ছূৰা 7 · জুজ 9

Al-A'raf · 7:143

وَلَمَّا جَاءَ مُوسَىٰ لِمِيقَاتِنَا وَكَلَّمَهُ رَبُّهُ قَالَ رَبِّ أَرِنِي أَنْظُرْ إِلَيْكَ ۚ قَالَ لَنْ تَرَانِي وَلَٰكِنِ انْظُرْ إِلَى الْجَبَلِ فَإِنِ اسْتَقَرَّ مَكَانَهُ فَسَوْفَ تَرَانِي ۚ فَلَمَّا تَجَلَّىٰ رَبُّهُ لِلْجَبَلِ جَعَلَهُ دَكًّا وَخَرَّ مُوسَىٰ صَعِقًا ۚ فَلَمَّا أَفَاقَ قَالَ سُبْحَانَكَ تُبْتُ إِلَيْكَ وَأَنَا أَوَّلُ الْمُؤْمِنِينَ

আৰু মুছাই যেতিয়া আমাৰ নিৰ্ধাৰিত সময়ত উপস্থিত হ’ল আৰু তেওঁৰ প্ৰতিপালকে তেওঁৰ লগত কথা পাতিলে, তেতিয়া তেওঁ ক’লে, ‘হে মোৰ ৰব! তুমি মোক দৰ্শন দিয়া, মই তোমাক দেখিম’। তেওঁ ক’লে, ‘তুমি মোক দেখিব নোৱাৰিবা। তুমি বৰং পাহাৰৰ ফালেই চোৱাচোন, সেইটো যদি নিজৰ ঠাইতে স্থিৰ থাকে তেনেহ’লে তুমি মোক দেখিব পাৰিবা’। যেতিয়া তেওঁৰ প্ৰতিপালকে পাহাৰত জ্যোতি প্ৰকাশ কৰিলে তেতিয়া ই পাহাৰক চূৰ্ণ-বিচূৰ্ণ কৰিলে আৰু মুছা সংজ্ঞাহীন হৈ পৰিলে। যেতিয়া তেওঁ জ্ঞান উভতি পালে তেতিয়া ক’লে, ‘মহিমাময় তুমি, মই অনুতপ্ত হৈ তোমাৰ ওচৰত তাওবা কৰিছো আৰু মুমিনসকলৰ মাজত ময়েই প্ৰথম’।

তাফছীৰ

মূছা আলাইহিছ ছালাম যেতিয়া নিৰ্ধাৰিত চল্লিশ ৰাতি সময়ছোৱাত নিজ প্ৰতিপালকৰ লগত কথা কোৱাৰ সৌভাগ্য লাভ কৰিবলৈ আহিলে, আৰু আল্লাহে তেওঁৰ লগত আদেশ-নিষেধ সম্পৰ্কীয় যি ক'ব লগা আছিল সেয়া কলে, তেতিয়া মূছা আলাইহিছ ছালামৰ অন্তৰত তেওঁৰ প্ৰতিপালকক দেখিবলৈ ইচ্ছা জাগিল। আৰু তেওঁক দৰ্শন কৰাৰ ইচ্ছা প্ৰকাশ কৰিলে। তাৰ পিছত আল্লাহে উত্তৰ দিলেঃ তুমি পাৰ্থিৱ জীৱনত মোক দেখিব নোৱাৰিবা। কাৰণ তোমাৰ ওচৰত সেই সক্ষমতা নাই। বৰং তুমি সৌ পৰ্বতটোৰ পিনে চোৱা, মই তাত জ্যোতি প্ৰকাশ কৰিম, যদি সেইটোৰ ওপৰত কোনো প্ৰভাৱ নপৰে আৰু নিজ স্থানতে স্থিৰ থাকে তেন্তে তুমি মোক দেখিবলৈ পাবা। আনহাতে সেইটো যদি সমতল ভুমিত পৰিণত হয় তেন্তে তুমি মোক এই পৃথিৱীত দেখিবলৈ নাপাবা। এতেকে আল্লাহে যেতিয়া পৰ্বতত জ্যোতি প্ৰকাশ কৰিলে, পৰ্বত সমতল ভূমিত পৰিণত হ'ল। আৰু মূছা আলাইহিছ ছালাম সংজ্ঞাহীন হৈ পৰিল। যেতিয়া তেওঁ জ্ঞান উভতি পালে, তেতিয়া ক'লেঃ হে মোৰ প্ৰতিপালক! মই তোমাক সেই সকলো বস্তুৰ পৰা পৱিত্ৰ বুলি ভাৱো, যিবোৰ তোমাৰ উপযুক্ত নহয়। মই পাৰ্থিৱ জীৱনত তোমাক দেখিবলৈ বিচাৰি যি অপৰাধ কৰিছো তাৰ পৰা মই এতিয়াই তাওবা কৰিছো। আৰু মোৰ সম্প্ৰদায়ৰ মুমিনসকলৰ মাজত ময়ে প্ৰথম।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক