ছূৰা 7 · জুজ 9
Al-A'raf · 7:131
فَإِذَا جَاءَتْهُمُ الْحَسَنَةُ قَالُوا لَنَا هَٰذِهِ ۖ وَإِنْ تُصِبْهُمْ سَيِّئَةٌ يَطَّيَّرُوا بِمُوسَىٰ وَمَنْ مَعَهُ ۗ أَلَا إِنَّمَا طَائِرُهُمْ عِنْدَ اللَّهِ وَلَٰكِنَّ أَكْثَرَهُمْ لَا يَعْلَمُونَ
এতেকে যেতিয়া সিহঁতৰ ওচৰত কোনো কল্যাণ আহিছিল, তেতিয়া সিহঁতে কৈছিল, ‘এইটো আমাৰ প্ৰাপ্য’। আৰু যেতিয়া কোনো অকল্যাণে স্পৰ্শ কৰিছিল তেতিয়া সিহঁতে মুছা আৰু তেওঁৰ সঙ্গীসকলক অমঙ্গল বুলি গণ্য কৰিছিল। সাৱধান! সিহঁতৰ অকল্যাণ কেৱল আল্লাহৰ নিয়ন্ত্ৰণত, কিন্তু সিহঁতৰ বহুতেই সেয়া নাজানে।
তাফছীৰ
যেতয়িা ফিৰআউন সম্প্ৰদায়ে ফলমূল আৰু খাদ্যদ্ৰৱ্য প্ৰচুৰ পৰিমাণে পায় আৰু বস্তুৰ দাম কমি যায়, তেতিয়া সিহঁতে কয় যে, আমাক এইবোৰ এই কাৰণে দিয়া হৈছে যে, আমি ইয়াৰ যোগ্য। আনহাতে খৰাং, দুৰ্ভিক্ষ, অধিক বেমাৰ-আজাৰ আদি বিপদ-আপদ আহিলে মূছা আলাইহিছ ছালামক আৰু তেওঁৰ লগত থকা বনী ইছৰাঈলক অমঙ্গল বুলি কয়। প্ৰকৃততে সিহঁতে যি লাভ কৰে সেয়া আল্লাহৰ নিৰ্ণয়ৰ ফলতে লাভ কৰে। এই ক্ষেত্ৰত সিহঁতৰো কোনো ক্ষমতা নাই আৰু মূছা আলাইহিছ ছালামৰো কোনো অধিকাৰ নাই, কেৱল মূছা আলাইহিছ ছালামৰ দুআৰ বাহিৰে। কিন্তু সিহঁতৰ মাজৰ অধিকাংশই এই কথা নাজানে, সেই কাৰণেই সিহঁতে ইয়াক আল্লাহৰ বাহিৰে আনৰ লগত সম্পৃক্ত কৰে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক