ছূৰা 7 · জুজ 9
Al-A'raf · 7:200
وَإِمَّا يَنْزَغَنَّكَ مِنَ الشَّيْطَانِ نَزْغٌ فَاسْتَعِذْ بِاللَّهِ ۚ إِنَّهُ سَمِيعٌ عَلِيمٌ
আৰু যদি চয়তানৰ কুমন্ত্ৰণাই তোমাক প্ৰৰোচিত কৰে, তেন্তে আল্লাহৰ আশ্ৰয় বিচাৰিবা। নিশ্চয় তেওঁ সৰ্বশ্ৰোতা, সৰ্বজ্ঞ।
তাফছীৰ
হে ৰাছুল! যেতিয়া আপুনি অনুভৱ কৰে যে, চয়তানে আপোনাক কুমন্ত্ৰণা দি আছে অথবা সৎকৰ্মত বাধা প্ৰদান কৰাৰ প্ৰয়াস কৰি আছে, তেতিয়া আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰক আৰু ইয়াক মজবুতভাৱে ধাৰণ কৰক। নিশ্চয় তেওঁ আপোনাৰ কথা শ্ৰৱণকাৰী আৰু আপোনাৰ আশ্ৰয় প্ৰাৰ্থনা সম্পৰ্কে অৱগত। এতেকে তেওঁ আপোনাক চয়তানৰ পৰা ৰক্ষা কৰিব।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক