ছূৰা 7 · জুজ 9

Al-A'raf · 7:93

فَتَوَلَّىٰ عَنْهُمْ وَقَالَ يَا قَوْمِ لَقَدْ أَبْلَغْتُكُمْ رِسَالَاتِ رَبِّي وَنَصَحْتُ لَكُمْ ۖ فَكَيْفَ آسَىٰ عَلَىٰ قَوْمٍ كَافِرِينَ

তাৰ পিছত তেওঁ সিহঁতৰ পৰা মুখ ঘূৰাই ল’লে আৰু ক’লে, ‘হে মোৰ সম্প্ৰদায়! মোৰ প্ৰতিপালকৰ ৰিছালত (প্ৰাপ্ত বাণী) মই তোমালোকৰ ওচৰত পৌঁচাই দিছো আৰু তোমালোকৰ কল্যাণ কামনা কৰিছো। এতেকে মই কাফিৰ সম্প্ৰদায়ৰ বাবে কেনেকৈ আক্ষেপ কৰিম’!

তাফছীৰ

সিহঁত ধ্বংস হোৱাৰ পিছত শ্বুআইব আলাইহিছ ছালামে সিহঁতৰ পৰা মুখ ঘূৰাই ললে আৰু ক'লেঃ হে মোৰ সম্প্ৰদায়! মই তোমালোকক সেই বাৰ্তা পৌঁচাই দিছো, যিটো পৌঁচাই দিবলৈ মোক মোৰ প্ৰতিপালকে আদেশ দিছিল, আৰু মই তোমালোকৰ কল্যাণ কামনা কৰিছিলো কিন্তু তোমালোকে মোৰ পৰামৰ্শ নামানিলা, লগতে মই দেখুৱা পথত পৰিচালিত নহ'লা। তেন্তে মই কিয় এনেকুৱা জাতিৰ বাবে আক্ষেপ কৰিম বা শোক পালন কৰিম, যি জাতিয়ে আল্লাহক অস্বীকাৰ কৰে আৰু কুফৰৰ ওপৰত অটল থাকে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক