ছূৰা 7 · জুজ 8
Al-A'raf · 7:72
فَأَنْجَيْنَاهُ وَالَّذِينَ مَعَهُ بِرَحْمَةٍ مِنَّا وَقَطَعْنَا دَابِرَ الَّذِينَ كَذَّبُوا بِآيَاتِنَا ۖ وَمَا كَانُوا مُؤْمِنِينَ
তাৰ পিছত আমি তেওঁক আৰু তেওঁৰ সঙ্গীসকলক আমাৰ অনুগ্ৰহত উদ্ধাৰ কৰিছিলো; আৰু আমাৰ আয়াতসমূহক যিসকলে অস্বীকাৰ কৰিছিল আৰু যিসকলে মুমিন নাছিল সিহঁতক নিৰ্মূল কৰিছিলো।
তাফছীৰ
অৱশেষত আমি হূদ আলাইহিছ ছালাম আৰু তেওঁৰ লগত থকা মুমিনসকলক আমি আমাৰ কৃপাত ৰক্ষা কৰিলো। আৰু যিসকলে আমাৰ নিদৰ্শনসমূহক অস্বীকাৰ কৰিছিল, সিহঁতক ধ্বংস কৰিলো। সিহঁত ঈমান পোষণ কৰা নাছিল বৰং অস্বীকাৰ কৰিছিল। সেই কাৰণে সিহঁত শাস্তিৰ চিকাৰ হৈছিল।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক