ছূৰা 7 · জুজ 9

Al-A'raf · 7:162

فَبَدَّلَ الَّذِينَ ظَلَمُوا مِنْهُمْ قَوْلًا غَيْرَ الَّذِي قِيلَ لَهُمْ فَأَرْسَلْنَا عَلَيْهِمْ رِجْزًا مِنَ السَّمَاءِ بِمَا كَانُوا يَظْلِمُونَ

তথাপিও সিহঁতৰ মাজত যিসকলে যালিম আছিল সিহঁতক যি কোৱা হৈছিল, তাৰ পৰিবৰ্তে সিহঁতে আন কথা ক’লে। সেয়ে আমি আকাশৰ পৰা সিহঁতৰ প্ৰতি শাস্তি পঠালো, কাৰণ সিহঁতে অন্যায় কৰিছিল।

তাফছীৰ

তাৰ পিছত সিহঁতৰ মাজৰ অন্যায়কাৰীসকলে সেই বাক্যক বিকৃত কৰিলে যিটো বাক্য সিহঁতক পাঠ কৰিবলৈ আদেশ কৰা হৈছিল। ক্ষমা প্ৰাৰ্থনামূলক বাক্যটোৰ পৰিবৰ্তে সিহঁতে ক’লে, “চুলিৰ মাজত দানা”। আনহাতে যিদৰে সিহঁতক প্ৰৱেশ কৰিবলৈ কোৱা হৈছিল, সেইটোৰো ওলোটা কৰিলে। সিহঁতে আল্লাহৰ প্ৰতি নতহৈ বিনীতভাৱে প্ৰৱেশ কৰাৰ পৰিবৰ্তে বুকু ফুলাই নিতম্ব চোঁচৰাই প্ৰৱেশ কৰিলে। এতেকে সিহঁতৰ অন্যায়ৰ কাৰণে আমি সিহঁতৰ ওপৰত আকাশৰ পৰা শাস্তি প্ৰেৰণ কৰিলোঁ।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক