ছূৰা 7 · জুজ 9

Al-A'raf · 7:179

وَلَقَدْ ذَرَأْنَا لِجَهَنَّمَ كَثِيرًا مِنَ الْجِنِّ وَالْإِنْسِ ۖ لَهُمْ قُلُوبٌ لَا يَفْقَهُونَ بِهَا وَلَهُمْ أَعْيُنٌ لَا يُبْصِرُونَ بِهَا وَلَهُمْ آذَانٌ لَا يَسْمَعُونَ بِهَا ۚ أُولَٰئِكَ كَالْأَنْعَامِ بَلْ هُمْ أَضَلُّ ۚ أُولَٰئِكَ هُمُ الْغَافِلُونَ

নিশ্চয় আমি বহুতো জ্বিন আৰু মানৱক জাহান্নামৰ বাবে সৃষ্টি কৰিছো, সিহঁতৰ হৃদয় আছে কিন্তু তাৰ দ্বাৰা সিহঁতে উপলব্ধি নকৰে, সিহঁতৰ চকু আছে কিন্তু তাৰ দ্বাৰা সিহঁতে নেদেখে আৰু সিহঁতৰ কাণ আছে কিন্তু তাৰ দ্বাৰা সিহঁতে নুশুনে, সিহঁত চতুষ্পদ জন্তুৰ দৰে, বৰং তাতোকৈ অধিক বিভ্ৰান্ত। সিহঁতেই হৈছে উদাসীন।

তাফছীৰ

আমি বহুতো জিন আৰু মানুহক জাহান্নামৰ বাবে সৃষ্টি কৰিছো, কিয়নো আমি জানো সিহঁতে জাহান্নামত যোৱা কামকে কৰিব। সিহঁতৰ অন্তৰ আছে কিন্তু সেইটোৱে সিহঁতৰ ক্ষতি বা লাভ অনুধাৱন কৰিব নোৱাৰে। সিহঁতৰ চকু আছে কিন্তু সেই চকুৰে নিজৰ মাজত থকা আৰু সংসাৰত প্ৰসাৰিত আল্লাহৰ নিদৰ্শনসমূহ দেখিবলৈ সক্ষম নহয়, যিবোৰৰ পৰা শিক্ষা অৰ্জন কৰিব পাৰিলেহেঁতেন। সিহঁতৰ ওচৰত কাণ আছে কিন্তু সেই কাণেৰে আল্লাহৰ আয়াতসমূহ চিন্তা-চৰ্চা কৰিবলৈ সক্ষম নহয়। এইবোৰ বৈশিষ্ট্যৰ অধিকাৰী ব্যক্তিসকলেই পশুতকৈ অধম তথা বুদ্ধিহীন। বৰং সিহঁত পশুতকৈ অধিক পথভ্ৰষ্ট। এইসকল লোকেই আল্লাহৰ আৰু আখিৰাতৰ প্ৰতি ঈমান পোষণ কৰাৰ ক্ষেত্ৰত অমনোযোগী হৈ আছে।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক