ছূৰা 7 · জুজ 9
Al-A'raf · 7:103
ثُمَّ بَعَثْنَا مِنْ بَعْدِهِمْ مُوسَىٰ بِآيَاتِنَا إِلَىٰ فِرْعَوْنَ وَمَلَئِهِ فَظَلَمُوا بِهَا ۖ فَانْظُرْ كَيْفَ كَانَ عَاقِبَةُ الْمُفْسِدِينَ
সিহঁতৰ পিছত আমি মুছাক আমাৰ নিদৰ্শনসহ ফিৰআউন আৰু তাৰ পৰিষদবৰ্গৰ ওচৰলৈ প্ৰেৰণ কৰিছিলো; কিন্তু সিহঁতে সেইবোৰৰ লগত অত্যাচাৰ কৰিছে। এতেকে বিপৰ্যয় সৃষ্টিকাৰীসকলৰ কি পৰিণাম হৈছিল সেয়া লক্ষ্য কৰি চোৱা।
তাফছীৰ
আমি সেইসকল ৰাছুলৰ পিছত মূছা আলাইহিছ ছালামক আমাৰ স্পষ্ট দলীল-প্ৰমাণ সহকাৰে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ ওচৰত প্ৰেৰণ কৰিছো, যিবোৰ প্ৰমাণে তেওঁক সত্য নবী হিচাপে প্ৰমাণিত কৰে। কিন্তু সিহঁতে সেইবোৰ নিদৰ্শনক অস্বীকাৰ কৰিলে আৰু কুফুৰী কৰিলে। এতেকে হে ৰাছুল! ভাৱি চাওকচোন! ফলত ফিৰআউন আৰু তাৰ সম্প্ৰদায়ৰ কেনেকুৱা পৰিণতি হৈছিল? আল্লাহে সিহঁতক পানীত ডুবাই মাৰিছিল, লগতে পৃথিৱী আৰু আখিৰাতত অভিশপ্ত কৰিছে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক