ছূৰা 7 · জুজ 8

Al-A'raf · 7:71

قَالَ قَدْ وَقَعَ عَلَيْكُمْ مِنْ رَبِّكُمْ رِجْسٌ وَغَضَبٌ ۖ أَتُجَادِلُونَنِي فِي أَسْمَاءٍ سَمَّيْتُمُوهَا أَنْتُمْ وَآبَاؤُكُمْ مَا نَزَّلَ اللَّهُ بِهَا مِنْ سُلْطَانٍ ۚ فَانْتَظِرُوا إِنِّي مَعَكُمْ مِنَ الْمُنْتَظِرِينَ

তেওঁ ক’লে, ‘তোমালোকৰ প্ৰতিপালকৰ শাস্তি আৰু ক্ৰোধ তোমালোকৰ ওপৰত নিৰ্ধাৰিত হৈয়ে আছে; কিন্তু তোমালোকে মোৰ লগত বিতৰ্কত লিপ্ত হ’ব বিচৰা নেকি এনে কিছুমান নাম সম্বন্ধে যিবোৰ নাম তোমালোকে আৰু তোমালোকৰ পিতৃপুৰুষসকলে ৰাখিছা, যি বিষয়ে আল্লাহে কোনো দলীল-প্ৰমাণ অৱতীৰ্ণ কৰা নাই? গতিকে তোমালোকে অপেক্ষা কৰা, ময়ো তোমালোকৰ লগত অপেক্ষা কৰি আছো।

তাফছীৰ

তেতিয়া হূদ আলাইহিছ ছালামে সিহঁতক উত্তৰ দি ক'লেঃ নিশ্চয় তোমালোক আল্লাহৰ শাস্তিৰ অধিকাৰী হৈছা, এতেকে অৱশ্যে সেই শাস্তি তোমালোকৰ ওপৰত আহিব। তোমালোকে মোৰ লগত এনেকুৱা মূৰ্তিৰ বিষয়ে বাদানুবাদ কৰা নেকি যিবোৰক তোমালোকে আৰু তোমালোকৰ পূৰ্বপুৰুষসকলে উপাস্যৰ নাম দিছা, প্ৰকৃততে সিহঁত উপাস্য নহয়? এইবোৰক উপাস্য বুলি যে তোমালোকে দাবী কৰা, আল্লাহে এই বিষয়ে কোনো প্ৰমাণ অৱতীৰ্ণ কৰা নাই। এতেকে তোমালোকে যিটো শাস্তিৰ বাবে ততাতৈয়া কৰি আছা তাৰ অপেক্ষা কৰা, ময়ো তোমালোকৰ লগত অপেক্ষা কৰি আছো। নিশ্চয় সেইটো বাস্তৱায়িত হ'ব।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক