ছূৰা 7 · জুজ 9

Al-A'raf · 7:100

أَوَلَمْ يَهْدِ لِلَّذِينَ يَرِثُونَ الْأَرْضَ مِنْ بَعْدِ أَهْلِهَا أَنْ لَوْ نَشَاءُ أَصَبْنَاهُمْ بِذُنُوبِهِمْ ۚ وَنَطْبَعُ عَلَىٰ قُلُوبِهِمْ فَهُمْ لَا يَسْمَعُونَ

কোনো দেশৰ জনগণৰ পিছত যিসকলে সেই দেশৰ উত্তৰাধিকাৰী হয় সিহঁতৰ ওচৰত এইটো প্ৰতীয়মান হোৱা নাইনে যে, আমি ইচ্ছা কৰিলে সিহঁতৰ পাপকৰ্মৰ ফলত সিহঁতক শাস্তি দিব পাৰো? আৰু আমি সিহঁতৰ হৃদয়ত মোহৰ মাৰি দিম, ফলত সিহঁতে একো শুনা নাপাব।

তাফছীৰ

সেইসকল লোকৰ সন্মুখত এই তথ্য স্পষ্ট হোৱা নাই নেকি, যিসকলে নিজৰ পূৰ্বপুৰুষৰ পিছত পৃথিৱীত উত্তৰাধিকাৰী হৈছে আৰু সিহঁতৰ পূৰ্বপুৰুষক সিহঁতৰ গুনাহৰ কাৰণে ধ্বংস কৰা হৈছিল। সিহঁতে সিহঁতৰ ওপৰত অহা শাস্তিৰ পৰা শিক্ষা গ্ৰহণ নকৰিলে, বৰং সিহঁতৰ দৰেই কাৰ্যত লিপ্ত থাকিল। এইসকল লোকৰ সন্মুখত এই কথাও স্পষ্ট হোৱা নাই নেকি যে, আল্লাহে যদি ইচ্ছা কৰে তেন্তে ইহঁতক ইহঁতৰ গুনাহৰ কাৰণে তেওঁৰ ৰীতি অনুসাৰে গ্ৰেপ্তাৰ কৰিব পাৰে আৰু অন্তৰত মোহৰ মাৰি দিব পাৰে, ফলত কোনো শিক্ষাৰ পৰা লাভান্বিত হ'ব নোৱাৰিব আৰু কোনো উপদেশও উপকাৰত নাহিব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক