ছূৰা 7 · জুজ 8

Al-A'raf · 7:82

وَمَا كَانَ جَوَابَ قَوْمِهِ إِلَّا أَنْ قَالُوا أَخْرِجُوهُمْ مِنْ قَرْيَتِكُمْ ۖ إِنَّهُمْ أُنَاسٌ يَتَطَهَّرُونَ

উত্তৰত তেওঁৰ সম্প্ৰদায়ে কেৱল এই বুলি ক’লে, ‘এওঁলোকক তোমালোকৰ জনপদৰ পৰা উলিয়াই দিয়া, নিশ্চয় ইহঁত এনেকুৱা লোক যিসকলে অতি পৱিত্ৰ হ’ব বিচাৰে’।

তাফছীৰ

যেতিয়া লূত আলাইহিছ ছালামে এই অশ্লীল কৰ্মত লিপ্ত লোক সকলক বুজাই কলে, তেতিয়া সিহঁতে সত্যৰ পৰা বিমুখ হৈ উত্তৰ দিলে যে, লূত আৰু তেওঁৰ পৰিয়ালক এই গাওঁৰ পৰা বহিষ্কাৰ কৰা। কিয়নো তেওঁলোকে আমাৰ এই কৰ্মক ঘৃণা কৰে। সেয়ে তেওঁলোক আমাৰ মাজত থকা উচিত নহয়।

পাঠকত খোলক - সম্পূৰ্ণ ছূৰা পঢ়ক

আপোনাৰ ভাষাত তাফছীৰ

আৰবী তাফছীৰ

অনুবাদ

শুনক