ছূৰা 7 · জুজ 9
Al-A'raf · 7:176
وَلَوْ شِئْنَا لَرَفَعْنَاهُ بِهَا وَلَٰكِنَّهُ أَخْلَدَ إِلَى الْأَرْضِ وَاتَّبَعَ هَوَاهُ ۚ فَمَثَلُهُ كَمَثَلِ الْكَلْبِ إِنْ تَحْمِلْ عَلَيْهِ يَلْهَثْ أَوْ تَتْرُكْهُ يَلْهَثْ ۚ ذَٰلِكَ مَثَلُ الْقَوْمِ الَّذِينَ كَذَّبُوا بِآيَاتِنَا ۚ فَاقْصُصِ الْقَصَصَ لَعَلَّهُمْ يَتَفَكَّرُونَ
আৰু আমি ইচ্ছা কৰিলে ইয়াৰ দ্বাৰা তাক উচ্চ মৰ্যাদা দান কৰিলোহেঁতেন, কিন্তু সি দুনিয়াৰ প্ৰতিহে আকৃষ্ট হৈছে আৰু নিজ প্ৰবৃত্তিৰ অনুসৰণ কৰিছে। এতেকে তাৰ উপমা হৈছে কুকুৰৰ দৰে, তাৰ ওপৰত বোজা জাপি দিলে সি জিভা উলিয়াই হেঁপাই থাকে আৰু বোজা নিদিলেও সি জিভা উলিয়াই হেঁপাই থাকে। যি সম্প্ৰদায়ে আমাৰ আয়াতসমূহ অস্বীকাৰ কৰিছে সিহঁতৰ অৱস্থাও এইটোৱেই। এতেকে তুমি বৃত্তান্ত বৰ্ণনা কৰা যাতে সিহঁতে চিন্তা কৰে।
তাফছীৰ
আমি যদি সেইবোৰ আয়াতৰ দ্বাৰা তাক উপকৃত কৰিব বিচাৰিলোহেঁতেন, তেন্তে সেইবোৰৰ দ্বাৰা তাক উচ্চ মৰ্যাদা প্ৰদান কৰিলোহেঁতেন। তাক সেইবোৰৰ প্ৰতি আমল কৰিবলৈ তাওফীক দান কৰিলোহেঁতেন আৰু আৰু সি পৃথিৱী আৰু আখিৰাতত উচ্চ মৰ্যাদা লাভ কৰিলেহেঁতেন। কিন্তু সি ক্ষতিগ্ৰস্ততাৰ পথ বাচি ললে, আৰু পৃথিৱীত মায়াত আৱদ্ধ হ'ল, পৃথিৱীক আখিৰাতৰ ওপৰত প্ৰাধান্য দিলে, লগতে নিজৰ অসত্য কামনাৰ অনুসৰণ কৰিবলৈ ধৰিলে। পাৰ্থিৱ জীৱনৰ প্ৰতি তাৰ যি লোভ তাৰ উদাহৰণ হৈছে কুকুৰৰ দৰে, যিটো সদায় হেঁপাই ফোঁপাই থাকে। স্থিৰ অৱস্থাতো হেঁপাই থাকে, খেদি পঠিয়ালেও হেঁপাই থাকে। এই উদাহৰণ সেইসকল লোকৰ বাবে যিসকলে আমাৰ আয়াতক অস্বীকাৰ কৰিছে। এতেকে হে ৰাছুল! আপুনি সিহঁতক বৃত্তান্ত বৰ্ণনা কৰি থাকক, যাতে সিহঁতে চিন্তা-চৰ্চা কৰে আৰু অস্বীকাৰ তথা পথভ্ৰষ্টতাৰ পৰা আঁতৰি আহে।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক