ছূৰা 7 · জুজ 8
Al-A'raf · 7:87
وَإِنْ كَانَ طَائِفَةٌ مِنْكُمْ آمَنُوا بِالَّذِي أُرْسِلْتُ بِهِ وَطَائِفَةٌ لَمْ يُؤْمِنُوا فَاصْبِرُوا حَتَّىٰ يَحْكُمَ اللَّهُ بَيْنَنَا ۚ وَهُوَ خَيْرُ الْحَاكِمِينَ
মই যি লৈ প্ৰেৰিত হৈছো তাত যদি তোমালোকৰ কোনো দলে ঈমান আনে আৰু কোনো দলে ঈমান পোষণ নকৰে, তেন্তে আল্লাহে আমাৰ মাজত ফয়চালা নকৰালৈকে ধৈৰ্য ধৰা, আৰু তেৱেঁই শ্ৰেষ্ঠ ফয়চালাকাৰী।
তাফছীৰ
এতেকে তোমালোকৰ এটা দলে মই মোৰ প্ৰতিপালকৰ পৰা লৈ অহা চৰীয়তৰ প্ৰতি ঈমান পোষণ কৰিছে, আৰু আনটো দলে ঈমান পোষণ কৰা নাই। এতেকে হে অস্বীকাৰকাৰী সকল! আল্লাহৰ ফয়চালাৰ অপেক্ষা কৰা। তেওঁ সৰ্বশ্ৰেষ্ঠ ফয়চালাকাৰী আৰু ন্যায়পৰায়ণ সিদ্ধান্ত গ্ৰহণকাৰী।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক