ছূৰা 7 · জুজ 9

Al-A'raf · 7:101

تِلْكَ الْقُرَىٰ نَقُصُّ عَلَيْكَ مِنْ أَنْبَائِهَا ۚ وَلَقَدْ جَاءَتْهُمْ رُسُلُهُمْ بِالْبَيِّنَاتِ فَمَا كَانُوا لِيُؤْمِنُوا بِمَا كَذَّبُوا مِنْ قَبْلُ ۚ كَذَٰلِكَ يَطْبَعُ اللَّهُ عَلَىٰ قُلُوبِ الْكَافِرِينَ

এইবোৰ জনপদৰ কিছু বিৱৰণ আমি তোমাৰ ওচৰত বৰ্ণনা কৰি আছো, সিহঁতৰ ওচৰত সিহঁতৰ ৰাছুলসকলে স্পষ্ট প্ৰমাণসহ আহিছিল; কিন্তু পূৰ্বে সিহঁতে যিটো মিছা বুলি অগ্ৰাহ্য কৰিছিল সেয়া দুনাই বিশ্বাস কৰিবলৈ সিহঁতে মান্তি নহয়। এইদৰেই আল্লাহে কাফিৰসকলৰ অন্তৰত মোহৰ মাৰি দিয়ে।

তাফছীৰ

হে ৰাছুল! এইবোৰ আছিল পূৰ্বৱৰ্তী নগৰ, অৰ্থাৎ নূহ, হূদ, ছলেহ, লূত আৰু শ্বুআইব আলাইহিছ ছালামৰ নগৰ। যিসকলৰ কাহিনী আৰু সিহঁতৰ অস্বীকাৰ তথা কট্টৰতাৰ বৰ্ণনা আৰু সিহঁতৰ বিনাশৰ বিৱৰণ আমি আপোনাক শুনাই আছো, যাতে এয়া শিক্ষা গ্ৰহণকাৰী সকলৰ বাবে শিক্ষা আৰু উপদেশ আহৰণকাৰী সকলৰ বাবে উপদেশ হয়। এই নগৰবাসীসকলৰ ওচৰত ৰাছুলসকলে তেওঁলোকৰ সত্যতাৰ স্পষ্ট প্ৰমাণ লৈ আহিছিল, কিন্তু সিহঁতে ৰাছুলসকলৰ প্ৰতি ঈমান পোষণ কৰা নাছিল, এই কথা আল্লাহেও ভালকৈ জানিছিল যে, সিহঁতে তেওঁলোকক অস্বীকাৰ কৰিব। যিদৰে আল্লাহে এই নগৰৰ অধিবাসীসকলৰ অন্তৰত মোহৰ মাৰি দিছিল, ঠিক সেইদৰে আল্লাহে মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামক অস্বীকাৰকাৰী লোকসকলৰ অন্তৰতো মোহৰ মাৰি দিব আৰু সিহঁতে ঈমান পোষণ কৰিবলৈ সৌভাগ্য লাভ নকৰিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক