওঁ তোমালোকক আকৌ পুনৰ্জীৱিত কৰিব। কিয়নো প্ৰথমবাৰ সৃষ্টি কৰা সত্ত্বাই দ্বিতীয়বাৰ সৃষ্টি কৰাটো কোনো ডাঙৰ বিষয় নহয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক