ছূৰা 7 · জুজ 9
Al-A'raf · 7:105
حَقِيقٌ عَلَىٰ أَنْ لَا أَقُولَ عَلَى اللَّهِ إِلَّا الْحَقَّ ۚ قَدْ جِئْتُكُمْ بِبَيِّنَةٍ مِنْ رَبِّكُمْ فَأَرْسِلْ مَعِيَ بَنِي إِسْرَائِيلَ
‘এইটো স্থিৰ নিশ্চিত যে, মই আল্লাহ সম্বন্ধে সত্যৰ বাহিৰে একো নকওঁ। তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা স্পষ্ট নিদৰ্শন লৈ মই তোমালোকৰ ওচৰত আহিছো, সেয়ে বনী ইছৰাঈলক তুমি মোৰ লগত যাবলৈ দিয়া’।
তাফছীৰ
মূছাই ক'লেঃ মই যিহেতু আল্লাহৰ ৰাছুল, সেয়ে তেওঁৰ বিষয়ে সত্যৰ বাহিৰে আন একো কোৱা মোৰ বাবে উচিত নহয়। নিশ্চয় মই তোমালোকৰ ওচৰত এনেকুৱা স্পষ্ট প্ৰমাণ লৈ আহিছো, যিবোৰে প্ৰমাণ কৰে যে, মই মোৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমালোকৰ প্ৰতি সত্য ৰাছুল। এতেকে বনী ইছৰাঈলক তোমাৰ কাৰাগাৰৰ পৰা তথা অধীনৰ পৰা স্বাধীন কৰি দিয়া আৰু মোৰ লগত যাবলৈ দিয়া।
পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক